ভাৰতৰ নগৰ মহানগৰ
৬৩ প্ৰবন্ধ
-
গুৱাহাটী
গুৱাহাটী অসমৰ সৰ্ববৃহৎ মহানগৰ আৰু উত্তৰ-পূব ভাৰতৰ এক মুখ্য বাণিজ্যিক, শৈক্ষিক আৰু প্ৰশাসনিক কেন্দ্ৰ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ নগৰটোক ঐতিহাসিকভাৱে প্ৰাগজ্যোতিষপুৰৰ সৈতে সংযুক্ত কৰা হয় আৰু আধুনিক যুগত ই “উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ” ৰূপে বিশেষ ভূমিকা পালন কৰি আহিছে।
-
কলিকতা
কলিকতা বা কলকাতা (Kolkata; বা Calcutta, কলকাতা) পশ্চিমবংগৰ ৰাজধানী, প্ৰদান বাণিজ্য কেন্দ্ৰ আৰু বৃহত্তম নগৰ। বঙালীত "কোলকাতা"ক আগতে "কলিকাতা" বুলি কোৱা হৈছিল। ই ভাৰতৰ মহানগৰসমূহৰ ভিতৰত অন্যতম। হুগলীৰ পূব দিশত অৱস্থিত এই নগৰৰ পৌৰ এলেকাৰ জনসংখ্যা ৫০ লাখৰো অধিক।
-
মুম্বাই
মুম্বাই (পূৰ্বতে বম্বে বা বোম্বাই, मुंबई. ) ভাৰতৰ অন্তৰ্ভুক্ত মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী। মুম্বাই প্ৰায় ১ কোটি ৪০ লাখ মানুহৰ বাসস্থান। মুম্বাইক ভাৰতৰ অৰ্থনৈতিক কেন্দ্ৰবিন্দু বুলি কোৱা হয়, কাৰণ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বম্বে ষ্টক এক্সচেঞ্জকে আদি কৰি বহু অৰ্থনৈতিক প্ৰতিষ্ঠানৰ কেন্দ্ৰীয় কাৰ্যালয় এই…
-
নতুন দিল্লী
নতুন দিল্লী (New Delhi, नई दिल्ली) হৈছে ভাৰতৰ ৰাজধানী। ই ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ দিল্লী চৰকাৰ কেন্দ্ৰ ৰূপে কাম কৰে। নতুন দিল্লী দিল্লী মহানগৰ অন্তৰ্গত আৰু ই দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১১খন জিলাৰ ভিতৰত এখন।
-
চেন্নাই
চেন্নাই (তামিল: சென்னை) বা পূৰ্বৰ (তামিল: மதறாஸ் মাড্ৰাছ) দক্ষিণ ভাৰতৰ তামিল নাডু ৰাজ্যৰ ৰাজধানী তথা ভাৰতৰ চতুৰ্থতম বৃহত্তম মেট্ৰ'পলিটান চহৰ। এইখন বঙ্গোপসাগৰৰ কৰমণ্ডল উপকূলত অৱস্থিত।
-
বেংগালুৰু
বেংগালুৰু (পূৰ্বে বাংগালোৰ, Bengaluru. ['beŋgəɭuːru]) ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ ৰাজধানী। এই চহৰক "ভাৰতৰ চিলিকন ভ্যেলী" বুলি জনা যায়।
-
হাইদৰাবাদ
হাইদৰাবাদ (హైదరాబాదు,;) ভাৰতৰ তেলঙ্গানা ৰাজ্যৰ ৰাজধানী। এই চহৰক "চিটি অব পাৰ্লছ" বুলি জনা যায়। হাইদৰাবাদৰ আয়তন ৬৫০ বৰ্গকিঃমিঃ আৰু জনসংখ্যা ৬৮ লাখ।
-
পুনে
পুনে (पुणे) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন মহানগৰ। ইয়াক পূৰ্বতে পুনা নামেৰে জনা গৈছিল। মহাৰাষ্ট্ৰৰ মুলা আৰু মুথা নদীৰ সংগম স্থলীত ইতিহাস প্ৰসিদ্ধ পুনে নগৰী অৱস্থিত। ‘দাক্ষিণাত্যৰ ৰাণী’ নামেৰে পৰিচিত পুনে নগৰী মাৰাঠা সকলৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়।
-
শ্বিলং
