নগৰ-মহানগৰ
৩৪ প্ৰবন্ধ
-
কাঠমাণ্ডু
কাঠমাণ্ডু হৈছে নেপালৰ ৰাজধানী তথা বৃহত্তম চহৰ। ইয়াক সৌন্দৰ্য্য আৰু শান্তিৰ এক অপূৰ্ব মিলনভূমি বুলি কোৱা হয়। সমুদ্ৰপৃষ্ঠৰ পৰা ১৩৫০ মিটাৰ উচ্চতাত অৱস্থিত এই ৰোমাণ্টিক নগৰী ইয়াৰ নৈশজীৱনৰ বাবেও বিখ্যাত। কাঠমাণ্ডু নেপালৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় নগৰ যত পৰ্যটকৰ সকলোতকৈ বেছি আগমন হয়।
-
হংকং
হংকং, চৰকাৰীভাৱে প্ৰজাতান্ত্ৰিক চীনৰ হংকং বিশেষ প্ৰশাসনিক অঞ্চল, হৈছে চীনৰ পাৰ্ল নদীৰ ব-দ্বীপ আৰু দক্ষিণ চীন সাগৰৰ দক্ষিণ তীৰত অৱস্থিত এখন স্বায়ত্ত্বশাসিত ৰাজ্য।
-
তেহৰাণ
তেহৰাণ হৈছে ইৰাণ আৰু তেহৰাণ প্ৰদেশৰ ৰাজধানী। নগৰৰ জনসংখ্যা প্ৰায় ৯ নিযুত আৰু বৃহৎ মহানগৰীয় এলেকাত প্ৰায় ১৬ নিযুত, তেহৰান হৈছে ইৰানৰ সৰ্ববৃহৎ মহানগৰ আৰু নগৰীয় এলেকা, পশ্চিম এছিয়াৰ দ্বিতীয় বৃহৎ মহানগৰ, আৰু মধ্য পূৱ তৃতীয় বৃহৎ মহানগৰীয় এলেকা।
-
বেইজিং
বেইজিং হৈছে চীনৰ ৰাজধানী আৰু পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যাৰ চহৰ সমূহৰ ভিতৰত এখন অন্যতম চহৰ। ২০১৩ চনৰ পিয়লমতে ইয়াৰ জনসংখ্যা আছিল ২,১১,৫০,০০০ জন। জনসংখ্যাৰ ফালৰ পৰা ই পৃথিৱীৰ ত্ৰয়োদশতম বৃহৎ চহৰ।
-
ডুবাই
দুবাই গুল্ফ উচ্চাৰণ: ) হৈছে সংযুক্ত আৰব আমিৰাতৰ এখন অতি জনপ্ৰিয় চহৰ। ই পাৰ্ছিয়ান গ'ল্ফৰ দক্ষিণ তীৰত অৱস্থিত আৰু দেশৰ সাতখন আমিৰাতৰ অন্যতম। কেৱল আবু ধাবি আৰু ডুবায়েহে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জটিল বিষয়ৰ ওপৰত দেশৰ বিধায়নীত ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে। ডুবাইত ৱৰ্ল্ড এক্সপ' ২০২০ অনুষ্ঠিত কৰা হ'ব।
-
বেংকক
বেংকক (Bangkok) হৈছে থাইলেণ্ডৰ ৰাজধানী তথা আটাইতকৈ জনবহুল চহৰ। থাই ভাষাত ইয়াক খ্ৰুং থেপ মহা নাশন (กรุงเทพมหานคร বা চমুকৈ বুলি কোৱা হয়। এই চহৰখনে মধ্য থাইলেণ্ডৰ চাও ফ্ৰায়া নদীৰ ব-দ্বীপৰ প্ৰায় 1568.7 বৰ্গ কি.মি.
