চম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যান (Champaner-Pavagadh Archaeological Park) গুজৰাট ৰাজ্যৰ পাঁচমহল জিলাত অৱস্থিত। ২০০৪ চনত প্ৰাকৃতিক ক্ষেত্ৰ হিচাপে ই ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰে। ইয়াত অনেক অখননকৃত পুৰাতাত্বিক, ঐতিহাসিক আৰু জীৱ-সাংস্কৃতিক ঐতিহ্য সম্পত্তি আছে। এই মনোৰম প্ৰাকৃতিক পৰিবেশত বহুতো প্ৰাগৈতিহাসিক স্থান আছে। তদুপৰি ইয়াত প্ৰাচীন হিন্দু ৰজধানী দুৰ্গনগৰ আৰু ষোড়শ শতাব্দীৰ গুজৰাটৰ ৰাজধানী, অষ্টম-চতুৰ্দশ শতাব্দীৰ মধ্যৱৰ্তী পৰ্যায়ত নিৰ্মিত অনেক অন্যান্য ধ্বংসাৱশেষ, দুৰ্গ, প্ৰাসাদ, ধৰ্মীয় স্থাপনা, ধ্বংসপ্ৰাপ্ত আবাসস্থল, কৃষি স্থাপনা, পানীৰ উৎস ইত্যাদি আছে। পাৱাগড় পাহাৰৰ চূড়াত কালিকামাতা মন্দিৰ এটা গুৰুত্বপূৰ্ণ আৰাধনা ক্ষেত্ৰ। ইয়াত বছৰৰ সকলো সময়তে দৰ্শনাৰ্থীৰ পয়োভৰ থাকে। এই প্ৰত্নতাত্বিক অঞ্চলটিয়ে প্ৰাচীন মোগল সাম্ৰাজ্যৰ এক অবিকৃত ছবি দাঙি ধৰে।১২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যান” প্ৰবন্ধৰ সংশোধন ৪২৬৮৪৬ (২৬ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।