শোণিতপুৰ জিলাৰ পৰ্যটনস্থলী
২৬ প্ৰবন্ধ
-
নামেৰি ৰাষ্ট্ৰীয় উদ্যান
নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল অসমৰ শোণিতপুৰ জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই অৰুণাচল প্ৰদেশৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ সীমান্তৱৰ্ত্তী এক উদ্যান আৰু এই দুয়োখনে মিলি প্ৰায় ১০০০ বৰ্গ কিমি অঞ্চল আগুৰি আছে।
-
বাণ ৰঙ্গমঞ্চ
বাণ ৰঙ্গমঞ্চ হৈছে অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ সাংস্কৃতিক সাধনাৰ অন্যতম ঐতিহ্যমণ্ডিত কেন্দ্ৰ। এই মঞ্চক বাণ ষ্টেজ আৰু বাণ থিয়েটাৰ বুলিও জনা যায়। অসমৰ ভালেকেইগৰাকী বৰণ্যে শিল্পী, কলা-কুশলী তথা নাট্যকাৰৰ সাংস্কৃতিক জীৱনৰ শুভাৰম্ভ বাণ ৰঙ্গমঞ্চতেই হৈছিল।
-
অগ্নিগড়
অগ্নিগড় (Agnigarh) হৈছে তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গড়। এই গড়টো তেজপুৰৰ বাণৰজাই নিৰ্মাণ কৰিছিল। শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে।
-
হৰি-হৰ যুদ্ধ
হৰি-হৰ যুদ্ধ অসমত প্ৰচলিত এটা কিংবদন্তি। ভগবান কৃষ্ণ আৰু শিৱৰ মাজত সংঘটিত হোৱা এখন যুদ্ধক লৈ ই প্ৰচলিত। অসমৰ তেজপুৰ নগৰৰ নামৰ উৎপত্তিৰ কাৰণ হিচাবে এই প্ৰবাদ বিখ্যাত। এসময়ত তেজপুৰত বাণ নামৰ এজন শিৱভক্ত অসুৰ ৰজাই ৰাজত্ব কৰিছিল। বাণ ৰজাৰ জীয়ৰী উষাৰ সৌন্দৰ্য্য আছিল জগত বিখ্যাত।
-
জ্যোতি ভাৰতী
জ্যোতি ভাৰতী বা পকী হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহ। মহাত্মা গান্ধী, মতিলাল নেহৰু, জৱাহৰলাল নেহৰুকে আদি কৰি বহুকেইজন বিশিষ্ট স্বাধীনতা সংগ্ৰামীয়ে জ্যোতি ভাৰতীত পদাৰ্পণ কৰিছিল। এই 'পকী' বা জ্যোতি ভাৰতীৰ স্থাপত্য আৰু নিৰ্মাণশৈলী ৰাজস্থানী আৰু আহোম যুগৰ শৈলীৰ সংমিশ্ৰণত গঢ়ি উঠিছে।
-
বিশ্বনাথ ঘাট
বিশ্বনাথত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ যজ্ঞ:-"ৰুদ্ৰসিংহ বিশ্বনাথত যজ্ঞ কৰিবলৈ আহিছিল। আখনত গুৱাহাটাত মুৰকৈ নৰা কোঁঞৰ ফুকনক থলে। পাণীফুকন, বৰগোহাঞি, ফুকন আলো ৰাজখোৱাবোৰ আছিল। পাচে তিনি ৰজা আহি চকীয়াল বৰুৱাৰ হাতত দিলে। মাঘৰ ১৩ দিন আছিতে বিজয়ৰাম সহিতে আমাৰ কটকী আহি জাগীত দহ দিন থাকি গুৱাহাটা পালেহি।
-
দ-পৰ্বতীয়া
তেজপুৰ চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমৰ দ-পৰ্বতীয়া নামৰ গাঁৱত থকা এখন প্ৰাচীন শিলৰ তোৰণ বা শৈল দ্বাৰ দ-পৰ্বতীয়া শিলৰ তোৰণ নামে প্ৰখ্যাত। পৰ্যটকৰ বাবে এই তোৰণ বিশেষভাৱে আকৰ্ষণীয়। দ-পৰ্বতীয়াৰ ওচৰৰ ‘শিলিখা দলনি’ বোলা এক বিস্তীৰ্ণ পথাৰতে হৰি-হৰ যুদ্ধ হৈছিল বুলিও ঠাৱৰ কৰা হয়।
-
বিশ্বনাথ ক্ষেত্ৰ
বিশ্বনাথ ক্ষেত্ৰ বিশ্বনাথ চাৰিআলি নগৰৰ পৰা প্ৰায় ১০ কি:মি: দক্ষিণে অৱস্থিত এখন প্ৰাচীনতম পবিত্ৰ স্থান। বিশ্বনাথ ক্ষেত্ৰত থকা বিভিন্ন শিলৰ গাঁত বিলাকে প্ৰমাণ কৰে যে আদিম কালত ই আছিল অষ্ট্ৰিক সকলৰ বাসস্থান।
-
মহাভৈৰৱ মন্দিৰ
তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মান কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লেচা।
-
চিত্ৰলেখা উদ্যান
অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ এখন ঐতিহাসিক উদ্যান। পূৰ্বতে এই উদ্যানৰ নাম ক'ল পাৰ্ক আছিল। চিত্ৰলেখা উদ্যানক তেজপুৰৰ এক যাদুঘৰ বুলিব পাৰি।
-
ভৈৰৱী মন্দিৰ
ভৈৰৱী মন্দিৰ তেজপুৰ নগৰৰ নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ নিচেই কাষত এটা টিলাৰ ওপৰত অৱস্থিত। বামুণী পাহাৰৰ কিছু পূবে থকা এই মন্দিৰ স্থানীয়ভাৱে "মাইথান" বুলি জনাজাত। মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় ৬ বিঘা।
-
বামুণী পাহাৰ
বামুণী পাহাৰ অসমৰ তেজপুৰ নগৰৰ দক্ষিণ-পূব কোণত অৱস্থিত। ব্ৰহ্মপুত্ৰৰ পাৰত স্থিত এই পাহাৰত সৰু-ডাঙৰ আঠপহীয়া শিলত কটা পদুম ফুল, ডাঙৰ শিলাখণ্ডত কটা দশাৱতাৰ মূৰ্তিৰ লগতে নৰসিংহৰ হিৰণ্যকশিপুৰ বধৰ শিলামূৰ্তি, অপৰূপা অপ্সৰাৰ মূৰ্তি আদি আছে। ইয়াত গজব্যাস ব্ৰহ্মাৰ মূৰ্তি, নন্দীমুখ আদিও দেখিবলৈ পোৱা যায়।
-
হলেশ্বৰ দেৱালয়
হলেশ্বৰ দেৱালয় শোণিতপুৰ জিলাত অৱস্থিত অসমৰ অন্যতম এক শিৱ উপাসনাৰ থলী। তেজপুৰ চহৰৰ পৰা প্ৰায় ১০ কিল’মিটাৰ উত্তৰে গৰৈমাৰীৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে হলেশ্বৰ দেৱালয় অৱস্থিত। মন্দিৰটোৰ নামেৰেই ঠাইখনৰ নামো ‘নিজ হলেশ্বৰ’ হৈছে। মূল শিৱ মন্দিৰৰ লগতে আটকধুনীয়া মণিকূটেৰে এক নামঘৰো আছে।
-
দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ
তেজপুৰ নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমে দ-পৰ্বতীয়া নামৰ গাঁৱত ইতিহাস প্ৰসিদ্ধ দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ অৱস্থিত। এই স্থান ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে।
-
পদুম পুখুৰী
তেজপুৰ চহৰৰ পশ্চিম দিশত, চিত্ৰলেখা উদ্যানৰ কাষতে এক বিস্তৃত অঞ্চল এই পুখুৰীয়ে আৱৰি লৈ তেজপুৰ চহৰৰ সৌন্দৰ্য্য বৰ্দ্ধন কৰিছে। পুখুৰীৰ মাজত এটা গোলাকাৰ সৰু দ্বীপ আছে। বৃটিছসকলৰ দিনত এই পুখুৰীটো তৃতীয় জৰ্জৰ নামেৰে ’জৰ্জ লেক’ নামে পৰিচিত আছিল।
-
শোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
শোণিতপুৰ জিলা অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ সদৰ ঠাই তেজপুৰ। শোণিতপুৰ জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। শোণিতপুৰ জিলা বিভিন্ন ঐতিহাসিক সমলেৰে চহকী।
-
উমাটুমনি
উমাটুমনি বা উমাবন, ব্ৰহ্মপুত্ৰ নদীৰ বিশ্বনাথ ঘাটৰ বুঢ়ীগাং নদী আৰু ব্ৰহ্মপুত্ৰই ব-ছেৰা সোঁতাৰ সংগম স্থলত অৱস্থিত এটা প্ৰাকৃতিক নদী দ্বীপ। বিশ্বনাথ চাৰিআলি নগৰৰ পৰা দক্ষিণলৈ ৬ কি: মি: দুৰত এই উমাটুমনি বা উমাবন অৱস্থিত।
-
কেতেকেশ্বৰ দেৱালয়