শ্বিলং (Shillong) উত্তৰ-পূৱ ভাৰতৰ এটি পাহাৰীয়া কেন্দ্ৰ আৰু মেঘালয় ৰাজ্যৰ ৰাজধানী। সমুদ্ৰপৃষ্ঠৰ পৰা গড়ে ৪,৯০৮ ফুট (১,৪৯৬ মিটাৰ) উচ্চতাত অৱস্থিত শ্বিলং পূৱ খাছী পাহাৰ জিলাৰ মূল কেন্দ্ৰ। ইয়াৰ সৰ্বোচ্চ বিন্দু শ্বিলং পিকৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ৬,৪৪৯ ফুট (১,৯৬৬ মিটাৰ)।
-
আহমেদাবাদ
আহমেদাবাদ ভাৰতৰ গুজৰাট ৰাজ্যৰ বৃহত্তম তথা পূৰ্বৰ ৰাজধানী চহৰ। ই আহমেদাবাদ জিলাৰ সদৰ আৰু গুজৰাট উচ্চ ন্যায়ালয় ইয়াতেই অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৫,৬৩৩,৯২৭জন। এই হিচাপে ই ভাৰতৰ পঞ্চম বৃহত্তম চহৰ আৰু আনুমানিক ৬,৩৫৭,৬৯৩জন লোকৰ সৈতে ই ভাৰতৰ সপ্তম বৃহত্তৰ মেট্ৰ'প'লিটান এলেকা।
-
জয়পুৰ
জয়পুৰ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ ৰাজধানী তথা বৃহত্তম চহৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি, ৩১ লাখ লোকৰ সৈতে ই ভাৰতৰ দশম আটাইতকৈ জনবহুল চহৰ। ইয়াক গোলাপী নগৰ (Pink City) বুলিও জনা যায় কাৰণ ইয়াৰ অধিকাংশ অট্টালিকাৰ ৰং গুলপীয়া। ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ পৰা ইয়াৰ দূৰত্ব ২৬৮ কি:মি: (১৬৭ মাইল)।
-
প্ৰয়াগৰাজ
পূৰ্বতে এলাহাবাদ নামেৰে পৰিচিত প্ৰয়াগৰাজ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ এখন প্ৰধান মহানগৰ ৷ ই প্ৰয়াগৰাজ জিলাৰ মুখ্য কাৰ্যালয় আৰু হিন্দুসকলৰ বাবে এক প্ৰধান তীৰ্থস্থান ৷ হিন্দু শাস্ত্ৰত উল্লেখ কৰা প্ৰয়াগৰ স্থান পবিত্ৰ গংগা আৰু যমুনা নদীৰ সংগমস্থলত অৱস্থিত ৷ এই সংগমতে সৰস্বতী নদী আহি লগ হৈছে, সেয়েহে…
-
দাৰ্জিলিং
দাৰ্জিলিং (Darjeeling) ভাৰতবৰ্ষৰ পশ্চিমবংগ ৰাজ্যত অৱস্থিত এখন চহৰ। ই পৰ্য্যটকৰ কেন্দ্ৰস্থল হিচাপে বিশ্ববিখ্যাত। ই চাহ উদ্যোগ আৰু ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থানৰ কেন্দ্ৰস্থল, দাৰ্জিলিং হিমালয়ান ৰেলৱে বাবেও খ্যাত।
-
তিৰুৱনন্তপুৰম
তিৰুৱনন্তপুৰম ( Thiruvananthapuram, തിരുവനന്തപുരം) ভাৰতৰ কেৰেলা ৰাজ্যৰ ৰাজধানী চহৰ। এই চহৰৰ আন এটা নাম ত্ৰিবান্দ্ৰম। ২০১১ চনৰ লোকপিয়ল অনুসৰি, তিৰুৱনন্তপুৰম পৌৰ নিগমৰ জনসংখ্যা আছিল ৯,৫৭,৭৩০ জন। এই চহৰখন ২১৪.৮৬ বৰ্গ কিলোমিটাৰ অঞ্চলজুৰি বিস্তৃত। ই কেৰেলাৰ আটাইতকৈ বেছি জনসংখ্যা থকা চহৰ।
-
দেৰাডুন
দেৰাডুন ভাৰতৰ এখন মহানগৰ আৰু ই উত্তৰাখণ্ডৰ ৰাজধানী। এই চহৰ খন ভাৰতবৰ্ষৰ ৰাজধানী চহৰ দিল্লীৰ পৰা প্ৰায় ২৩৬ কিলোমিটাৰ উত্তৰে গিৰিৰাজ হিমালয়ৰ পাদদেশত অৱষ্ঠিত। চহৰখনৰ পশ্চিমে গংগানদী আৰু পূবে যমুনা নদী আছে। দেৰাডুন চহৰৰ জলবাযু প্ৰায়ে শীতল হৈ থাকে।
-
পুৰী
