ভাৰতৰ ৰাজ্য
৩৫ প্ৰবন্ধ
-
অসম
অসম উত্তৰ-পূব ভাৰতৰ এক গুৰুত্বপূৰ্ণ ৰাজ্য, যাৰ ভৌগোলিক-সাংস্কৃতিক পৰিচয় গঢ় লৈছে মূলতঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কেন্দ্ৰ কৰি। ইতিহাসত কামৰূপ–প্ৰাগজ্যোতিষপুৰ পৰম্পৰা আৰু পিছত টাই-আহোম জনগোষ্ঠীৰ উত্থানৰ যোগেদি এই ভূখণ্ডে পৃথক ৰাজনৈতিক-সাংস্কৃতিক ধাৰা লাভ কৰে।
-
পশ্চিমবংগ
পশ্চিমবংগ ভাৰতবৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য। পশ্চিমবংগ মুঠ ঘৰুৱা উৎপাদনত ভাৰতৰ তৃতীয় বৃহত্তম অৱদানকাৰী।
-
কেৰালা
কেৰালা (কেৰল বা কেৰেলা বুলিও কোৱা হয়; Kerala, കേരളം কেৰলম্) ভাৰতৰ দক্ষিণ-পশ্চিমাঞ্চলৰ মালবাৰ উপকূলত অৱস্থিত এখন ৰাজ্য। পূৰ্বৰ ট্ৰাভঙ্কৰ-ক’চিন ৰাজ্য আৰু মাদ্ৰাজ ৰাজ্যৰ মালয়ালমভাষী অঞ্চলসমূহক একত্ৰিত কৰি ৰাজ্য পুনৰ্গঠন আইনৰ অনুসৰি ১৯৫৬ চনৰ ১ নৱেম্বৰত কেৰালা ৰাজ্যৰ গঠন কৰা হয়।
-
উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশ (পূৰ্বৰ নাম, সংযুক্ত প্ৰদেশ) উত্তৰ ভাৰতৰ এখন ৰাজ্য। ২৪ কোটি ১০ লাখতকৈ অধিক বাসিন্দাৰ সৈতে ই ভাৰতৰ আটাইতকৈ জনবসতিপূৰ্ণ ৰাজ্যৰ লগতে বিশ্বৰ আটাইতকৈ জনবহুল দেশ মহকুমা – বহিঃভাৰতৰ আন চাৰিখন দেশৰ বাহিৰে আন সকলো দেশতকৈ ই অধিক জনবহুল, আৰু ইয়াৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ ১৬.৫ শতাংশ।
-
মহাৰাষ্ট্ৰ
মহাৰাষ্ট্ৰ (महाराष्ट्र) ভাৰতৰ পশ্চিম ফালৰ এখন ৰাজ্য। ৰাজ্যৰ ৰাজধানীৰ নাম মুম্বাই। এই ৰাজ্যৰ অন্যান্য জনবহুল চহৰ নাগপুৰ আৰু পুনে। এই ৰাজ্যৰ জনসংখ্যা ১১ কোটিৰো অধিক আৰু সাক্ষৰতাৰ হাৰ ৮২.৯ শতাংশ। চৰকাৰী ভাষা মাৰাঠী।
-
তামিলনাডু
তামিলনাডু (তামিলে: தமிழ்நாடு তাম্যিল্ড়্ নাড়্যি আ-ধ্ব-ব: [t̪ɐmɨɻ n̪aːɽɯ]) ভাৰতীয় প্ৰজাতন্ত্ৰৰ ২৮খন ৰাজ্যৰ অন্যতম। এই ৰাজ্যৰ ৰাজধানী চেন্নাই (পূৰ্বতে মাদ্ৰাজ)। তামিলনাডু ভাৰতীয় উপদ্বীপৰ দক্ষিণত অৱস্থিত। এই ৰাজ্যৰ সীমাত পণ্ডিচেৰী, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ অৱস্থিত।
-
বিহাৰ
বিহাৰ এখন ভাৰতীয় ৰাজ্য, যি পূব ভাৰতত অৱস্থিত। ইয়াৰ ৰাজধানী পাটনা।
-
গুজৰাট
গুজৰাট (ગુજરાત) ভাৰতৰ আটাইতকৈ পশ্চিমত অৱস্থিত ৰাজ্য। গুজৰাটৰ ৰাজধানী গান্ধীনগৰ। গুজৰাটত ৩৩খন জিলা আছে। গুজৰাটৰ গৱৰ্ণৰ ওম প্ৰকাশ কহলী।
-
ওড়িশা
ওড়িশা (ইংৰাজী: /əˈdɪsə/; ওড়িয়া: [oɽiˈsa] m), পূৰ্বতে উৰিষ্যা (২০১১ চনলৈকে চৰকাৰী নাম), পূব ভাৰতত অৱস্থিত এখন ৰাজ্য। আয়তনৰ হিচাপত ই অষ্টম বৃহত্তম ৰাজ্য, আৰু জনসংখ্যাৰ হিচাপত একাদশ বৃহত্তম ৰাজ্য, ইয়াৰ জনসংখ্যা ৪ কোটি ১০ লাখতকৈ অধিক।
