ছিক্কিম (Sikkim) হিমালয় পৰ্বতমালাৰ ওপৰত অৱস্থিত ভাৰতৰ এখন ৰাজ্য। | এই ৰাজ্যখন ছখন জিলাত ভাগ কৰা হৈছে। এই ছখন জিলা হৈছে গেংটক, মাংগন, নামছি, গেইজিঙ, পাকয়ং আৰু ছৰেং। ১ কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া জিলা উপায়ুক্তই এই জিলা সমূহ পৰিচালনা কৰে। এই জিলা সমূহ পুনৰ মহকুমাত ভাগ কৰা হৈছে। ৰাজ্যখনৰ বহুতো অংশ ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা নিয়ন্ত্ৰিত। কাৰণ, ছিক্কিমত চীনৰ লগত বহুতো স্পৰ্শকাতৰ সীমান্তৱৰ্তী এলেকা আছে। বহুতো অঞ্চল বিদেশী লোকৰ বাবে নিষিদ্ধ কৰা আছে আৰু সেই ঠাই সমূহ ভ্ৰমণ কৰিবৰ বাবে বিশেষ চৰকাৰী অনুমতিৰ প্ৰয়োজন। ছিক্কিমত সৰ্বমুঠ ৮খন চহৰ আৰু ৯টা মহকুমা আছে।
ছিক্কিমত আগতে চাৰিখন জিলা আছিল। ২১ ডিচেম্বৰ ২০২১ চনত ছিক্কিমৰ চৰকাৰে ২খন নতুন জিলা গঠনৰ কথা ঘোষণা কৰে আৰু আগৰ ৪খন জিলাৰ নাম সলনি কৰে।২
ছিক্কিমৰ জিলা কেইখন হৈছে:
| ১ | ES | গেংটক | গেংটক | ২৮১,২৯৩ | ৯৫৪ | ২৯৫ | gangtokdistrict.nic.in | |
| ২ | NS | মাংগন | মাংগন | ৪৩,৩৫৪ | ৪,২২৬ | ১০ | mangan.nic.in | |
| ৩ | PS | পাকয়ং | পাকয়ং | ৭৪,৫৮৩ | ৪০৪ | ১৮০ | ||
| ৪ | SGS | ছৰেং | ছৰেং | ৬৪,৭৬০ | ২৯৩ | ২২১ | soreng.nic.in | |
| ৫ | SS | নামছি | নামছি | ১৪৬,৭৪২ | ৭৫০ | ১৯৬ | namchi.nic.in | |
| ৬ | WS | গেইজিঙ | গেইজিঙ | ১৩৬,২৯৯ | ১,১৬৬ | ১১৭ | gyalshing.nic.in |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ District Collectors. Department of Information and Technology, Government of Sikkim
- ↑ Sikkim gets two new districts, rejigs others
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিক্কিমৰ জিলাসমূহ” প্ৰবন্ধৰ সংশোধন ৫০৮৭৬৪ (১৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।