ভাৰতৰ পৰ্যটনস্থলী
৯৩ প্ৰবন্ধ
-
মৈদাম
মৈদাম (ফ্ৰাং-মৈ-দাম) আহোম জনগোষ্ঠীৰ মৃতদেহ সংস্কাৰ প্ৰথা আৰু সমাধি-ধৰণ, যাক “Assamৰ পিৰামিড” বুলিও জনা যায়। অসমত বিভিন্ন ঠাইত মৈদাম দেখা যায়; বিশেষকৈ চৰাইদেউত ইয়াৰ ঘনত্ব আটাইতকৈ বেছি, আৰু ২০২৪ চনৰ জুলাইত চৰাইদেউৰ মৈদামসমূহ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হয়।
-
পুৰী
পুৰী হৈছে ভাৰতৰ উৰিষ্যাৰ এখন লেখতলবলগীয়া চহৰ। ই পুৰী জিলাৰ সদৰ ঠাই। বংগোপসাগৰৰ পাৰৰ এই ঠাইডোখৰ উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰৰ পৰা ৬০ কিঃ মিঃ দক্ষিণে অৱস্থিত। ১১শ শতিকাত নিৰ্মিত 'জগন্নাথ মন্দিৰৰ' পৰা ইয়াক জগন্নাথ পুৰী বুলিও জনা যায়।
-
মহীশূৰ
মহীশূৰ (ಮೈಸೂರು) কৰ্ণাটকৰ তৃতীয়খন বৃহৎ আৰু জনপ্ৰিয়তাৰ তৃতীয় স্থানত থকা মহানগৰ। কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুৰ দক্ষিণ পশ্চিম দিশলৈ চামুণ্ডী শিলৰ তললৈ অৱস্থিত এই মহানগৰখনৰ কালি ১২৮.৪২ বৰ্গ কিল'মিটাৰ, জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ৮৮৭,৪৪৬। ১৩৯৯ চনৰ পৰা ১৯৫৬ চনলৈ মহীশূৰ আছিল মহীশূৰ ৰাজ্যৰ ৰাজধানী।
-
থ্ৰিচূৰ
থ্ৰিচূৰ (Thrissur ) (মালয়ালম: തൃശൂർ; পূৰ্বৰ নাম ট্ৰিচুৰ, ঐতিহাসিক নাম থ্ৰিচিভাপেৰূৰ) ভাৰতৰ কেৰালা ৰাজ্যৰ থ্ৰিচূৰ জিলাৰ সদৰ চহৰ। ই কেৰালাৰ কোচি আৰু কোঝিকোডৰ পিছত তৃতীয় বৃহত্তম নগৰীয় সংহতি। ভাৰত চৰকাৰে থ্ৰিচূৰক দ্বিতীয় স্তৰৰ (Tier-2) চহৰ হিচাপে শ্ৰেণীবদ্ধ কৰিছে।
-
তাজমহল
তাজমহল (ताज महल, تاج محل) ভাৰতৰ আগ্ৰাত অৱস্থিত এটা ৰাজকীয় সমাধিক্ষেত্ৰ। মোগল সম্ৰাট ছাহজাহানে তেওঁৰ পত্নী আৰজুমান্দ বানু বেগম, যিগৰাকী মুমতাজ মহল নামে পৰিচিত, তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এই অপূৰ্ব সৌধটি নিৰ্মাণ কৰিছিল।
-
লালকিল্লা
লালকিল্লা ( Red Fort) ভাৰতৰ দিল্লীত অৱস্থিত এটা ঐতিহাসিক দুৰ্গ, যিটো ঐতিহাসিকভাৱে মোগল সম্ৰাটসকলৰ মূল বাসস্থান হিচাপে পৰিগণিত হৈছিল। সম্ৰাট শ্বাহজাহানে তেওঁৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লৈ ১৬৩৯ চনৰ ১২ মে’ত লালকিল্লা নিৰ্মাণৰ দায়িত্ব লয়৷ তাজমহল নিৰ্মাণ কৰা স্থপতিবিদ…
-
অজন্তা গুহাসমূহ
অজন্তা গুহা ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ গভীৰ খাড়া গিৰিখাতৰ শিল কাটি খনন কৰা প্ৰায় ৩০টা গুহা-স্তম্ভ। এইসমূহত পোৱা ছবি আৰু ভাস্কৰ্য সেইসময়ৰ বৌদ্ধ ধৰ্মীয় শিল্পৰ উৎকৃষ্ট নিদৰ্শন। অজন্তাৰ দেৱালৰ চিত্ৰসমূহত বুদ্ধৰ জীৱনৰ বিভিন্ন পৰ্যায়ৰ কাহিনী বৰ্ণিত হৈছে।
-
ইলোৰা গুহাসমূহ
