ভূগোল
৭৬ প্ৰবন্ধ
-
ইউৰোপ
ইউৰোপ হৈছে সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধ আৰু বেছিভাগ পূৱ গোলাৰ্ধত অৱস্থিত এখন মহাদেশ। ইয়াৰ উত্তৰে আৰ্কটিক মহাসাগৰ, পশ্চিমে আটলান্টিক মহাসাগৰ, দক্ষিণে ভূমধ্য সাগৰ আৰু পূবে এছিয়া সীমাবদ্ধ। ইউৰোপে ভূমি এছিয়াৰ সৈতে ইউৰেছিয়া আৰু আফ্ৰিকা আৰু এছিয়া দুয়োৰে সৈতে আফ্ৰো-ইউৰেছিয়া ভাগ বতৰা কৰে।
-
ভূমিকম্প
ভূমিকম্প বা ভূঁইকঁপ (Earthquake) হৈছে পৃথিৱীৰ ভূগৰ্ভৰ অশ্মমণ্ডলত হঠাতে শক্তি মুক্ত হোৱাৰ ফলত ভূ-পৃষ্ঠত সৃষ্টি হোৱা জোকাৰণি। ভূগৰ্ভৰ শিলাস্তৰসমূহৰ স্থিতিস্থাপক অৱস্থাৰ সাল-সলনি নাইবা মহাকৰ্ষণীয় শক্তিৰ ভাৰসাম্যহীন অৱস্থাৰ ফলত যি জোকাৰণিৰ সৃষ্টি হয়,আচলতে তাকেই ভূমিকম্প বোলে।
-
মধ্যপ্ৰাচ্য
মধ্য প্ৰাচ্য হৈছে এটা ভূ-ৰাজনৈতিক অঞ্চল যিয়ে আৰব উপদ্বীপ, লেভান্ত, তুৰ্কী, ইজিপ্ত, ইৰান আৰু ইৰাকক অন্তৰ্ভুক্ত কৰে। "নিয়াৰ ইষ্ট" শব্দটোৰ পৰিৱৰ্তে ২০শ শতিকাৰ আৰম্ভণিতে ব্ৰিটেইন আৰু পশ্চিম ইউৰোপীয় ৰাষ্ট্ৰসমূহে "মধ্য প্ৰাচ্য" শব্দটো ব্যাপকভাৱে ব্যৱহাৰ আৰম্ভ কৰে (এই শব্দদ্বয় "দূৰ প্ৰাচ্য"ৰ…
-
বৰষুণ
বৰষুণ (Rain) হৈছে বায়ুমণ্ডলীয় জলীয় বাষ্প ঘনিভূত হৈ সৃষ্টি হোৱা আৰু মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত তললৈ নামি অহা তৰল পানীৰ টোপাল। বৰষুণ হৈছে জল চক্ৰৰ প্ৰধান উপাদান আৰু পৃথিৱীত থকা মিঠা পানীৰ জলাধাৰ সমূহৰ মূল উৎস। ই বহু প্ৰকাৰৰ পৰিস্থিতি তন্ত্ৰক অনুকূল পৰিৱেশ প্ৰদান কৰে।
-
ভূগোল
ভূগোল (ইংৰাজী:- Geography গ্ৰীক ভাষাৰ γεωγραφία - geographiaৰ পৰা, যাৰ অৰ্থ "পৃথিৱীৰ পৃষ্ঠভাগৰ বৰ্ণনা") হৈছে ভূমি, ইয়াৰ বৈশিষ্ট, বাসিন্দাসকল, আৰু পৃথিৱীৰ পৰিঘটনাসমূহৰ অধ্যয়ন কৰা বিজ্ঞানৰ ভাগ। ইংৰাজী শব্দটোৰ পোনপটীয়া অৰ্থ হ'ব "পৃথিৱীৰ বিষয়ে লিখা বা বৰ্ণনা কৰা"।
-
ৰোম
ৰোম হৈছে ইটালীৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই লাজিঅ’ অঞ্চলৰ কেন্দ্ৰ আৰু ইউৰোপৰ ইতিহাস আৰু সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। ৰোম খ্ৰীষ্টপূৰ্ব ৭৫৩ চনত প্ৰতিষ্ঠিত বুলি ধৰা হয় আৰু প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ মূল ৰাজ্যিক কেন্দ্ৰ আছিল।
-
আগ্নেয়গিৰি
আগ্নেয়গিৰি বা জ্বালামুখী (Volcano ) দেখাত পিৰামিডৰ দৰে শাংকব৷ আগ্নেয়গিৰিৰ মুখখনক জ্বালামুখ বোলা হয়৷ ইয়াৰ মুখৰপৰা ভূগৰ্ভৰ অন্তৰ্ভাগলৈ এডাল নলী থাকে৷ নলীডাল একেবাৰে মেগমা গহ্বৰ পায়গৈ৷ আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত ধোঁৱা,ছাই,লাভা আদি এই নলীয়েদি ওলাই আহি ধৰাপৃষ্ঠ পায়হি৷ যিবোৰ পৰ্ব্বত বা পাহাৰৰ…