পুৰী হৈছে ভাৰতৰ উৰিষ্যাৰ এখন লেখতলবলগীয়া চহৰ। ই পুৰী জিলাৰ সদৰ ঠাই। বংগোপসাগৰৰ পাৰৰ এই ঠাইডোখৰ উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰৰ পৰা ৬০ কিঃ মিঃ দক্ষিণে অৱস্থিত। ১১শ শতিকাত নিৰ্মিত 'জগন্নাথ মন্দিৰৰ' পৰা ইয়াক জগন্নাথ পুৰী বুলিও জনা যায়।
-
ইম্ফাল
ইম্ফাল (ꯏꯝꯐꯥꯜ), ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজধানী আৰু মহানগৰ। চহৰ খনৰ কেন্দ্ৰত পুৰণি মণিপুৰ ৰাজ্যৰ ৰাজ হাউলি কাংলা মহলৰ ভগ্নাৱশেষ চাৰিওফালে গড়াৰে আৱৰি আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪৪ চনৰ মাৰ্চ মাহৰ পৰা জুলাইলৈকে ইয়াত ইম্ফল যুদ্ধ সংঘটিত হৈছিল। ইম্ফাল মহানগৰৰ বৰ্তমান মেয়ৰ এল. লোকেশ্বৰ সিং।
-
নাগপুৰ
নাগপুৰ (Nagpur, नागपुर) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ দ্বিতীয় ৰাজধানী আৰু তৃতীয় বৃহত্তম চহৰ। কেন্দ্ৰীয় ভৌগোলিক অৱস্থানৰ বাবে ইয়াক ভাৰতৰ হৃদপিণ্ড বুলি কোৱা হয়। এইখন চহৰ মধ্য ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু জনবসতিপূৰ্ণ চহৰ। "কমলা চহৰ" নামেৰেও জনাজাত নাগপুৰ হ'ল জনসংখ্যাৰফালৰপৰা ভাৰতৰ ত্ৰয়োদশ বৃহত্তম চহৰ।
-
ভূপাল
ভূপাল হৈছে ভাৰতীয় ৰাজ্য মধ্যপ্ৰদেশৰ ৰাজধানী চহৰ আৰু ভূপাল জিলা তথা ভূপাল বিভাগ—দুয়োটাৰে প্ৰশাসনিক মুখ্য কাৰ্যালয়। চহৰখনৰ সীমাৰ ওচৰে-পাঁজৰে থকা বিভিন্ন প্ৰাকৃতিক আৰু কৃত্ৰিম হ্ৰদৰ উপস্থিতিৰ বাবে ভূপালক হ্ৰদৰ চহৰ বুলি জনা যায়।
-
বৃন্দাবন
বৃন্দাবন (वृन्दावन) হৈছে উত্তৰ প্ৰদেশ, ভাৰতৰ মথুৰা জিলাৰ এখন নগৰ। মহাভাৰতৰ মতে, এই অঞ্চলতে ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ বাল্যকাল অতিবাহিত কৰিছিল। এই নগৰখন শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ পৰা প্ৰায় ১০ কিমি আঁতৰত অৱস্থিত। নগৰখনত ৰাধা আৰু কৃষ্ণৰ পূজাৰ বাবে উৎসৰ্গিত শতাধিক মন্দিৰ আছে।
-
মহীশূৰ
মহীশূৰ (ಮೈಸೂರು) কৰ্ণাটকৰ তৃতীয়খন বৃহৎ আৰু জনপ্ৰিয়তাৰ তৃতীয় স্থানত থকা মহানগৰ। কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুৰ দক্ষিণ পশ্চিম দিশলৈ চামুণ্ডী শিলৰ তললৈ অৱস্থিত এই মহানগৰখনৰ কালি ১২৮.৪২ বৰ্গ কিল'মিটাৰ, জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ৮৮৭,৪৪৬। ১৩৯৯ চনৰ পৰা ১৯৫৬ চনলৈ মহীশূৰ আছিল মহীশূৰ ৰাজ্যৰ ৰাজধানী।
-
ৰাঁচী
ৰাঁচী (ᱨᱟᱺᱪᱤ) হৈছে ভাৰতৰ ৰাজ্য ঝাৰখণ্ডৰ ৰাজধানী। ৰাঁচী ঝাৰখণ্ড আন্দোলনৰ কেন্দ্ৰ আছিল, যি আন্দোলনে দক্ষিণ বিহাৰ, উত্তৰ উৰিষ্যা, পশ্চিম পশ্চিমবঙ্গ আৰু বৰ্তমান ছত্তীছগঢ়ৰ পূৱ অঞ্চল একত্ৰিত কৰি এক পৃথক ৰাজ্যৰ দাবি কৰিছিল। ২০০০ চনৰ ১৫ নৱেম্বৰত বিহাৰৰ কিছু অংশৰ পৰা ঝাৰখণ্ড ৰাজ্য গঠন কৰা হৈছিল।
-
আইজল