-
টকিঅ'
টকিঅ, হৈছে জাপান ৪৭খন মহানগৰ প্ৰশাসনৰ অন্যতম, অঞ্চল তথা ইয়াৰ ৰাজধানী। ই জাপানৰ আটাইতকৈ ডাঙৰ নগৰ। বৃহত্তৰ টকিঅ' অঞ্চল হৈছে পৃথিৱীৰ এখন সৰ্বাধিক জনবহুল মহানগৰীয় অঞ্চল। এসময়ত টকিঅ' জাপানৰ সম্ৰাটসকলৰ আৰু জাপানী শাসনকৰ্তাৰ আসন আছিল।
-
জেৰুজালেম
জেৰুজালেম ভূমধ্য সাগৰ (Mediterranean Sea) ৰ আৰু মৃত সাগৰ (Dead sea)ৰ মাজত জুডিয়ান পৰ্বতমালা (Judean Mountains)ৰ এক মালভূমিত অৱস্থিত বিশ্বৰ ভিতৰতে এক প্ৰাচীন চহৰ। এই চহৰখন বিশ্বৰ তিনিটা ধৰ্ম, মুছলমান, খ্ৰীষ্টান আৰু ইহুদী লোকৰ বাবে এক পবিত্ৰ তীৰ্থস্থান বুলি গণ্য কৰা হয়।
-
জাকাৰ্টা
জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী তথা বৃহত্তম চহৰ, (যদিও জাকাৰ্টা নিজে এখন প্ৰদেশ) আৰু বিশ্বৰ এখন লেখত ল'বলগীয়া জনবহুল নগৰ অঞ্চল। জাভাৰ দক্ষিণ-পশ্চিম উপকূলত অৱস্থিত, জাকাৰ্টা হৈছে দেশৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কেন্দ্ৰস্বৰূপ। ২০১২ চনৰ ডিচেম্বৰত ইয়াৰ জনসংখ্যা আছিল ৯৭,৬১,৪০৭ জন।
-
বাগদাদ
বাগদাদ হৈছে ইৰাকৰ ৰাজধানী। ২০১১ চনত ইয়াৰ জনসংখ্যা আছিল প্ৰায় ৭২,১৬,০৪০ জন, সেই অনুসৰি ই ইৰাকৰ সৰ্বাধিক জনবহুল নগৰ, আৰৱ বিশ্বৰ দ্বিতীয় সৰ্বাধিক (কাইৰো আৰু ইজিপ্তৰ পিছত) আৰু ইৰাণ আৰু তেহৰাণৰ পিছত এছিয়াৰো দ্বিতীয় সৰ্বাধিক জনবহুল নগৰ। বাগদাদ নগৰ খন টাইগ্ৰীছ নদীৰ তীৰত অৱস্থিত।
-
মাকাও
মাকাও(মেকাও নামেও পৰিচিত) গণপ্ৰজাতন্ত্ৰী চীনৰ দুটা বিশেষ প্ৰশাসনিক অঞ্চলৰ এটা। আনটো হল হংকং। মাকাও পাৰ্ল ব-দ্বীপৰ পশ্চিমাংশত হংকঙৰ পূবত অবস্থিত। ইয়াৰ উত্তৰত গুয়াংডং প্ৰদেশ আৰু দক্ষিণ আৰু পূবত দক্ষিণ চীন সাগৰ। মাকাওৰ অৰ্থনীতি বহুলাংশে পৰ্যটন আৰু জুয়া-ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল।
-
ভিয়েনা
ভিয়েনা (; Wien, ) অষ্ট্ৰিয়াৰ নখন প্ৰদেশৰ এখন। ই অষ্ট্ৰিয়াৰ ভিতৰতে সৰ্ববৃহৎ মহানগৰী আৰু ইয়াৰ ৰাজধানী। এই মহানগৰৰ জনসংখ্যা প্ৰায় ১.৮ মিলিয়ন যি অষ্ট্ৰিয়াৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ। জনসংখ্যাৰ ফালৰ পৰা ভিয়েনা ইউৰোপিয়ান ইউনিয়নৰ ভিতৰত সপ্তম বৃহৎ মহানগৰ।
-
ইষ্টানবুল
ইষ্টানবুল (তুৰ্কী ভাষা: İstanbul ইষ্টান্বুল্) তুৰস্কৰ অন্যতম প্ৰধান নগৰ। ইয়াৰ পুৰণি নাম কন্সটাণ্টিনোপল। ইয়াৰোপৰি ই বাইজাণ্টিয়াম নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়।
-
কুৱালালামপুৰ
কুৱালালামপুৰ, চৰকাৰী নাম ফেডাৰেল টেৰিটৰী অৱ কুৱালা লামপুৰ, হৈছে মালয়েছিয়াৰ ৰাষ্ট্ৰীয় ৰাজধানী তথা ইয়াৰ সৰ্ববৃহৎ নগৰ। নগৰখনৰ মাটিকালি প্ৰায় 243 বৰ্গ কি.মি. আৰু ২০১৫ চনৰ আনুমানিক জনসংখ্যা হৈছে ১.৭ নিযুত। ক্লাং উপত্যাকা নামেৰেও জনাজাত গ্ৰেটাৰ কুয়ালা লামপুৰ হৈছে এক সামূহিক নগৰ।
