যোৰহাট জিলা
২৭ প্ৰবন্ধ
-
যোৰহাট
যোৰহাট অসমৰ উজনি অংশৰ এখন ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে প্ৰভাৱশালী নগৰ, আৰু যোৰহাট জিলাৰ সদৰ। আহোম শাসনৰ অন্তিম ৰাজধানী হিচাপে ইয়াৰ ঐতিহ্য, উচ্চ স্বাক্ষৰতাৰ ধাৰা, আৰু চাহ-গৱেষণাকে ধৰি আধুনিক শিক্ষাগৱেষণা প্ৰতিষ্ঠানসমূহে চহৰখনক বিশেষ গুৰুত্ব দিছে।
-
যোৰহাট জিলা
যোৰহাট জিলা অসম ৰাজ্যৰ এটি গুৰুত্বপূর্ণ প্ৰশাসনিক একক, যাৰ সদৰ যোৰহাট চহৰ। শিক্ষাৰ বিস্তাৰ, সাহিত্য-সংস্কৃতিৰ বিকাশ, চাহ উদ্যোগ আৰু গৱেষণা-প্ৰতিষ্ঠানসমূহৰ উপস্থিতিৰ বাবে এই জিলাখনক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বুলি বহুতে চেনে।
-
তিতাবৰ মহকুমা
তিতাবৰ মহকুমা অসমৰ যোৰহাট জিলাৰ অন্তৰ্গত এক কৃষিনিৰ্ভৰ প্রশাসনিক একক, যোৰহাট নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত অৱস্থিত। ধান উৎপাদন আৰু ধান গৱেষণাৰ ঐতিহাসিক ধাৰা, লগতে শিক্ষা-সাংস্কৃতিক প্ৰতিষ্ঠান আৰু যোগাযোগ ব্যৱস্থাই তিতাবৰক ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক উল্লেখযোগ্য অঞ্চল ৰূপে চিহ্নিত কৰে।
-
যোৰহাট বিমানবন্দৰ
যোৰহাট বিমানবন্দৰ অসমৰ যোৰহাট জিলাত অৱস্থিত এটা অসামৰিক আৰু ভাৰতীয় বায়ু সেনাৰ দ্বৈত ব্যৱহাৰৰ বিমানবন্দৰ। যোৰহাট নগৰৰ পৰা প্ৰায় ৭ কিমি দক্ষিণ-পশ্চিমে থকা এই বিমানবন্দৰটো ৰৰৈয়া বিমানবন্দৰ নামেও জনাজাত আৰু দ্বিতীয় বিশ্বযুদ্ধকালীন কৌশলগত প্ৰয়োজনৰ পটভূমিত গঢ় লৈ উঠিছিল।
-
যোৰহাট লোকসভা সমষ্টি
যোৰহাট লোক সভা সমষ্টি অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
-
টীয়ক
টীয়ক অসমৰ যোৰহাট জিলাত অৱস্থিত এখন ঠাই। ই যোৰহাট নগৰৰ পৰা প্ৰায় ২৫ কি:মি: দূৰত অৱস্থিত।
-
ভোগদৈ নদী
ভোগদৈ নদী (Bhogdoi River) ব্ৰহ্মপুত্ৰ নদৰ এখন দক্ষিণ বাহিনী উপনদী। নগা পাহাৰৰ পৰা উৎপত্তি হৈ ই যোৰহাট চহৰৰ মাজেদি প্ৰবাহিত হৈছে আৰু অন্য এখন নদীৰ সৈতে মিলিত হৈ নদীখনৰ নাম গেলাবিল হৈ যায় আৰু ব্ৰহ্মপুত্ৰত লগ লাগে। পূৰ্বতে ভোগদৈ নদী খনৰ নাম আছিল দিচৈ। ইয়াৰ পুৰণা সুঁতিটো বৰ্তমান মৰিদিচৈ নামেৰে জনাজাত।
-
মৰিয়নি
মৰিয়নি (Mariani) অসমৰ যোৰহাট জিলাত অৱস্থিত এখন ঠাই।
-
টীয়ক বিধানসভা সমষ্টি
টীয়ক বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৯৯ হৈছে টীয়ক বিধানসভা সমষ্টিৰ ক্ৰমাংক। টীয়ক যোৰহাট জিলাৰ চাৰিখন বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
যোৰহাট বিধানসভা সমষ্টি
যোৰহাট বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১০০ হৈছে যোৰহাট বিধানসভা সমষ্টিৰ ক্ৰমাংক। যোৰহাট যোৰহাট জিলাৰ চাৰিখন বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
