ধুবুৰী জিলা
৩০ প্ৰবন্ধ
-
ধুবুৰী জিলা
ধুবুৰী জিলা অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন সীমান্তৱৰ্তী প্ৰশাসনিক জিলা, যাৰ সদৰ ধুবুৰী নগৰত। ব্ৰহ্মপুত্ৰকেন্দ্ৰিক ভৌগোলিক বৈশিষ্ট্য, বহুস্তৰীয় ইতিহাস আৰু ধৰ্ম-সংস্কৃতিৰ সহাৱস্থানে এই জিলাক বিশেষ গুৰুত্ব দিছে।
-
ধুবুৰী
ধুবুৰী (ইং: Dhubri, Pron: ˈdʊbri) হ'ল ধুবুৰী জিলাৰ সদৰ ঠাই। ই ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ পাৰত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ নগৰ। ১৮৮৩ চনত নগৰ খনক পৌৰসভাৰ অন্তৰ্ভুক্ত কৰা হয়। ৰাজ্যৰ ৰাজধানী দিশপুৰৰ পৰা নগৰখনলৈ দুৰত্ব ২৮০ কি.মি.(১৭৪ মাইল)।
-
ধুবুৰী লোকসভা সমষ্টি
ধুবুৰী লোকসভা সমষ্টি (Dhubri Lok Sabha constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা অন্যতম লোকসভা সমষ্টি৷ এই সমষ্টিটো নামনি অসমৰ ১১টা বিধানসভা খণ্ডৰে গঠিত, দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰু ধুবুৰী জিলাৰ সকলো অংশ; গোৱালপাৰা জিলাৰ কিছু অংশ, বঙাইগাঁও জিলাৰ কিছু অংশ আৰু বৰপেটা…
-
বিলাসীপাৰা
বিলাসীপাৰা (IPA: ˈbɪlɑːsɪˌpɑːrə) (Bilasipara) অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন চহৰ৷
-
আশাৰীকান্দি
আশাৰীকান্দি (Asharikandi) অসমৰ ধুবুৰী জিলাৰ দেৱীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন গাঁও। আশাৰীকান্দি পাৰম্পৰিক মৃৎ শিল্পৰ বাবে বিখ্যাত। গৌৰীপুৰৰ ঐতিহাসিক তথা বিশ্ব বিখ্যাত আশাৰীকান্দি টেৰাকটা শিল্প গাঁৱৰ মুঠ ১৬০টা পৰিয়ালৰ প্ৰজন্মৰ পাছত প্ৰজন্মই পোৰা মাটিৰ পাত্ৰ আৰু টেৰাকোটা মৃৎ শিল্পৰ লগত জড়িত হৈ…
-
বিলাসীপাৰা বিধানসভা সমষ্টি
বিলাসীপাৰা বিধানসভা সমষ্টি (Bilasipara Assembly constituency) ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ অসম ৰাজ্যৰ ১২৬ খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হৈছিল। ই অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত আৰু ধুবুৰী লোকসভা সমষ্টিৰ এটা অংশ।
-
গোলকগঞ্জ
গোলকগঞ্জ (ইংৰাজীত Golokganj; কেতিয়াবা Golakganj বা Galakganj বুলিও লিখা হয়) অসম ৰাজ্যৰ ধুবুৰী জিলাত অৱস্থিত এখন সৰু নগৰ। ধুবুৰী জিলাৰ ঐতিহাসিক স্থানসমূহৰ ভিতৰত গোলকগঞ্জ এক গুৰুত্বপূৰ্ণ নাম।
-
গৌৰীপুৰ বিধানসভা সমষ্টি
গৌৰীপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Gauripur Assembly constituency) হৈছে অসম বিধানসভাৰ ১২৬ খন আসনৰ ভিতৰত অন্যতম এখন বিধানসভা সমষ্টি। ই ধুবুৰী জিলাত অৱস্থিত আৰু ই ধুবুৰী লোকসভা সমষ্টিৰ এক অংশ।
-
চাপৰ
চাপৰ (IPA: ˈtʃɑːpə) (Chapar)অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন ঠাই ৷ এই অঞ্চলটো অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰো গৃহভূমি৷
-
ধুবুৰী বিধানসভা সমষ্টি
ধুবুৰী বিধানসভা সমষ্টিটো অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।
-
ধুবুৰী ৰেল ষ্টেচন
ধুবুৰীৰ ফকিৰাগ্ৰাম-ধুবুৰী শাখা লাইনৰ টাৰ্মিনাল ৰেল ষ্টেচন। এইটো নতুন কোচবিহাৰ-গোলোকগঞ্জ শাখা লাইনৰ সৈতেও যুক্ত। ধুবুৰীক যোগীঘোপাৰ লগত যুক্ত কৰিবলৈ এটা নতুন লাইন স্থাপন কৰা হৈ আছে। এইটো ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ পশ্চিম পাৰত অৱস্থিত।
-
বৰকলীয়া নস্কৰা
বৰকলীয়া নস্কৰা (Borokalia Nashkara) গাওঁখন ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা মহুকুমাৰ অন্তৰ্গত এখন ৰাজহ গাঁও। এই গাঁওখনৰ লগত আৰু বহু কেইখন সৰু-সুৰা গাঁও জড়িত হৈ আছে। ই প্ৰায় ১০খন সৰু গাঁৱৰে গঠিত এখন ৰাজহ গাওঁ। ই নস্কৰা গাঁও পঞ্চায়তক সামৰি লয়।
-
শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা
শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা (Gurdwara Sri Guru Tegh Bahadur Sahib) অসমৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন শিখ সকলৰ গুৰুদ্বাৰা। শিখ সকলৰ প্ৰথম গুৰু, গুৰু নানক দেৱ ১৫০৫ খ্ৰীষ্টাব্দত ঢাকাৰ পৰা অসমলৈ আহোঁতে এই স্থানত তেওঁ শ্ৰীমন্ত শংকৰদেৱক লগ পাইছিল।
-
ধুবুৰী-ফুলবাৰী দলং
ধুবুৰী-ফুলবাৰী দলং হৈছে উত্তৰ-পূব ভাৰতৰ অসম আৰু মেঘালয়ৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নিৰ্মাণাধীন এখন দলং। ধুবুৰী-ফুলবাৰী দলংখন ২০২৬–২৭ চনৰ ভিতৰত সমাপ্ত কৰাৰ পৰিকল্পনা কৰা হৈছে, এয়া নদীৰ ওপৰত ভাৰতৰ দীৰ্ঘতম দলং আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১৯ কিলোমিটাৰতকৈ বেছি।
-
পাণবাৰী মছজিদ
পাণবাৰী মছজিদ বা ৰঙামাটি মছজিদ অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন ঐতিহাসিক মছজিদ। ইয়াক অসমৰ সৰ্বপ্ৰথম মছজিদ হিচাপে গণ্য কৰা হয়। এই মছজিদ ধুবুৰী চহৰৰ পৰা ২৫ কিঃমিঃ নিলগত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাণবাৰী আৰু ৰঙামাটিৰ মাজত অৱস্থিত।
-
বিৰসিং জৰুৱা বিধানসভা সমষ্টি