-
ডামাস্কাছ
ডামাস্কাছ (Damascus) বা দামিস্ক (دمشق Dimashq ) হৈছে পূৰ্ৱ এলেপ্প’ৰ গণযুদ্ধৰ পৰা ছিৰিয়াৰ ৰাজধানী আৰু বৃহত্তম চহৰ। ই বৰ্তমান ছিৰিয়াৰ সৰ্ববৃহৎ চহৰ। ছিৰিয়াত ইয়াক সাধাৰণতে আছ-ছাম (الشام ash-Shām) বুলি কোৱা হয় আৰু তগৰৰ চহৰ (مدينة الياسمين Madīnat al-Yāsmīn) উপনামেৰে জনা যায়।
-
চহৰ
চহৰ (City) হ'ল অপেক্ষাকৃতভাৱে ডাঙৰ আৰু স্থায়ী নিবাস। প্ৰায় একে অৰ্থ বুজোৱা নগৰ শব্দৰ পৰা চহৰক কেনেকৈ পৃথক কৰা হয়, সেই বিষয়ে ভিন্নমত আছে। অনেক চহৰৰ নিজস্ব প্ৰশাসন, ইতিহাস আৰু আইন থাকে। সাধাৰণতে চহৰৰ নিজস্ব বিভিন্ন ব্যৱস্থা থাকে, যেনে: পয়োঃনিষ্কাশন, মাটিৰ ব্যৱহাৰ, ঘৰ, পৰিবহণ ইত্যাদি।
-
থিম্ফু
থিম্ফু (/(/tɪmˈpuː/; Dzongkha: ཐིམ་ཕུ [tʰimpʰu]; পূৰ্বতে থিম্বু ) ভূটান ৰাজ্যৰ সৰ্ববৃহৎ চহৰ আৰু ৰাজধানী। ই দেশখনৰ মধ্য ভাগৰ পশ্চিম ফালে অৱস্থিত আৰু এই অঞ্চলৰ চাৰিওকাষে আছে ভূটানৰ অন্যতম ঝংখাগ থিম্ফু জিলা।
-
ছিউল
ছিউল দক্ষিণ কোৰিয়াৰ ৰাজধানী তথা বৃহত্তম মহানগৰ। ইয়াৰ জনসংখ্যা প্ৰায় ২৫.৬ নিযুত। ৬,৭৮,১০২ গৰাকী আন্তঃৰাষ্ট্ৰীয় বাসীন্দাৰ সৈতে প্ৰায় অৰ্ধাংশতকৈও অধিক দক্ষিণ কোৰিয়ানৰ গৃহচহৰ।
-
ছাংহাই
ছাংহাই জনসংখ্যাৰ ফালৰ পৰা চীনৰ সৰ্ববৃহৎ মহানগৰ আৰু বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ চিটি প্ৰপাৰ (city proper)। এই মহানগৰ চীনৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ ভিতৰত থকা চাৰিখন নগৰপালিকা (direct-controlled municipalities)ৰ এখন। ২০১৩ চনত ছাংহাই মহানগৰৰ জনসংখ্যা আছিল ২৪ মিলিয়নৰো অধিক।
-
পিয়ং ইয়াং
পিয়ং ইয়াং (평양, P’yŏngyang, অৰ্থাৎ: "সমতল ভূমি" বা "শান্ত ভূমি") উত্তৰ কোৰিয়াৰ ৰাজধানী আৰু সৰ্ববৃহৎ মহানগৰ। পিয়ং ইয়াং টাএডং নদীৰ পশ্চিম কোৰিয়া সাগৰৰ মুখৰ ১১০ কিলোমিটাৰ উজনিত অৱস্থিত। ২০০৮ চনৰ লোকপিয়লৰ প্ৰাৰম্ভিক ফলাফল অনুযায়ী পিয়ং ইয়াং ৩২,৫৫,৩৮৮ জনৰ বসতিস্থল।
-
বেইৰুত
বেইৰুট (Beyrut) হৈছে লেবাননৰ ৰাজধানী তথা প্ৰধান চহৰ। ২০০৭ চনৰ মতে ইয়াৰ জনসংখ্যা হৈছে ২১ লাখ। লেবাননৰ অক্ষৰেখাৰ প্ৰায় সোঁমাজত ভূমধ্যসাগৰৰ এটা উপদ্বীপত বেইৰুট অৱস্থিত। ই লেবাননৰ সৰ্ববৃহৎ চহৰ তথা বিমানবন্দৰ। এই চহৰৰ সৈতে অন্য কিছু উপ-চহৰ লগ লাগি বেইৰুট জিলা গঠন কৰিছে।
-
লচ এঞ্জেলচ
লচ এঞ্জেলচ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়া ৰাজ্যৰ আটাইতকৈ ডাঙৰ মহানগৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিতীয় সৰ্বাধিক জনবহুল চহৰ। ই বিশ্বৰ অন্যতম সাংস্কৃতিক, বাণিজ্যিক আৰু বিনোদনৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।