তিতাবৰ বিধানসভা সমষ্টি
তিতাবৰ বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১০২ হৈছে তিতাবৰ বিধানসভা সমষ্টিৰ ক্ৰমাংক। তিতাবৰ যোৰহাট জিলাৰ চাৰিখন বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
মৰিয়নি জংচন ৰেল ষ্টেচন
মৰিয়নি জংচন হৈছে যোৰহাট জিলাত অৱস্থিত এটা গুৰুত্বপূৰ্ণ ৰেল ষ্টেচন।
-
মৰিয়নী বিধানসভা সমষ্টি
মৰিয়নী বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১০১ হৈছে মৰিয়নী বিধানসভা সমষ্টিৰ ক্ৰমাংক। মৰিয়নী যোৰহাট জিলাৰ চাৰিখন বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
নকছাৰি
নকছাৰি যোৰহাট জিলাৰ দক্ষিণ-পূব প্ৰান্তত নগাপাহাৰৰ পাদদেশত অৱস্থিত এক অঞ্চল। গ্ৰাম্যপ্ৰধান এই ঠাইখন তিতাবৰ মহকুমাৰ অন্তৰ্গত। ১০১ নং মৰিয়নী বিধান সভা সমষ্টি তথা ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ এই অঞ্চলটো মৰিয়নি আৰক্ষী থানাৰ অন্তৰ্ভুক্ত। নকছাৰিৰ ডাক সূচাংক হ'ল ৭৮৫৬৩৫।
-
যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’
যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’ (Jorehaut Provincial Railway, চমুকৈ JPR) ব্ৰিটিছ অসমৰ শিৱসাগৰ জিলাৰ আৰু বৰ্তমানৰ যোৰহাট জিলাৰ এটা ২ ফুট বহল নেৰ’গজ ৰেলসেৱা আছিল। প্ৰথমে ককিলামুখ ট্ৰামৱে নামকৰণ কৰা এই ৰেলসেৱাৰ নাম পিছলৈ ককিলামুখ ষ্টেট ৰে’লৱে’, যোৰহাট ষ্টেট ৰে’লৱে’ আৰু যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’ হৈছিল।
-
মালৌ আলি
মালৌ আলি (Malow ali) হৈছে অসমৰ যোৰহাট জিলাৰ এটা পথ। এই পথটো ১৭৯৫-১৮১৮ চনত আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল। এই পথটোৱে জিলাখনৰ পশ্চিমৰ বহুতো গাঁৱক যোৰহাট নগৰৰ লগত সংযোগ কৰিছে।
-
যোৰহাট জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
যোৰহাট জিলা অসম ৰাজ্যৰ ৩২খন জিলাৰ ভিতৰত এখন। তলত যোৰহাট জিলাৰ কেইখনমান পৰ্যটনস্থলীৰ নাম যুগুতোৱা হ’ল।
-
কাজিৰঙা বিশ্ববিদ্যালয়
অসম কাজিৰঙা বিশ্ববিদ্যালয় ২০১২ চনত অসম কাজিৰঙা বিশ্ববিদ্যালয় বিধি, ২০১২ অনুসৰি অসমৰ যোৰহাটত স্থাপিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়। অসম ব্যক্তিগত বিশ্ববিদ্যালয় বিধি,২০০৭ৰ মতে বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল।
-
নন্দনাথ শইকীয়া মহাবিদ্যালয়
