দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য (South West Garo Hills)১ ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। ২০১২ চনৰ ৭ আগষ্টত আমপতি অসামৰিক উপ-বিভাগটোক দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য হিচাপে এখন পূৰ্ণাংগ জিলালৈ উন্নীত কৰা হয় আৰু ইয়াৰ জিলাৰ সদৰ আমপতিত অৱস্থিত।২ ইয়াক ভাৰতৰ মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী ড° মুকুল চাংমাই উদ্বোধন কৰে।

ইতিহাস
দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য জিলাখন বৰ্তমানৰ পশ্চিম গাৰো পাৰ্বত্য জিলাৰ পৰা নিৰ্মাণ কৰা হৈছে। জিলাখনৰ সকলো গাঁৱক দুটা Community and Rural Development Block য়ে পৰিচালনা কৰে৷ সেই দুটা ব্লক হৈছে- বেটাচিং আৰু জিকজাক Community and Rural Development Block৷
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য জিলাৰ জনসংখ্যা হৈছে ১,৭২,৪৯৫জন তাৰে ৮৭,১৩৫ গৰাকী পুৰুষ আৰু ৮৫,৩৬০ গৰাকী মহিলা। ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ সাক্ষৰতাৰ হাৰ ৫৬.৭%।
তথ্যসূত্ৰ
- ↑ Meghalaya State Portal(meghalaya.gov.in:8080/megportal/district_details)
- ↑ Governor Notification (meghpol.nic.in/notification/New_Dist_SWGH.pdf{{D link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }})
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য জিলা” প্ৰবন্ধৰ সংশোধন ৩৮১৩১৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।