অসমৰ গাঁও
৭৮ প্ৰবন্ধ
-
শুৱালকুছি
শুৱালকুছি (Sualkuchi) অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত এখন লোকপিয়ল নগৰ। ই গুৱাহাটীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত। শুৱালকুছিত অসংখ্য হাতেবোৱা কাপোৰৰ উদ্যোগ থকা বাবে ইয়াক "অসমৰ মানচেষ্টাৰ" (Manchester of Assam) বুলি কোৱা হয়।
-
আশাৰীকান্দি
আশাৰীকান্দি (Asharikandi) অসমৰ ধুবুৰী জিলাৰ দেৱীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন গাঁও। আশাৰীকান্দি পাৰম্পৰিক মৃৎ শিল্পৰ বাবে বিখ্যাত। গৌৰীপুৰৰ ঐতিহাসিক তথা বিশ্ব বিখ্যাত আশাৰীকান্দি টেৰাকটা শিল্প গাঁৱৰ মুঠ ১৬০টা পৰিয়ালৰ প্ৰজন্মৰ পাছত প্ৰজন্মই পোৰা মাটিৰ পাত্ৰ আৰু টেৰাকোটা মৃৎ শিল্পৰ লগত জড়িত হৈ…
-
দ-পৰ্বতীয়া
তেজপুৰ চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমৰ দ-পৰ্বতীয়া নামৰ গাঁৱত থকা এখন প্ৰাচীন শিলৰ তোৰণ বা শৈল দ্বাৰ দ-পৰ্বতীয়া শিলৰ তোৰণ নামে প্ৰখ্যাত। পৰ্যটকৰ বাবে এই তোৰণ বিশেষভাৱে আকৰ্ষণীয়। দ-পৰ্বতীয়াৰ ওচৰৰ ‘শিলিখা দলনি’ বোলা এক বিস্তীৰ্ণ পথাৰতে হৰি-হৰ যুদ্ধ হৈছিল বুলিও ঠাৱৰ কৰা হয়।
-
চামগুৰি
চামগুৰি অসমৰ নগাঁও জিলাৰ বাজিয়াগাঁও তহচিলত অৱস্থিত এখন গাঁও। নগাঁও জিলা সদৰৰ পৰা প্ৰায় ১৯ কিলোমিটাৰ পূবে আৰু ৰাজ্যৰ ৰাজধানী দিছপুৰৰ পৰা ১৩৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত। কলং নদী আৰু দিজু নদী ইয়াৰ কাষেৰে বৈ গৈছে।
-
জাঁজী
জাঁজী (Jhanji) শিৱসাগৰ জিলাৰ জাঁজী নদীৰ পাৰত অৱস্থিত এখন গাঁও আৰু এটা সৰু অৰ্ধ-নগৰীয় অঞ্চল। জাঁজী নদীয়ে শিৱসাগৰ আৰু যোৰহাট জিলাক বিভক্ত কৰিছে।
-
টিপাম
টিপাম বা তিপাম অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া মহকুমাৰ টিপাম ফাকিয়াল গাঁও পঞ্চায়তৰ এখন ঐতিহাসিক গাঁও। ডিন বুৰঞ্জীৰ মতে টিপামক অসম ৰাজ্য বা মুং দুন চুন খামৰৰ দ্বিতীয় ৰাজধানী। ঐতিহাসিকভাৱে টিপামৰ নাম ১২২৮ খ্ৰীষ্টাব্দৰ পৰাই লিপিবদ্ধ হৈ আছে।
-
মাখিবাহা
মাখিবাহা (Makhibaha) অসমৰ নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰ আৰু টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন গাঁও। গাঁওখনত চুবুৰীৰ সংখ্যা ২১ টা। গাওঁখনৰ জনসংখ্যা প্ৰায় ১৫,০০০। শিক্ষিতৰ হাৰ ৯০ শতাংশ। মাটিকালি প্ৰায় ২,২৪৩ বিঘা ১ কঠা ১৬ ১/২ লেচা। অতীতত এই অঞ্চলত অসংখ্য মৌ-মাখিৰ বাঁহ আছিল বাবে ঠাইখনৰ নাম মাখিবাহা হৈছিল।
-
শিমলুগুৰি, লখিমপুৰ
শিমলুগুৰি হৈছে ভাৰতৰ অসম ৰাজ্যৰ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমাৰ অন্তৰ্গত নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ এখন গাঁও তথা গাঁও পঞ্চায়ত অঞ্চল। বৃহত্তৰ ৰাজগড় অঞ্চলৰ ই কেন্দ্ৰস্থল।
-
চিচিবৰগাঁও
চিচিবৰগাঁও অসমৰ ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁও। গাঁওখনৰ উত্তৰ দিশে গাইনদী,পূৱে চিলাপথাৰ চহৰ আৰু পশ্চিমে গাইনদী বৈ গৈছে। চিচিবৰগাঁও এখন উন্নত আৰু জনবসতিপূৰ্ণ গাঁও। শেহতীয়াকৈ চিচিবৰগাঁৱে এটা বিধান সভা সমষ্টি হিচাপে চিহ্নিত হয়।
-
পাথৰিঘাট