-
কৰ্ণাটক
কৰ্ণাটক (কন্নড়: ಕರ್ನಾಟಕ) দক্ষিণ ভাৰতৰ এখন ৰাজ্য। ১৯৫৬ চনৰ ১ নবেম্বৰত ৰাজ্য পুনৰ্গঠন আইনৰ অধীনত এই ৰাজ্য গঠন হয়। ৰাজ্যখনৰ প্ৰাচীন নাম আছিল মহীশূৰ ৰাজ্য। ১৯৭৩ চনত ৰাজ্যখনৰ নাম কৰ্ণাটকলৈ সলনি হয়।
-
ৰাজস্থান
ৰাজস্থান (Rajasthan) ভাৰতৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন ৰাজ্য। ই মাটিকালিৰ ফালৰপৰা ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য। 'ৰাজস্থান'ৰ অৰ্থ 'ৰজা থকা ঠাই'। ৩৩°৩ উত্তৰ অক্ষাংশৰপৰা ৩১°১২ উত্তৰ অক্ষাংশৰ আৰু ৬৯°৩০ পূব দ্ৰাঘিমাংশৰপৰা ৭৮°১৭ পূব দ্ৰাঘিমাংশৰ অন্তৰ্গত ৰাজস্থানৰ জলবায়ু যেনেদৰে বিচিত্ৰ তেনেদৰেই অন্যতম এই…
-
অন্ধ্ৰপ্ৰদেশ
অন্ধ্ৰ প্ৰদেশ দক্ষিণ ভাৰতৰ পূব উপকূলৰ এখন ৰাজ্য। ই দেশৰ সপ্তম বৃহত্তম ৰাজ্য আৰু দশম সৰ্বাধিক জনবহুল ৰাজ্য। তেলেগু ৰাজ্যখনৰ সৰ্বাধিক প্ৰচলিত ভাষা, লগতে ইয়াৰ চৰকাৰী ভাষা। অমৰাৱতী ৰাজ্যৰ ৰাজধানী, আনহাতে আটাইতকৈ ডাঙৰ চহৰখন হৈছে বিশাখাপট্টনম।
-
অৰুণাচল প্ৰদেশ
অৰুণাচল প্ৰদেশ (अरुणाचल प्रदेश, ) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। অৰুণাচল প্ৰদেশৰ দক্ষিণে অসম আৰু নাগালেণ্ড, পশ্চিমে ভূটান, পূৱে ম্যানমাৰ আৰু উত্তৰে চীন দেশ, তিনিওপিনৰ পৰা দেশৰ সীমা হোৱা বাবে অৰুণাচলৰ ৰাজনৈতিক গুৰুত্ব অধিক।
-
মধ্য প্ৰদেশ
মধ্য প্ৰদেশ মধ্য ভাৰতৰ এখন ৰাজ্য। এই ৰাজ্যখনক হিন্দুস্তান কা দিল বা ভাৰতৰ হৃদয় বোলা হয়। ২০০০ চনত ৰাজ্যখনৰ পৰা ছত্তীচগড় আঁতৰি যোৱাৰ আগলৈকে আয়তনৰ দিশৰ পৰা মধ্য প্ৰদেশ ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য আছিল। মধ্য প্ৰদেশৰ কাষৰীয়া ৰাজ্য উত্তৰ প্ৰদেশ, গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু ছত্তীচগড় আছে।
-
মেঘালয়
মেঘালয় (Meghalaya, मेघालय) হৈছে উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। সংস্কৃত ভাষাত "মেঘালয়" শব্দৰ অৰ্থ হৈছে মেঘৰ আলয় (Abode of Clouds)। পূবা-পশ্চিমাকৈ ই প্ৰায় ৩০০ কিঃমিঃ আৰু বহলে প্ৰায় ১০০ কিঃমিঃ। ইয়াৰ উত্তৰে অসম আৰু দক্ষিণে বাংলাদেশ অৱস্থিত। মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং।
-
মণিপুৰ
মণিপুৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইম্ফাল। মণিপুৰৰ উত্তৰে নাগালেণ্ড, দক্ষিণে মিজোৰাম, পশ্চিমে অসম ৰাজ্য আৰু পূৱ দিশত ম্যানমাৰ আছে।