বিৰসিং জৰুৱা বিধানসভা সমষ্টি উত্তৰ-পূৱ ভাৰতৰ অসম ৰাজ্যৰ ১২৬ বিধানসভা আসনৰ এখন সমষ্টি। বিৰসিং জৰুৱা ধুবুৰী (লোকসভা সমষ্টি)ৰ অন্তৰ্গত। ই ২০২৩ চনৰ আগত ২২ নং দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ অংশ আছিল।
-
আগমনী
আগমনী (ইংৰাজীত Agomani বা Agamani বুলিও লিখা হয়) অসম ৰাজ্যৰ ধুবুৰী জিলাৰ এখন গুৰুত্বপূৰ্ণ উপ-বিভাগীয় নগৰাঞ্চল। এই ঠাইখন গংগাধৰ নদীৰ পাৰত অৱস্থিত আৰু ঐতিহাসিক দৃষ্টিকোণৰপৰা যথেষ্ট তাৎপৰ্যপূৰ্ণ। আগমনী প্ৰায় 9 বৰ্গ কি.মি. এলেকাজুৰি বিস্তৃত।
-
আশাৰীকান্দিৰ মৃৎশিল্প
ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ আশাৰিকান্দি গাঁৱত প্ৰচলিত মাটিৰ ভাস্কৰ্য আৰু মৃৎশিল্পৰ পৰম্পৰাগত ৰূপটোৱেই হৈছে আশৰিকান্দিৰ পোৰামাটিৰ শিল্প। ৰাজ্যৰ ভিতৰতে টেৰাকোটা শিল্পীৰ অন্যতম বৃহৎ থুল হিচাপে ব্যাপকভাৱে স্বীকৃতি লাভ কৰা এই শিল্পই অসমৰ পৰম্পৰাগত হস্তশিল্প ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ উপাদানক প্ৰতিনিধিত্ব…
-
ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Dhubri Medical College and Hospital) অসমৰ ধুবুৰী জিলাৰ ধুবুৰী চহৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২২ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়।
-
মাটিয়াবগ হাৱাখানা
মাটিয়াবগ হাৱাখানা (Matiabag Palace বা Matiabag Hawakhana) অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ ওচৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত। এই ঐতিহ্যপূৰ্ণ প্ৰসাদটো গদাধৰ নদীৰ পাৰত মাটিয়াবগ টিলাৰ ওপৰত গৌৰীপুৰৰ জমিদাৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাই নিৰ্মাণ কৰাইছিল।
-
অবিভক্ত গোৱালপাৰা জিলা
অবিভক্ত গোৱালপাৰা জিলা (পূৰ্বতে: উত্তৰ-পূব ৰংপুৰ জিলা) বৰ্তমান ভাৰতৰ অসম ৰাজ্যৰ এখন পুৰণি জিলা। ব্ৰিটিছ ঔপনিৱেশিক অসমৰ শাসকসকলে ইয়াক ব্ৰিটিছ শাসিত বংগৰ বৃহত্তৰ ৰংপুৰ জিলাৰ পৰা পৃথক কৰি অসমৰ লগত সংযুক্ত কৰি এই জিলাখন গঠন কৰিছিল।
-
অসমৰ ফেৰী দুৰ্ঘটনা
অসমৰ ফেৰী দুৰ্ঘটনা ২০১২ চনৰ ৩০ এপ্ৰিল তাৰিখে অসম ৰাজ্যৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীত সংঘটিত এক ভয়ংকৰ নৌ-দুৰ্ঘটনা। প্ৰায় ৩৫০জন যাত্ৰী বহন কৰা এখন ফেৰী হঠাৎ অহা ধুমুহাত পৰি নদীত উলটি পৰে। এই দুৰ্ঘটনাত অন্ততঃ ১০৮জন লোকৰ মৃত্যু ঘটে আৰু বহু লোক নিখোঁজ হয়।
-
খুদিমাৰী