পাথৰিঘাট (পূৰ্বতে পথৰুঘাট), অসমৰ দৰং জিলাৰ অন্তৰ্গত এখন ৰাজহ চক্ৰ। এই ঠাই মঙ্গলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত। ১৮৯৪ চনত হোৱা ওতিহাসিক কৃষক বিদ্ৰোহ "পথৰুঘাটৰ ৰণ"ৰ বাবে এই ঠাই বিখ্যাত।
-
ফকিৰগঞ্জ
ফকিৰগঞ্জ ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ এখন গাঁও। ই জিলা সদৰ ধুবুৰীৰ পৰা পূৱফালে ১৩ কিলোমিটাৰ দূৰত অৱস্থিত। দক্ষিণ শালমাৰাৰ পৰা ১১ কিলোমিটাৰ উত্তৰত। ৰাজ্যিক ৰাজধানী দিছপুৰৰ পৰা ১৯৬ কিলোমিটাৰ দূৰৈত অৱস্থিত।
-
বৰকলীয়া নস্কৰা
বৰকলীয়া নস্কৰা (Borokalia Nashkara) গাওঁখন ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা মহুকুমাৰ অন্তৰ্গত এখন ৰাজহ গাঁও। এই গাঁওখনৰ লগত আৰু বহু কেইখন সৰু-সুৰা গাঁও জড়িত হৈ আছে। ই প্ৰায় ১০খন সৰু গাঁৱৰে গঠিত এখন ৰাজহ গাওঁ। ই নস্কৰা গাঁও পঞ্চায়তক সামৰি লয়।
-
বৰগাং
বৰগাং অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন গাঁও। ২০০৬ চনত ই চহৰাঞ্চলৰ মৰ্যাদা লাভ কৰে। উইলিয়ামচন মেগৰৰ চাহ খেতিয়ে ঠাইখন আগুৰি আছে। বৰগাং নদী এই গাঁওখনৰ মাজেৰে বৈ গৈছে। বৰগাঙৰ কেথলিক গীৰ্জা আৰু চিকিৎসালয় ১৯৭৮ চনত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াক খ্ৰীষ্টান মিছনাৰীসকলে পৰিচালনা কৰে।
-
মাদুৰি
মাদুৰি হৈছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত জোকতলি মৌজাৰ এখন বৃহৎ গাঁও। এই গাঁওখন নাজিৰা নগৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দূৰত্ব অৱস্থিত।
-
মায়ং
মায়ং (Mayong), অসমৰ মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এটা অঞ্চল৷ এই অঞ্চলক যাদু-মন্ত্ৰৰ স্থান (Land of Black Magic) বুলিও অভিহিত কৰা হয়৷ মায়ং গুৱাহাটীৰ পৰা প্ৰায় ৪০ কি:মি: দূৰত্বত অৱস্থিত৷ এই অঞ্চলটো দেশৰ ভিতৰতে যাদু-মন্ত্ৰৰ কিংবদন্তীপূৰ্ণ ইতিহাসৰ বাবে প্ৰসিদ্ধ৷ মধ্যযুগৰ সময়ছোৱাত এই…
-
কুঁৱৰীটোল
কুঁৱৰীটোল (Kuwaritol) হʼল অসমৰ নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এখন গাঁও আৰু স্থানীয় প্ৰশাসনিক কেন্দ্ৰ। ই কলং নদীৰ পাৰত অৱস্থিত।
-
কৈহাটী
কৈহাটী (Koihati) ভাৰতৰ অসম ৰাজ্যৰ নলবাৰী জিলাৰ অন্তৰ্গত এখন সৰু গাঁও। গাঁওখনৰ এটা অংশক সৰু কৈহাটী (স্থানীয় ভাষাত 'সৰ কৈহাটী') আৰু আনটো অংশক বৰ কৈহাটী বোলা হয়।
-
বৈঠালাংছ'
বৈঠালাংছ অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকা ৰাজহ চক্ৰৰ অন্তৰ্গত এখন গাঁও আৰু অঞ্চলটোৰ এটা গুৰুত্বপূৰ্ণ জনবসতি কেন্দ্ৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি বৈঠালাংছ'ৰ মুঠ জনসংখ্যা ১,৯৮৭ জন আৰু মুঠ পৰিয়ালৰ সংখ্যা ৪০৬টা। গাঁওখনৰ ভৌগোলিক এলেকা প্ৰায় ১৯৮ হেক্টৰ।
-
ভূৰাগাঁও
ভূৰাগাঁও (Bhuragaon) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন চহৰৰ নাম। এই চহৰখন মৰিগাঁও জিলাত অৱস্থিত। ই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি, এই চহৰখন ১,০৬,১৪০জন লোকৰ বসতিস্থল।
-
লেঙেৰা চাপৰি