-
পঞ্জাব, ভাৰত
পঞ্জাব হৈছে ভাৰতৰ উত্তৰে অৱস্থিত এখন ৰাজ্য। ৰাজ্যখনৰ পূবে হিমাচল প্ৰদেশ, দক্ষিণ আৰু দক্ষিণ পূবত হাৰিয়ানা, দক্ষিণ পশ্চিমত ৰাজস্থান আৰু পশ্চিম দিশত পাকিস্তান আছে। ৰাজ্যখনৰ ৰাজধানী চণ্ডীগড়ত অৱস্থিত। চণ্ডীগড় হৈছে এক কেন্দ্ৰীয় শাসিত অঞ্চল তথা পঞ্জাবৰ চুবুৰীয়া ৰাজ্য হাৰিয়ানাৰো ৰাজধানী।
-
ত্ৰিপুৰা
ত্ৰিপুৰা (Tripura) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ই ভাৰতৰ সাতভনী ৰাজ্যৰ মাজত মাটিকালিৰ ফালৰপৰা তৃতীয়তম সৰু ৰাজ্য। ইয়াৰ মাটিকালি হৈছে ৪০৫১ বৰ্গ কিঃমিঃ। ইয়াক উত্তৰ, দক্ষিণ আৰু পশ্চিম দিশৰপৰা বাংলাদেশে আগুৰি আছে। অসম আৰু মিজোৰাম ইয়াৰ উত্তৰ দিশত অৱস্থিত। ইয়াৰ ৰাজধানী হৈছে আগৰতলা।
-
নাগালেণ্ড
নাগালেণ্ড (Nagaland) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। নাগালেণ্ডৰ পশ্চিমে অসম, উত্তৰলৈ অৰুণাচল প্ৰদেশ আৰু অসমৰ কিছু অংশ, পূৱে ম্যানমাৰ আৰু দক্ষিণলৈ মণিপুৰ। ৰাজ্যৰ ৰাজধানী ক’হিমা, আৰু বৃহত্তম নগৰ ডিমাপুৰ, নাগালেণ্ডৰ মাটিকালি প্ৰায় ১৬,৫৭৯ km2 আৰু ২০১১ চনৰ লোকপিয়ল মতে জনসংখ্যা ১,৯৮০,৬০২ (ঊনৈশ লাখ আশী হাজাৰ…
-
হাৰিয়ানা
হাৰিয়ানা (हरियाणा, ਹਰਿਆਣਾ) ভাৰতৰ এখন ৰাজ্য। এই ৰাজ্যৰ উত্তৰে পঞ্জাব আৰু হিমাচল প্ৰদেশ আৰু পশ্চিমে আৰু দক্ষিণে ৰাজস্থান অৱস্থিত। পূবে যমুনা নদী, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ। দিল্লী উত্তৰ, পশ্চিম আৰু দক্ষিণ – এই তিনি দিশৰ পৰা হাৰিয়ানাক আৱৰি আছে।
-
হিমাচল প্ৰদেশ
হিমাচল প্ৰদেশ (হিন্দী: हिमाचल प्रदेश, পঞ্জাবী: ਹਿਮਾਚਲ ਪ੍ਰਦੇਸ਼) উত্তৰ ভাৰতৰ এখন ক্ষুদ্ৰকায় ৰাজ্য। এই ৰাজ্যখনৰ আয়তন ২১,৪৯৫ বৰ্গমাইল (৫৫,৬৭২ বৰ্গকিলোমিটাৰ)।
-
ঝাৰখণ্ড
ঝাৰখণ্ড (হিন্দী: झारखंड) বা পূৰ্বৰ পূৰ্ৱ ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানীৰ নাম ৰাঁচী। ই বিহাৰৰ দক্ষিণাংশৰ পৰা পৃথক হৈ ২০০০ চনৰ ১৫ নভেম্বৰত গঠিত হৈছিল। এই ৰাজ্য নানা খনিজ সম্পদেৰে পূৰ্ণ।
-
গোৱা
{{Infobox settlement | name = গোৱা | native_name = | type = ৰাজ্য | image_skyline = | image_alt = | image_caption = | image_seal = | seal_alt = | image_map = India Goa locator map.svg | map_alt = | map_caption = ভাৰতত গোৱাৰ অৱস্থান | image_map1 = Administrative map of Goa.png | map_caption1 = গোৱাৰ…
-
উত্তৰাখণ্ড