খুদিমাৰী ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ অন্তৰ্গত এখন সৰু গাঁও। এই গাঁওখন গৌৰীপুৰ চহৰৰ পৰা কিছু নিলগত অৱস্থিত। খুদিমাৰী নদীখন এই গাঁৱৰ মাজেৰেই বৈ গৈছে।
-
গৌৰাং
গৌৰাং (ইংৰাজী: Gwrang) হৈছে ৯৮ কিলোমিটাৰ দীঘল এখন নদী, যিখন ভূটানত উৎপত্তিলাভ কৰি দক্ষিণলৈ ভাৰত অভিমুখে বৈ আহিছে। এই নদীখনে প্ৰথমে অসমৰ চিৰাং জিলাত প্ৰৱেশ কৰে, য’ত ইয়াৰ নাম স্বৰ্মাঙ্গা (Swrmanga) হয়।
-
চোকাপাৰা
চোকাপাৰা অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা উপ-বিভাগৰ অন্তৰ্গত লক্ষীগঞ্জ গাঁও পঞ্চায়তৰ অধীনস্থ এখন গাঁও। এই গাঁওখন বিলাসীপাৰা চহৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ উত্তৰে অৱস্থিত। পূৰ্বৰ গোৱালপাৰা জিলাৰ অন্যতম পুৰণি ৰাজহ গাঁও হিচাপে চোকাপাৰাৰ ঐতিহাসিক গুৰুত্ব আছে।
-
ধুবুৰী বন্দৰ
ধুবুৰী বন্দৰ (Dhubri Port) অসমৰ ধুবুৰীত অৱস্থিত নদী বন্দৰ। এই বন্দৰটো ব্ৰহ্মপুত্ৰ নদৰ পাৰত বিকশিত কৰা হৈছে। এই বন্দৰটো ৰাষ্ট্ৰীয় জলপথ ২ত অৱস্থিত। পোৰ্ট টাৰ্মিনেলৰ বাবে ই গুৰুত্বপূৰ্ণ। ই ৰাষ্ট্ৰীয় জলপথ ২ ৰ পশ্চিম প্ৰান্তত বাংলাদেশ সীমান্তৰ ওচৰত অৱস্থিত।
-
পাঁচ পীৰ দৰগাহ
পাঁচ পীৰ দৰগাহ (Panch Peer Dargah) ধুবুৰী জিলাৰ ধুবুৰী চহৰত অৱস্থিত পাঁচ গৰাকী চুফী সন্তৰ মাজাৰ শ্বৰিফ। এই দৰগাহ ধুবুৰীৰ শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰাত সংৰক্ষিত পাঁচ গৰাকী চুফী সন্ত ক্ৰমে শ্বাহ আকবৰ, শ্বাহ বাগমাৰ, শ্বাহ চুফী, শ্বাহ সৰণ আৰু শ্বাহ কমলৰ সমাধিৰ ওপৰত নিৰ্মিত দৰগাহ।
-
শালকোচা
শালকোচা অসম ৰাজ্যৰ ধুবুৰী জিলাৰ চাপৰ চহৰৰ অন্তৰ্গত এখন গাঁও আৰু গাঁও পঞ্চায়ত। এই গাঁওখন বিলাসীপাৰা পূব বিধানসভা সমষ্টি আৰু ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।
-
হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় (Halakura H. S. School) হৈছে অসমৰ ধুবুৰী জিলাৰ আগমনি অঞ্চলৰ এক উচ্চ শিক্ষা প্ৰতিষ্ঠান। ১৯৪৬ চনত এই বিদ্যালয়খন স্থাপন কৰা হৈছিল। বৰ্তমান বিদ্যালয়খনত ৬ষ্ঠ শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষা প্ৰদান কৰা হয়।
-
১৯৩০ চনৰ ধুবুৰীৰ ভূমিকম্প
১৯৩০ চনৰ ধুবুৰীৰ ভূমিকম্প (ইংৰাজী: 1930 Dhubri earthquake) স্থানীয় সময় অনুসৰি ৩ জুলাইৰ পুৱা ০৩:২৩ বজাত (ভাৰতীয় মান সময়) ভাৰতৰ (তেতিয়াৰ ব্ৰিটিছ ভাৰত) ধুবুৰীৰ সমীপত সংঘটিত হৈছিল। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.১ মেগ্নিটিউড।