উজনি অসমৰ গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত এখন ৰাজহ গাঁও লেঙেৰা চাপৰি। ই এখন মজলীয়া আকৃতিৰ গাঁও। গাঁওখনৰ দক্ষিণে দিচৈ আৰু উত্তৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। গাঁওখনৰ পূবা-পশ্চিমাকৈ নেঘেৰিটিং-বংকুৱাল মথাউৰি পাৰ হৈ গৈছে। ই এটা বান পীড়িত এলেকাত অৱস্থিত এখন গাঁও।
-
আল্টা
আল্টা (Alta) অসমৰ কামৰূপ জিলাৰ কমলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত এটা সৰু উন্নয়নশীল অঞ্চল। ই গুৱাহাটীৰ পৰা প্ৰায় ৪৭ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত।
-
কৈলা মৈলা গাওঁ
কৈলা মৈলা অসমৰ চিৰাং জিলাৰ এখন ৰাজহ গাঁও। এইখন জিলা সদৰ কাজলগাঁৱৰপৰা প্ৰায় ৩১ কিলোমিটাৰ আৰু ৰাজ্যৰ ৰাজধানী দিছপুৰৰপৰা প্ৰায় ২০২ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
-
গন্ধিয়া
গন্ধিয়া (Gandhia) হ'ল অসমৰ নলবাৰী জিলাৰ অন্তৰ্গত এখন গাঁও৷ এই গাঁৱখন নলবাৰী চহৰৰ পৰা ১২ কিলোমিটাৰ উত্তৰ পশ্চিম দিশত অৱস্থিত৷ গাঁৱখন টিহু বিধানসভা সমষ্টিৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত৷ গন্ধিয়াক অসমৰ জ্যোতিষ চৰ্চাৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়৷
-
চাৰহ মিচিং
চাৰহ মিচিং (ইংৰাজী: Charoh Mising) অসমৰ গোলাঘাট জিলাৰ দেৰগাঁওৰ অন্তৰ্গত এখন উল্লেখযোগ্য মিচিং গাঁও। ই ১০৪ নং দেৰগাঁও বিধানসভা সমষ্টি আৰু ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
-
জাতিংগা
জাতিংগা (Jatinga) হৈছে অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্গত এখন গাঁও। গুৱাহাটীৰ পশ্চিমে প্ৰায় ৩৩০ কিঃমিঃ দূৰত জাতিংগা অৱস্থিত। এই ঠাই টুকুৰা পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰ ৰূপে জনাজাত। প্ৰকৃততে ইয়াত পক্ষীসমূহে আত্মহত্যা নকৰে। পক্ষীসমূহক স্থানীয় লোকসকলেহে হত্যা কৰে।
-
দানি চাপৰি
দানি চাপৰি (ইংৰাজী: Dani Chapori) গোলাঘাট জিলাৰ দেৰগাঁওৰ অন্তৰ্গত এখন গাঁও।
-
নেলী
নেলী হৈছে অসমৰ মৰিগাঁও জিলাৰ অন্তৰ্গত এখন গাঁও। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত এই চহৰখন চহকী সাংস্কৃতিক ঐতিহ্য, প্ৰাকৃতিক সৌন্দৰ্য্য, আৰু ঐতিহাসিক তাৎপৰ্যৰ বাবে জনাজাত।
-
মূলাগাঁও
মূলাগাঁও (ইংৰাজী: Mulagaon) হৈছে ভাৰতৰ অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত এখন গাঁও, যি বঙাইগাঁও উপ-জিলা/চাৰ্কলৰ অন্তৰ্গত। গাঁওখনৰ ডাক সূচাংক (PIN ক’ড) হ'ল ৭৮৩৩৮০ আৰু ইয়াৰ গ্ৰাম কোড ৩০১২৭৩।
-
লক্ষীগঞ্জ
লক্ষ্মীগঞ্জ এখন গাঁও, এখন সৰু বজাৰ (বজাৰ), এটা ডাকঘৰ আৰু এখন গাঁও পঞ্চায়ত, অসমৰ ধুবুৰী জিলাত, বিলাসীপাৰাৰ পৰা প্ৰায় ৮ কিলোমিটাৰ উত্তৰে, (মহকুমা সদৰ)। ই বিলাসীপাৰা-কোকৰাঝাৰ ৰাজ্যিক ঘাইপথত কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ আৰু ফকিৰাগ্ৰাম ৰেলৱে ষ্টেচনৰ পৰা ৯ কিলোমিটাৰ দূৰত অৱস্থিত।
-
সাপেখাতী
সাপেখাতী,, ভাৰতৰ অসম ৰাজ্যৰ চৰাইদেউ জিলাৰ অন্তৰ্গত এখন গাঁও। ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি গাঁওখনৰ মুঠ জনসংখ্যা আছিল ১,২১২ জন। সাপেখাতী দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সংঘটিত হোৱা এটা বিমান দুৰ্ঘটনাৰ বাবেও ঐতিহাসিকভাৱে উল্লেখযোগ্য।