ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
হৰিৎ প্ৰদেশ
হৰিৎ প্ৰদেশ হৈছে ভাৰতৰ এখন প্ৰস্তাৱিত ৰাজ্য যি উত্তৰ প্ৰদেশৰ পশ্চিম অংশক সামৰি লয়। হৰিৎ শব্দৰ অৰ্থ হৈছে সেউজীয়া যি অঞ্চলটোৰ কৃষিক্ষেত্ৰৰ উন্নত অৱস্থাক প্ৰতিনিধিত্ব কৰে। এই অঞ্চলটোৰ জনসাংখ্যিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক বৈশিষ্ট আৰু গঠন উত্তৰ প্ৰদেশৰ আন অংশৰ তুলনাত পৃথক।
-
হৰিৰহাট
হৰিৰহাট ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ গোলকগঞ্জ মহকুমাত এখন সৰু গাঁও আৰু বজাৰ। ই প্ৰাচীন বসতিস্থল "পূৰ্ণি গাঁও" অঞ্চলৰ অংশ। পূৰ্ণি গাওঁত অৱস্থিত স্থানীয় পঞ্চায়ত কাৰ্যালয়ে হৰিৰহাট গাঁও পঞ্চায়তৰ পৰিচালনা কৰে।
-
১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 153, NH 153) অৰুণাচল প্ৰদেশৰ লিডুত আৰম্ভ হৈ ভাৰত-ম্যানমাৰ সীমান্তত শেষ হৈছেগৈ। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬০ কিঃমিঃ। ইয়াৰে ২০ কিঃমিঃ অসমত আৰু ৪০ কিঃমিঃ অৰুণাচল প্ৰদেশত অৱস্থিত।
-
১৯৩০ চনৰ ধুবুৰীৰ ভূমিকম্প
১৯৩০ চনৰ ধুবুৰীৰ ভূমিকম্প (ইংৰাজী: 1930 Dhubri earthquake) স্থানীয় সময় অনুসৰি ৩ জুলাইৰ পুৱা ০৩:২৩ বজাত (ভাৰতীয় মান সময়) ভাৰতৰ (তেতিয়াৰ ব্ৰিটিছ ভাৰত) ধুবুৰীৰ সমীপত সংঘটিত হৈছিল। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.১ মেগ্নিটিউড।
-
২০২১ মগবাজাৰ বিস্ফোৰণ
২০২১ চনৰ ২৭ জুনত বাংলাদেশৰ ৰাজধানী ঢাকাৰ মগবাজাৰৰ ৱয়াৰলেচ গেটত মগবাজাৰ বিস্ফোৰণ সংঘটিত হৈছিল। কমেও ৭জন লোক নিহত হৈছিল আৰু ১০০ৰো অধিক লোক আহত হৈছিল, যাৰ ভিতৰত ৬৬ জনক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে ঘটনাটো হিমায়িত গেছৰ ফলত সংঘটিত হৈছিল।
-
২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 229, চমুকৈ: NH 229) হৈছে অৰুণাচল প্ৰদেশৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। ই ৰাষ্ট্ৰীয় ঘাইপথটো ৰাজ্যখনৰ পশ্চিমত অৱস্থিত টাৱাঙ চহৰত আৰম্ভ হৈছে। তাৰ পৰা এই পথটো পাছিঘাট গৈ শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ১০৯০ কিঃমিঃ। এই পথটো কেৱল অৰুণাচল প্ৰদেশতেই বিস্তৃত হৈ আছে।
-
ৰংথাইলিয়াং ১ শিপা দলং