-
কিউবা
কিউবা (Cuba), আনুষ্ঠানিকভাৱে কিউবা গণপ্ৰজাতন্ত্ৰ, এখন দ্বীপ-ৰাষ্ট্ৰ। ইয়াত বৃহৎ কিউবা দ্বীপ, আইছলা দে লা জুভেণ্টুড, আৰু প্ৰায় ৪,১৯৫টা সৰু-সুৰা দ্বীপ, দ্বীপচিকা আৰু কেয় অন্তৰ্ভুক্ত। দেশটো উত্তৰ কেৰিবিয়ান সাগৰ, মেক্সিকো উপসাগৰ আৰু আটলাণ্টিক মহাসাগৰৰ সংযোগস্থলত অৱস্থিত।
-
মস্কো
মস্কো (Москва) হৈছে ৰাছিয়াৰ ৰাজধানী আৰু আটাইতকৈ জনবহুল চহৰ, যি কেন্দ্ৰীয় ৰাছিয়াৰ মস্কভা নদীৰ পাৰত অৱস্থিত। চহৰখনৰ সীমাৰ ভিতৰত জনসংখ্যা প্ৰায় ১.৩ কোটি, মস্কো ইউৰোপৰ আটাইতকৈ জনবহুল চহৰ আৰু ইউৰোপৰ ভিতৰত বৃহত্তম নগৰ আৰু মহানগৰ অঞ্চল। চহৰখনৰ ইতিহাস ১১৪৭ চনত প্ৰথম উল্লেখ পোৱা যায়।
-
সাগৰ
সাগৰ বা সমুদ্ৰ (Sea) হ'ল লৱণ যুক্ত পানীৰ পৰস্পৰ সংযুক্ত জলৰাশি, যি পৃথিৱীৰ উপৰিভাগৰ ৭০ শতাংশৰো বেছি অংশ আবৃত কৰি ৰাখিছে। সাগৰে পৃথিৱীৰ জলবায়ুক সহনীয় কৰি ৰাখে আৰু জলচক্ৰ, কাৰ্বন চক্ৰ আৰু নাইট্ৰ'জেন চক্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
-
বাৰ্লিন
বাৰ্লিন হৈছে জাৰ্মানীৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই জাৰ্মানীৰ এটি বিশেষ ৰাজ্য আৰু ইউৰোপৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজনৈতিক, সাংস্কৃতিক আৰু আৰ্থিক কেন্দ্ৰ। বাৰ্লিন ১২৫১ চনত প্ৰতিষ্ঠিত হৈছিল আৰু আজিলৈকে উন্নতি কৰি বিশ্বৰ শীৰ্ষ মহানগৰসমূহৰ ভিতৰত পৰিণত হৈছে।
-
বতাহ
বতাহ হৈছে এক বৃহৎ পৰিসৰত হোলা গেছৰ চলাচল বা বায়ুৰ চলাচলকেই বতাহ বোলে। পৃথিৱীত বতাহত কেৱল বায়ুৰ প্ৰৱাহ হয়। বাহ্যিক মহাকাশত সৌৰ বতাহ হৈছে মহাকাশৰ মাজেৰে সূৰ্যৰ পৰা বায়ু আৰু আহিত কণাৰ প্ৰৱাহ, আনহাতে গ্ৰহীয় বতাহ গ্ৰহসমূহৰ পৰা পাতল ৰাসায়নিক অনু মহাকাশলৈ নিৰ্গমন হোৱা কাৰ্য।
-
বিষুৱ ৰেখা
বিষুৱ ৰেখা বা ভূমধ্য ৰেখা পৃথিৱী পৃষ্ঠত উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ পৰা সমান দূৰত্বত অৱস্থিত পৃথিৱীক দুটা গোলাৰ্ধত ভাগ কৰা কাল্পনিক ৰেখা। ই পৃথিৱীক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰে।
-
অৰণ্য
অৰণ্য বা জংঘল (Forest) হ'ল ঘন বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ দ্বাৰা ঘেৰা এক এলেকা। বিভিন্ন মাপকাঠিৰ ভিত্তিত, অৰণ্যৰ নানান ধৰনৰ সংজ্ঞা আছে। ব্যাপকভাবে ব্যবহৃত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ সংজ্ঞা অনুযায়ী, ২০০৬ চনত অৰণ্য চাৰি বিলিয়ন হেক্টৰ (১৫ মিলিয়ন বৰ্গ মাইল) বা বিশ্বৰ ভূমিৰ প্ৰায় ৩০ শতাংশ এলেকা…