উত্তৰাখণ্ড (English: Uttarakhand, or; হিন্দী: उत्तराखण्ड), ভাৰতৰ এখন ৰাজ্য, যাৰ নাম ২০০০ চনৰ পৰা ২০০৬ চন পৰ্য্যন্ত উত্তৰাঞ্চল আছিল। এইখন ভাৰতৰ ২৭-তম ৰাজ্য। ইয়াৰ উত্তৰে তিব্বত (চীনৰ অংশ), পূবে নেপাল, পশ্চিমে ভাৰতৰ হিমাচল প্ৰদেশ আৰু দক্ষিণে উত্তৰ প্ৰদেশ অৱস্থিত।
-
জম্মু আৰু কাশ্মীৰ
জম্মু আৰু কাশ্মীৰ (Jammu and Kashmir) ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। হিমালয় পৰ্বমালাত কেন্দ্ৰীয় শাসিত অঞ্চলৰ অধিকাংশ অৱস্থিত, ৰাজ্যখনৰ চাৰিসীমাত ভাৰতৰ আন দুখন ৰাজ্য হিমাচল প্ৰদেশ আৰু পঞ্জাব আছে, লাইন অৱ কণ্ট্ৰলে ৰাজ্যখনক পশ্ছিম দিশত পাকিস্তান অধিকৃত কাশ্মীৰ আৰু উত্তৰ-পশ্ছিম দিশত পাকিস্তানৰ…
-
ছিক্কিম
ছিক্কিম (Sikkim; ) হিমালয় পৰ্বতমালাৰ ওপৰত অৱস্থিত উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ছিক্কিমৰ জনসংখ্যা আৰু মাটিকালি ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত গোৱাৰ পিছতেই আটাইতকৈ কম। ছিক্কিম নামজ্ঞাল ৰাজবংশৰ দ্বাৰা শাসিত এখন স্বাধীন ৰাষ্ট্ৰ আছিল। কিন্তু প্ৰশাসনিক সমস্যাৰ ফলত হোৱা এক জনমতৰ পিছত ই ভাৰতবৰ্ষৰ লগত মিলি যায়।
-
ছত্তীসগঢ়
ছত্তীসগঢ় (छत्तीसगढ़) মধ্য ভাৰতৰ এখন ৰাজ্য। ২০০০ চনৰ ১ নৱেম্বৰত মধ্যপ্ৰদেশৰ দক্ষিণ-পশ্চিমাঞ্চলৰ ষোল্লখন জিলাক লৈ এই ৰাজ্য গঠন কৰা হয়। ৰায়পুৰ এই ৰাজ্যৰ ৰাজধানী। ৫২,১৯৯ বৰ্গমাইল (১৩৫,১৯৪ বৰ্গকিলোমিটাৰ) আয়তনেৰে ছত্তিসগঢ় ভাৰতৰ দশম বৃহত্তম ৰাজ্য।
-
মিজোৰাম
মিজোৰাম (Mizoram) (ইয়াৰ অৰ্থ হৈছে: মি 'মানুহ', জো 'পাহাৰ', ৰাম 'দেশ', পাহাৰীয়া লোকৰ দেশ/ মিজো লোকৰ") হৈছে উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াক চাৰিওদিশৰপৰা ত্ৰিপুৰা, অসম, মণিপুৰ তথা প্ৰতিৱেশী ৰাষ্ট্ৰ বাংলাদেশ আৰু ম্যানমাৰে আগুৰি আছে।
-
তেলংগানা
তেলঙ্গানা (తెలంగాణ,; ) হৈছে ভাৰতৰ ২৯ তম ৰাজ্য। ই ভাৰতৰ দাক্ষিণাত্যত অৱস্থিত। ইয়াৰ সৰহভাগ অংশ নিজামৰ দ্বাৰা শাসিত হায়দৰাবাদ ৰাজ্যৰ (মেডাক আৰু ৱাৰাংগাল মহকুমা) অংশ আছিল। ব্ৰিটিছ শাসন কালত ১৯৪৭ চনলৈ আৰু স্বাধীনতাৰ পিছত ১৯৪৮ চনত ভাৰতৰ লগত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে ই নিজামৰ দ্বাৰা শাসিত আছিল।
-
ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ
ভাৰতত ২৮ খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী দিল্লী। প্ৰতিখন ৰাজ্যৰে নিজা প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰ লগতে প্ৰয়োজনীয় বিৱৰণসমূহ উল্লেখ কৰা হৈছে।