ৰংথাইলিয়াং ১ শিপা দলং (Rangthylliang 1 root bridge) হ'ল উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ চেৰাপুঞ্জী অঞ্চলৰ এখন জীৱন্ত শিপাৰ দলং। ইয়াৰ দৈৰ্ঘ্য ৫০ মিটাৰ (১৬০ ফুট)। শিপাৰ দলংসমূহৰ ভিতৰত ই আটাইতকৈ দীঘল। ৰংথাইলিয়াং গাঁৱৰ নামেৰে এই দলংখনৰ নামকৰণ কৰা হৈছে আৰু তাত এনে আৰু ৫খন শিপাৰ দলং আছে।
-
ৰসমালাই
ৰসমালাই হৈছে ভাৰতীয় উপমহাদেশৰ পৰা উদ্ভৱ হোৱা এটা মিঠাই। মিঠাইটোক বঙালী ভাষাত ৰসমালাই, উৰ্দু আৰু হিন্দীত ৰসমলাই আৰু ওড়িয়াত ৰসমলেই বুলি কোৱা হয়। যদিও বিভিন্ন ঠাইত ৰসমালাই তৈয়াৰ কৰা হয়, তাৰে ভিতৰত বাংলাদেশৰ কুমিল্লা জিলা আৰু ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ কলকাতাৰ ৰসমালাই মুখ্যভাৱে জনা যায়।
-
ৰাগ ভীমসেন
ভীমসেন হৈছে কৰ্ণাটকী সংগীত আৰু হিন্দুঃস্থানী শাস্ত্ৰীয় সংগীতত এটা ৰাগ (ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ স্কেল) যি সংগীত সুৰকাৰ ৰদ্বাৰা সৃষ্ট। এই ৰাগৰ নামকৰণ কৰা হৈছে ‘ভাৰত ৰত্ন’ পণ্ডিত ভীমসেন যোশী (BHIM) আৰু মিয়া তানসেন (SEN)ৰ নামেৰে।
-
ৰাজহ চক্ৰ
ৰাজহ চক্ৰ (Revenue circle), ৰাজহ সংমণ্ডল, ফিৰ্কা, বা পাটোৱাৰ চক্ৰ হৈছে ভাৰতৰ ৰাজ্যসমূহৰ বিভিন্ন জিলাৰ অন্তৰ্গত এক স্থানীয় ৰাজহ উপ-বিভাগ বা অঞ্চল। ৰাজহ চক্ৰসমূহৰ উদ্দেশ্যে হʼল স্থানীয় প্ৰশাসনক সৰল কৰা। প্ৰতিটো ৰাজহ চক্ৰৰ অধীনত কিছুসংখ্যক ৰাজহ গাঁও থাকে, যিবোৰ ৰাজহ পৰিদৰ্শকৰদ্বাৰা পৰিচালিত হয়।
-
ৰাজাবিল
ভাৰতৰ অসমৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত এখন ৰাজহ গাঁও ৰাজাবিল। ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি ৰাজাবিল গাঁৱৰ মুঠ জনসংখ্যা ১৮৯১ জন, তাৰে পুৰুষ ৯৩৯ জন আৰু মহিলা ৯৫২জনী আছে।ৰাজাবিল গাঁৱত এখন চুইচ গেট আছে, যিখনে বাৰিষাৰ সময়ত পানীৰ স্তৰ নিয়ন্ত্ৰণ আৰু ক্ষন্তেকীয়া বানপানী প্ৰতিৰোধ কৰাত…
-
ৱাংখেই ফি
ৱাংখেই ফি (Wangkhei Phee) ভাৰতৰ মণিপুৰ ৰাজ্যত বগা কপাহৰ দ্বাৰা নিৰ্মিত একপ্ৰকাৰৰ পাৰম্পৰিক বস্ত্ৰ। সামগ্ৰীৰ ভৌগোলিক স্বীকৃতি (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯ অনুসৰি ইয়াক মণিপুৰৰ পৰা ভৌগোলিক স্বীকৃতি প্ৰাপ্ত হস্তশিল্প হিচাপে পঞ্জীয়ন কৰা হৈছে। ৱাংখেই ফি একপ্ৰকাৰৰ স্বচ্ছ বস্ত্ৰ।
-
ৱালাপট্টন্নম নদী
ৱালাপট্টনম নদী উত্তৰ কেৰালাৰ কান্নুৰ জিলাৰ মাজেৰে বৈ যোৱা ১১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন নদী। ই কান্নুৰ জিলাৰ আটাইতকৈ দীঘল নদী।