-
মহাদেশ
মহাদেশ (Continent) শব্দটোৱে পৃথিৱীৰ সুবৃহৎ ভূখণ্ডসমূহৰ একো একোটা বৃহৎ অংশক বুজায়। পৃথিৱীৰ ভূখণ্ডক মহাদেশত ভাগ কৰাৰ কোনো এক নিৰ্দিষ্ট নিয়ম নাই। ইয়াৰ বাবে বিভিন্ন মডেল প্ৰচলিত।
-
পৰ্বত
পৰ্বত হৈছে এক বৃহৎ ভূমিৰূপ যি এক সীমিত স্থানত চাৰিওফালৰ ভূমিৰ পৰা শৃংগৰ ৰূপত ওপৰলৈ উঠে। এটা পৰ্বতক সাধাৰণতে পাহাৰতকৈ ওপৰৰ বুলি গণ্য কৰা হয়। পৰ্বতবোৰ টকেণ্টিক শক্তি বা ভূমিকম্পৰ ফলত সৃষ্টি হয়। এই শক্তিবোৰে স্থানীয়ভাৱে পৃথিৱীৰ পৃষ্ঠ বৃদ্ধি কৰিব পাৰে।
-
ছুনামি
ছুনামি (Tsunami)এটা জাপানী শব্দ। ছু (Tsu) মানে বন্দৰ আৰু নামি (nami) মানে ঢৌ। ছুনামিৰ অৰ্থ হ'ল সাগৰৰ বিশাল ঢৌ। বিশেষ কেইটামান কাৰণত সমুদ্ৰ-তৰংগ যেতিয়া উপকূলভাগত আছাৰ খাই পৰি মহাতংৰগলৈ ৰূপান্তৰিত হয়,তাকে ছুনামি কোৱা হয়। ছুনামি হ'ল প্ৰবল জলোচ্ছ্বাস। সকলো ছুনামি ভয়াবহ নহয়।
-
এথেন্স
এথেন্স গ্ৰীচৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ। ভূমধ্যসাগৰীয় এক উল্লেখযোগ্য উপকূলীয় নগৰীয়া অঞ্চল, এথেন্স আটিকা অঞ্চলৰ ৰাজধানী আৰু ইউৰোপীয় মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণৰ ৰাজধানী। ইয়াৰ নগৰীয়া অঞ্চলৰ জনসংখ্যা ৩৬ লাখতকৈ অধিক আৰু ইউৰোপীয় সংঘৰ অষ্টম বৃহত্তম নগৰীয়া অঞ্চল।
-
বৰ্ষাৰণ্য
বৰ্ষাৰণ্য (Rain Forest) হৈছে সেইবোৰ অৰণ্যাঞ্চল যিবোৰত বছৰটোৰ সকলো সময়তে মাত্ৰাধিক বৰষুণ হয়। এনে অৰণ্য নিৰৱচ্ছিন্ন সেমেকা জলবায়ু সহিব পৰা বৃহৎ গছেৰে বিশেষকৈ চিৰসেউজ উদ্ভিদেৰে পৰিপূৰ্ণ হৈ থাকে। বৰ্ষাৰণ্যত ১৮০-২২০ ফুট পৰ্যন্ত উচ্চতাৰ গছ দেখিবলৈ পোৱা যায়।
-
ইষ্টানবুল
ইষ্টানবুল (তুৰ্কী ভাষা: İstanbul ইষ্টান্বুল্) তুৰস্কৰ অন্যতম প্ৰধান নগৰ। ইয়াৰ পুৰণি নাম কন্সটাণ্টিনোপল। ইয়াৰোপৰি ই বাইজাণ্টিয়াম নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়।
-
চাইবেৰিয়া
thumb|220px|( চাইবেৰিয়াৰ মানচিত্ৰ) (গাঢ় ৰঙা ৰঙৰ এখন দেশ যাক চাইবেৰিয়া বুলি কোৱা হয় কিন্তু সকলো ৰঙা আৰু কমলা ৰং চাইবেৰিয়াৰ অংশ বুলি গণ্য কৰা হয়। thumb|220px|গ্ৰীষ্মকালত, দক্ষিণ চাইবেৰিয়াৰ সকলো ঠাইতে হ্ৰদ আৰু সেউজীয়া দেখা যায় thumb|220px|য়াকুটস্ক চহৰত সপ্তদশ শতিকাৰ এটা ৰাছিয়ান সামৰিক ঘৰ…
-
মহাসাগৰ