আইজল (Aizawl;; মিজো: ) হৈছে মিজোৰামৰ ৰাজধানী চহৰ। ১৮৯০ চনত ২৫ ফেব্ৰুৱাৰীত আইজল চহৰে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে। মুঠ ২,৯৩,৪১৬ জনসংখ্যাৰে ই ৰাজ্যখনৰ বৃহত্তম চহৰ। ৰাজ্যৰ প্ৰশাসনীয় কাম-কাজসমূহ ইয়াৰপৰাই পৰিচালিত হয়। জনগাঁঠনিৰ সিংহভাগ মিজোসকলৰ বিভিন্ন জনগোষ্ঠীৰে গঠিত।
-
খাজুৰাহো
খাজুৰাহো (Khajuraho), ভাৰতৰ মধ্য প্ৰদেশ ৰাজ্যৰ ছতৰপুৰ জিলাৰ এখন নগৰ পঞ্চায়ত শাসিত চহৰ। এই ঠাইখন খাজুৰাহো স্মাৰকসমূহৰ বাবে বিখ্যাত। খাজুৰাহো স্মাৰকসমূহ ৰাজপুত বংশোদ্ভুত চান্দেলা ৰাজবংশৰ অধীনত ৯৫০ আৰু ১০৫০ খ্ৰীষ্টাব্দৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত। এই সময়টি আছিল উক্ত ৰাজবংশৰ শাসনৰ স্বৰ্ণযুগ।
-
বিশাখাপট্টনম
বিশাখাপট্টনম (Visakhapatnam) (পূৰ্বতে বিজাগাপত্নম নামেৰে জনাজাত) ইয়াৰ উপৰিও (বাইজেগ, বিশাখা বা ৱালটাইৰ নামেৰেও জনাজাত) হৈছে ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ আটাইতকৈ ডাঙৰ আৰু জনবহুল চহৰ। ই পূবঘাট আৰু বংগোপসাগৰৰ উপকূলৰ মাজত অৱস্থিত।
-
টাৱাং
টাৱাং (Tawang) অৰুণাচল প্ৰদেশৰ এখন পৰ্যটনথলী। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 3,048 মিটাৰ উচ্চতাত থকা এই ঠাইখন ৰাজ্যখনৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত। টাৱাঙক চীনে মাজে সময়ে দক্ষিণ তিব্বতৰ অন্তৰ্গত বুলি দাবী কৰে। এসময়ত টাৱাং, কামেং জিলাৰ সদৰ আছিল কিন্তু পিছলৈ টাৱাং জিলাৰ সদৰ হিচাবে ঘোষণা কৰা হয়।
-
পাছিঘাট
পাছিঘাট উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত পূব ছিয়াং জিলাৰ সদৰ ঠাই৷ এই নগৰখন সাগৰ পৃষ্ঠৰ পৰা ১৫৫ মিটাৰ উচ্চতাত হিমালয় পৰ্বতমালাৰ একাংশ জুৰি অৱস্থিত৷ পাছিঘাট অৰুণাচল প্ৰদেশৰ ভিতৰত প্ৰাচীনতম নগৰ বুলি জনা যায়৷
-
কলিকট
কলিকট (കോഴിക്കോട് ), হ'ল দক্ষিণ ভাৰতৰ কেৰেলা ৰাজ্যৰ মালাবাৰ উপকূলত অৱস্থিত এখন মহানগৰ। ই কেৰেলাৰ তৃতীয় বৃহৎ মহানগৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি নগৰখনৰ জনসংখ্যা ২,০৩০,৫১৯ জন।. এই ঠাইখন ক'ঝিক'ড জিলাৰ সদৰ ঠাই।
-
আলাপ্পুয়া
আলাপ্পুয়া (Alappuzha, ) বা আল্লেপ্পী হ’ল ভাৰতৰ দক্ষিণৰ ৰাজ্য কেৰালাৰ লাক্ষাদ্বীপ সাগৰৰ পাৰত অৱস্থিত এখন পৌৰসভা আৰু চহৰ। এইখন আলাপ্পুয়া জিলাৰ প্ৰশাসনিক সদৰ। এই চহৰখন ৰাজ্যৰ ৰাজধানী তিৰুৱনন্তপুৰমৰপৰা প্ৰায় ১৩০ কিলোমিটাৰ উত্তৰে অৱস্থিত।
-
বমডিলা
বমডিলা (Bomdila) উত্তৰ-পূব ভাৰতৰ পশ্চিম কামেং জিলাৰ সদৰ ঠাই৷ অৰুণাচল প্ৰদেশৰ ৬০ টা সমষ্টিৰ ভিতৰত বমডিলা অন্যতম৷ এই নগৰখন প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে পৰ্য্যটনৰ ক্ষেত্ৰত এক আকৰ্ষণীয় ঠাই৷