তেজপুৰ নগৰৰ আন এক পবিত্ৰ স্থান হৈছে "কেতেকেশ্বৰ" বা স্থানীয় ৰাইজৰ পৰিচিত "থিয় শিলা"। তেজপুৰৰ পৰা প্ৰায় ২ কি:মি: উত্তৰে কেতেকীবাৰীৰ বাঁহবাৰী এখনত পোত গৈ আছে বিশ্বৰ বৃহত্তম শিৱ লিংগ বুলি ঠাৱৰ কৰা কেতেকেশ্বৰ। এয়া গুপ্ত যুগৰে নিদৰ্শন বুলি অনুমান কৰা হয়।
-
গুপ্তেশ্বৰ দেৱালয়
গুপ্তেশ্বৰ দেৱালয় বা গুপ্তেশ্বৰ মন্দিৰ (Gupteswar Temple) হৈছে অসমৰ শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তত ঢেকীয়াজুলি চহৰৰ অৱস্থিত হিন্দু ধৰ্মৰ এক দেৱালয়। এই দেৱালয় শিঙৰী মন্দিৰ হিচাপেও জনা যায়, কালিকা পুৰাণটো শৃংগটক নামেৰে ইয়াৰ উল্লেখ আছে।
-
বিশ্বনাথ মন্দিৰ
বিশ্বনাথ মন্দিৰ শোণিতপুৰ জিলাৰ বিশ্বনাথ ঘাটত অৱস্থিত এটা মন্দিৰ। সম্ভৱত ৬৫০-৯৯০ খ্ৰীঃ ত শালস্তম্ভ বংশৰ ৰজাসকলে পোনপ্ৰথমে বিশ্বনাথৰ নামত শৈলমন্দিৰ স্থাপন কৰিছিল।
-
ৰুদ্ৰপদ দেৱালয়
ৰুদ্ৰপদ দেৱালয় তেজপুৰ চহৰৰ উত্তৰ দিশত, ব্ৰহ্মপুত্ৰ নদীৰ গাতে লাগি থকা পাহাৰৰ ওপৰত অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। লোকবিশ্বাস অনুসৰি ভগৱান শিৱই তেওঁৰ বাওঁভৰিৰ এটা চাপ মন্দিৰৰ শিলাখণ্ড এটুকুৰাত এৰি থৈ গৈছে।
-
কলীয়া গোঁসাই সত্ৰ
কলীয়া গোঁসাই সত্ৰ অসমৰ শোণিতপুৰ জিলাৰ বালিপৰা অঞ্চলত অৱস্থিত এখন সত্ৰ। বালিপৰা অঞ্চলক প্ৰসিদ্ধ কৰা প্ৰধান চাৰিখন সত্ৰৰ ভিতৰত কলীয়া গোঁসাই সত্ৰ বা থান অন্যতম। দৈনিক অসমৰ বিভিন্ন প্ৰান্তৰ লোকে আহি এই সত্ৰখন দৰ্শন কৰেহি। লোকবিশ্বাস অনুসৰি এই সত্ৰৰ মহিমা অপাৰ।
-
পিঠাগুৰি দৌল
পিঠাগুৰি দৌল (Pithaguri Doul) অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমতলা অঞ্চলত অৱস্থিত এটা ঐতিহাসিক ধৰ্মীয় স্থান। অসম চৰকাৰৰ ২০১৯–২০ বৰ্ষৰ বাজেট নথিত পিঠাগুৰি দৌলক শোণিতপুৰ জিলাৰ ধৰ্মীয় স্থানসমূহৰ তালিকাত Pithaguri Doul, Kusumtola, Jamuguri নামেৰে অন্তৰ্ভুক্ত কৰা হৈছে।
-
বুঢ়া গোঁসাই দেৱালয়
বুঢ়া গোঁসাই দেৱালয় তেজপুৰৰ ন-দুৱাৰ অঞ্চলৰ জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাঁৱত অৱস্থিত এটা মন্দিৰ। এই দেৱালয় আহোম যুগত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ তত্ত্বাৱধানত নিৰ্মিত। পিছত ১৬৮৭ খ্ৰীষ্টাব্দত শিৱ সিংহই এই দেৱালয়খন পুনৰ নিৰ্মাণ কৰোৱায়।
-
গড় দ’ল
গড় দ'ল বা গড় দৌল শোণিতপুৰ জিলাত অৱস্থিত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ সংৰক্ষিত স্থান। ই অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নৰ অন্যতম। ই তেজপুৰৰ পৰা প্ৰায় ৭ কিঃমিঃ নিলগত তৰাজান কুমাৰগাঁৱত অৱস্থিত। গড় দ'লৰ ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগে প্ৰদান কৰা নম্বৰ হ'ল S-AS-95।
-
জিলা সংগ্ৰহালয়, তেজপুৰ
তেজপুৰ জিলা সংগ্ৰহালয় হৈছে তেজপুৰ চহৰৰ কেন্দ্ৰস্থলত অৱস্থিত অসমৰ ১২টা সংগ্ৰহালয়ৰ এটা। ১৯৮৬ চনৰ ১৬ মাৰ্চ মাহত এই সংগ্ৰহালয়টো অসমৰ গুৱাহাটীস্থিত সংগ্ৰহালয় পৰিৱেশকৰ অধীনত স্থাপন কৰা হৈছিল।