মহাসাগৰ (Ocean) হৈছে অতি বিশাল আৰু লৱণযুক্ত বিপুল জলৰাশি যি পৃথিৱীক পৰিবেষ্টন কৰি আছে। পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৭০% জলৰাশিৰে আবৰা। এই বিপুল জলৰাশি আকৌ অনেক মহাসাগৰ আৰু সৰু সৰু সাগৰত বিভক্ত। মহাসাগৰৰ ইংৰাজী প্ৰতিশব্দ Ocean আহিছে গ্ৰীক ভাষাৰ শব্দ ‘অচিনোজ’ (Ὠκεανὸς)-ৰ পৰা।
-
সুমেৰু
সুমেৰু বা উত্তৰ মেৰু (North Pole) পৃথিৱীৰ সকলোতকৈ উত্তৰত অৱস্থিত বিন্দু (৯০° অক্ষাংশ)। ইয়াক ভৌগোলিক উত্তৰ মেৰু নামেৰেও জনা যায়। সুমেৰুৰ বিপৰীতে পৃথিৱীৰ দক্ষিণতম প্ৰান্ত কুমেৰু বা দক্ষিণ মেৰু অৱস্থিত।
-
বিল
বিল হৈছে চাৰিওফালে স্থলভাগে ঘেৰি থকা দ আৰু বহল স্বাভাৱিক জলভাগ। সাধাৰণতে গংগা-ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ পূব ভাৰতীয় ৰাজ্য অসম আৰু পশ্চিম বংগৰ লগতে বাংলাদেশৰ হ্ৰদৰ দৰে বৃহৎ স্থিতিশীল পানীৰে পূৰ্ণ আদ্ৰভূমিক বুজাবলৈ বিল শব্দটো ব্যৱহাৰ কৰা হয়।
-
কাইৰো
কাইৰো হৈছে মিছৰৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই আফ্ৰিকা আৰু আৰব বিশ্বৰ অন্যতম বৃহৎ মহানগৰ হিচাপে পৰিগণিত হৈছে।
-
চহৰ
চহৰ (City) হ'ল অপেক্ষাকৃতভাৱে ডাঙৰ আৰু স্থায়ী নিবাস। প্ৰায় একে অৰ্থ বুজোৱা নগৰ শব্দৰ পৰা চহৰক কেনেকৈ পৃথক কৰা হয়, সেই বিষয়ে ভিন্নমত আছে। অনেক চহৰৰ নিজস্ব প্ৰশাসন, ইতিহাস আৰু আইন থাকে। সাধাৰণতে চহৰৰ নিজস্ব বিভিন্ন ব্যৱস্থা থাকে, যেনে: পয়োঃনিষ্কাশন, মাটিৰ ব্যৱহাৰ, ঘৰ, পৰিবহণ ইত্যাদি।
-
মাদ্ৰিদ
মাদ্ৰিদ হৈছে স্পেইনৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই স্পেইনৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে।
-
জলমণ্ডল
জলমণ্ডল (গ্ৰীক শব্দ: হাইড্ৰ’, “জল” আৰু স্পাইৰা, “মণ্ডল”) হৈছে ভূ-পৃষ্ঠত থকা সকলো সাগৰ-মহাসাগৰ, হ্ৰদ, নদ-নদী, ভূ-জল, অন্যান্য জলৰাশি, জলীয় বাষ্প আনকি গোটা অৱস্থাত থকা বৰফ, এই আটাইবোৰক একেলগে জলমণ্ডল বোলে। জলমণ্ডলে পৃথিৱীৰ পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ ঠাই আগুৰি আছে।
-
মানচিত্ৰ
ভূ-পৃষ্ঠ বা ইয়াৰ যিকোনো অংশৰ উপাদানসমূহৰ বিতৰণ দেখুৱাবলৈ সমতল ক্ষেত্ৰত প্ৰয়োজনীয় জোখ-মাখ কৰি যি চিত্ৰ প্ৰস্তুত কৰা হয় তাকে মানচিত্ৰ বোলা হয়। মানচিত্ৰ এখন প্ৰকৃততে এখন ঠাইৰ নিৰ্বাচিত উপাদানসমূহৰ চিহ্নিত প্ৰকাশ।
-
হিমস্খলন
হিমস্খলন হৈছে কোনো হেলনীয়া পৃষ্ঠত হোৱা বৰফৰ এক বৃহৎ সোঁত। সাধাৰণতে কোনো উচ্চ উচ্চতাত থকা বৰফৰ স্তুপৰ অস্থিৰতাৰ ফলত এনে স্খলনৰ আৰম্ভ হয়। স্খলন আৰম্ভ হোৱাৰ পিছত বৰফৰ তৰপটোৰ বেগ ক্ৰমান্নয়ে বৃদ্ধি পাই আৰু সোঁতত অধিক বৰফ খহাই নিয়ে।