-
হোক্কাইডো
হোক্কাইডো হৈছে জাপানৰ দ্বিতীয় বৃহত্তম দ্বীপ আৰু বৃহত্তম তথা একেবাৰে উত্তৰত অৱস্থিত প্ৰশাসনিক অঞ্চল। অতীতত এই দ্বীপৰ বিভিন্ন নাম আছিল, যেনে এযো, য়েযো, য়েছো আদি। হোক্কাইডো হোনশু দ্বীপৰ পৰা তসুগাৰু প্ৰণালীৰ দ্বাৰা বিচ্ছিন্ন।
-
অনুৰাধাপুৰা
অনুৰাধাপুৰা (අනුරාධපුරය; তামিল: அனுராதபுரம்) হ’ল শ্ৰীলংকাৰ এখন ঐতিহাসিক চহৰ তথা শ্ৰীলংকাৰ পুৰণি ৰাজধানী। এই চহৰখন এসময়ত অনুৰাধাপুৰা সাম্ৰাজ্যৰ অন্তৰ্গত আছিল। বৰ্তমান অনুৰাধাপুৰা হ’ল শ্ৰীলংকাৰ এখন গুৰুত্বপূৰ্ণ চহৰ তথা পৰ্যটনস্থলী।
-
ম’ৰ’গ’ৰ’
ম’ৰ’গ’ৰ (Morogoro, চৰকাৰীভাৱে সংযুক্ত গণতান্ত্ৰিক টাঞ্জানিয়াৰ ম’ৰ’গ’ৰ’ অঞ্চলৰ ৰাজধানী ) পূৱ আফ্ৰিকাৰ এখন দেশ, টাঞ্জানিয়াৰ পূৰ্ৱাঞ্চলত অৱস্থিত এখন চহৰ। ম’ৰ’গ’ৰ’ চহৰখন টাঞ্জানিয়াৰ মুখ্য চহৰ ডাৰ-এ- ছালামৰ পৰা মোটামুটি ১৯৬ কিলোমিটাৰ (১২২ মাইল) পশ্চিমে অৱস্থিত।
-
শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে
শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে (Sri Jayawardenepura Kotte বা Sri Jayewardenepura Kotte) (কট্টে বুলিও জনাজাত ) শ্ৰীলংকাৰ চৰকাৰী ৰাজধানী। ১৯৮২ চনত শ্ৰীলংকাৰ ৰাজধানী কলম্বোৰ পৰা শ্ৰী জয়াবৰ্ধনেপুৰা কট্টেলৈ স্থানান্তৰ কৰা হয়। ই কলম্বোৰ কাষতে অৱস্থিত নাগৰিক এলেকা।
-
এনিছকিলেন
এনিছকিলেন (Enniskillen, ) উত্তৰ আয়াৰলেণ্ডত অৱস্থিত এখন নগৰ। এই নগৰখন ফাৰমানা কাউণ্টি (County Fermanagh) ৰ আৰ্ণ হ্ৰদৰ (লখ আৰ্ণ, Lough Erne) ৰ উজনি আৰু নামনি অংশৰ ঠিক সোঁমাজতে অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি এই নগৰৰ জনসংখ্যা ১৩,৮২৩ জন। এই কাউণ্টিৰ ভিতৰত এনিছকিলেন সৰ্ববৃহৎ নগৰ।
-
কাচুকাবে, চাইটামা
কাচুকাবে (春日部市 Kasukabe-shi) জাপানৰ চাইটামা অধ্যক্ষতাৰ এখন চহৰ, জাপানৰ মধ্যৰ কাণ্ট' অঞ্চলৰ। ১ ফেব্ৰুৱাৰী ২০১৬ত চহৰখনৰ জনসংখ্যা ২৩২২৯৪ আছিল, প্ৰতি বৰ্গ কিলোমিটাৰত ৩৫২০ জনেৰে। ঠাইখনৰ মুঠ ভূমিয়ে ৬৬ বৰ্গ কিলোমিটৰ আৱৰে। কাচুকাবে পাউলৌনিয়া কাঠৰ কিৰি-টাঞ্চু নিৰ্মাণৰ বাবে বিখ্যাত।
-
কুৰৌ
কুৰৌ প'লেণ্ডৰ দক্ষিণ-পূব অঞ্চলৰ এখন গাঁও। ই পুলাৱে আৰু লুবলিন মাজত কুৰৌকা নদীৰ পাৰত অৱস্থিত। ই এখন পৃথক গ্লিমা-ৰ ৰাজধানী আৰু ইয়াত প্ৰায় ২৮১১ (২০০৫চনৰ সমীক্ষা) বাসিন্দা আছে।
-
চাও পাওল'
চাও পাওল হৈছে ব্ৰাজিলৰ আটাইতকৈ ডাঙৰ মহানগৰ আৰু অৰ্থনৈতিক কেন্দ্ৰ। ই দক্ষিণ আমেৰিকাৰ অন্যতম ডাঙৰ মহানগৰ আৰু ব্ৰাজিলৰ বাণিজ্য, সংস্কৃতি আৰু শিল্পৰ মুখ্য কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।