নন্দনাথ শইকীয়া মহাবিদ্যালয় (ইংৰাজী: Nanda Nath Saikia College) ১৯৫৯ চনত প্ৰতিষ্ঠিত নন্দনাথ শইকীয়া মহাবিদ্যালয়, অসমৰ যোৰহাট জিলাৰ তিতাবৰত অৱস্থিত এখন উচ্চ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত আৰু অসমৰ অন্যতম পুৰণি স্নাতক মহাবিদ্যালয় হিচাপে পৰিচিত।
-
নিমাতী ঘাট
নিমাতী ঘাট হৈছে যোৰহাট জিলাৰ এটা ব্যস্ত নদী ঘাট। ইয়াৰ পৰাই দৈনিক মাজুলীলৈ ফেৰী চলাচল কৰে। ফেৰীয়ে হৈছে মাজুলীৰ পৰা যোৰহাটলৈ অহা-যোৱা কৰাৰ একমাত্ৰ মাধ্যম।
-
ভেলেউগুৰি ৰতনপুৰ
ভেলেউগুৰি ৰতনপুৰ গাঁও যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত নকছাৰি মৌজাত অৱস্থিত এখন গাঁও।
-
যোৰহাট জিলাৰ ইতিহাস
আহোম ৰজাসকলৰ শাসন কালত যোৰহাট জিলাখন পোহৰলৈ আহিছিল। আহোম ৰজা গদাধৰ সিংহই বৈষ্ণৱ মহন্ত সকলক নিৰ্যাতন কৰি এতিয়াৰ যোৰহাটৰ ভিতৰতে ৰাখিছিল। যোৰহাট নামটো গৌৰীনাথ সিংহৰ দিনতহে প্ৰখ্যাত হয়। পুৰণি কালত ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ নহ’লেও বাণিজ্যিক নহ’লেও এই ঠাইৰ এটা বিশেষত্ব আছিল।
-
যোৰহাট জিলাৰ পৰিবহণ
যোৰহাট হৈছে উজনি অসমৰ এখন উল্লেখযোগ্য ঠাই। আহোমসকলৰ দিনৰ পৰাই এই অঞ্চলত বহুতো পথ নিৰ্মাণ কৰা হৈছিল। ধোদৰ আলি, চেউনী আলি, মালৌ আলি হৈছে ইয়াৰ উদাহৰণ। ইংৰাজ সকলে ইয়াত ৰেলগাড়ীৰ প্ৰৱৰ্তন কৰে। বেপাৰৰ বাবেই তেওঁলোকে ৰেল প্ৰৱৰ্তন কৰিছিল। ককিলামুখ ঘাটটো তৰাং হোৱাত ইংৰাজসকলেই নিমাতীঘাট নিৰ্মাণ কৰিছিল।
-
গোহাঁই টেকেলা গাঁও
গোহাঁই টেকেলা গাঁও যোৰহাট মহানগৰৰ পূৱত অবস্থিত এখন সৰু গাঁও। ইয়াৰ দক্ষিণ দিশৰপৰা পশ্চিমলৈ ভোগদৈ নদী বৈ গৈছে। উত্তৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাঁইপথ আৰু পূবে ২ নং বামুন গাঁও অৱস্থিত। গোহাঁই টেকেলা গাঁৱত প্ৰায় ৫৮৯ ঘৰত প্ৰায় ২৫৯৩ মানুহে বসবাস কৰে।
-
জালুকনিবাৰী
জালুকনিবাৰী অঞ্চল যোৰহাট জিলাৰ দক্ষিণে প্ৰায় ১৪ কিঃমিঃ দূৰৈত ঐতিহাসিক ন-আলিৰ কাষত অৱস্থিত। গোহাঁই, বাঢ়ৈবাৰী, কুকুৰাচোৱা, কুন্দাৰ, আৱঁৰীয়া, গজপুৰীয়া, বালিজান, ন-চুঙী আৰু ঠেঙ্গাল গাঁও সমূহক জালুকনিবাৰী অঞ্চল গণ্য কৰা হয়।
-
নৰ্মাল স্কুল, যোৰহাট
নৰ্মাল স্কুল, যোৰহাট (Normal School, Jorhat) হৈছে ১৯০৬ চনত যোৰহাটত প্ৰতিষ্ঠিত এখন নৰ্মাল শিক্ষাৰ বিদ্যালয়। ১৮৫৫ চনত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ প্ৰভৃতি শিক্ষাবিদসকলৰ উদ্যোগত কলিকতাত নৰ্মাল স্কুল প্ৰতিষ্ঠা হৈছিল।
-
বালিজান বৌদ্ধ বিহাৰ
বালিজান বৌদ্ধ বিহাৰ (Balijan Buddhist Monastery) হৈছে অসমৰ আটাইতকৈ পুৰণি বৌদ্ধ মঠসমূহৰ অন্যতম। চলাপথাৰ বৌদ্ধ বিহাৰ অসম ৰাজ্যৰ যোৰহাট জিলাৰ তিতাবৰ বালিজান শ্যাম গাঁৱত অৱস্থিত। এই বৌদ্ধ বিহাৰৰ স্থাপন কৰা হৈছিল ১৮২৭ চনত।