ইলোৰা গুহাসমূহ (Ellora Caves) বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম আৰু জৈন ধৰ্মৰ সাংস্কৃতিক কলাৰ একটি মিশ্ৰ কেন্দ্ৰ। ইলোৰা মহাৰাষ্ট্ৰ ৰাজ্যৰ ঔৰংগাবাদ চহৰৰ পৰা ৩০ কিলোমিটাৰ (১৮.৬ মাইল) দূৰত্বত অৱস্থিত এটা প্ৰত্নতাত্ত্বিক নিদৰ্শন।
-
ৰামেশ্বৰম
ৰামেশ্বৰম ভাৰতৰ তামিলনাডুৰ ৰামনাথপুৰম জিলাৰ এখন পৌৰসভা। ই পাম্বান প্ৰণালীৰ দ্বাৰা ভাৰতৰ মূল ভূখণ্ডৰ পৰা পৃথক হোৱা পাম্বান দ্বীপত অৱস্থিত আৰু শ্ৰীলংকাৰ মান্নাৰ দ্বীপৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৪০ কিলোমিটাৰ। ই ভাৰতীয় উপদ্বীপৰ প্ৰান্তত মান্নাৰ উপসাগৰত অৱস্থিত।
-
হাম্পি
হাম্পি (Hampi; ಹಂಪೆ) ভাৰতৰ কৰ্ণাটকৰ উত্তৰপাৰত অৱস্থিত এখন গাঁও। হাম্পিত অৱস্থিত ভগ্নাৱশেষসমূহৰ বাবে ঠাইখন বিখ্যাত। হাম্পি স্মাৰকসমূহ হ'ল উত্তৰ কৰ্ণাটকৰ মনোৰম বিলাসবহুল হাম্পি নগৰৰ স্মাৰকসমষ্টি। হাম্পিত বিজয়নগৰ সাম্ৰাজ্যৰ অধুনালুপ্ত ৰাজধানী বিজয়নগৰৰ ধ্বংসাৱশেষ অৱস্থিত।
-
সাবৰমতী আশ্ৰম
সাবৰমতী আশ্ৰম (Sabarmati Ashram) ভাৰতৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ আহমেদাবাদৰ সমীপত সাবৰমতী নদীৰ পাৰত অৱস্থিত। ১৯১৭ চনত আহমেদাবাদৰ কোচৰব নামে ঠাইত মোহনদাস কৰমচান্দ গান্ধীৰ দ্বাৰা সত্যাগ্ৰহ আশ্ৰম স্থাপন কৰা হৈছিল।
-
কোণাৰ্ক সূৰ্য মন্দিৰ
কোণাৰ্ক সূৰ্য মন্দিৰ (Sun Temple, Konârak) ভাৰতৰ উৰিষ্যা ৰাজ্যৰ কোণাৰ্কত অৱস্থিত ত্ৰয়োদশ শতাব্দীত নিৰ্মিত এটি সূৰ্য মন্দিৰ। ই "ব্লেক পেগ'ডা" নামেও পৰিচিত। মন্দিৰটো বংগোপসাগৰ তীৰত ভাৰতৰ পূৱ উপকূলত মহানদী ব-দ্বীপত অৱস্থিত।
-
মহাবলীপুৰম স্মাৰকসমূহ
মহাবলীপুৰম স্মাৰকসমূহ তামিলনাডু ৰাজ্যৰ চেন্নাই পৰা ৫৮ কিলোমিটাৰ দূৰৈত অৱস্থিত। এইসমূহ সপ্তম আৰু অষ্টম শতাব্দীত পল্লৱ ৰজাসকলে নিৰ্মাণ কৰিছিল। কথিত আছে, প্ৰথম নৰসিংহবৰ্মণ মামল্লেৰ ৰাজত্বকালত এই চহৰখনে বিশেষ গুৰুত্ব অৰ্জন কৰিছিল। কৰমণ্ডল উপকূলত পাথৰ কুণ্ডত এই স্মাৰকসমূহ নিৰ্মিত হয়।
-
কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান
কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান (Keoladeo National Park) ৰাজস্থানৰ সিন্ধু -গঙ্গা নদীৰ বৰ্ষাকালীন অৰণ্য জৈৱভৌগোলিক প্ৰদেশৰ মাজত অৱস্থিত। এই উদ্যানৰ মাটিকালি ২,৭৮৩ হেক্টৰ। ১৯৮২ চনত এইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হয়। ১৯০০ চনত ই মহাৰাজাসকলৰ হাঁহ চিকাৰৰ সংৰক্ষিত অঞ্চল আছিল।
-
নালন্দা মহাবিহাৰ
নালন্দা (Nalanda Mahavihara) পূব ভাৰতৰ প্ৰাচীন আৰু মধ্যযুগীয় মগধত (বৰ্তমান বিহাৰ) অৱস্থিত বিখ্যাত বৌদ্ধ মহাবিহাৰ আছিল। নালন্দা মহাবিহাৰক প্ৰাচীন বিশ্বৰ অন্যতম সৰ্বশ্ৰেষ্ঠ শিক্ষণ কেন্দ্ৰ হিচাপে বহুলভাৱে গণ্য কৰা হয়।
-
সাঁচী
সাঁচী (Sanchi হ'ল মধ্যপ্ৰদেশ ৰাজ্যৰ ৰাজধানী ভূপালপৰা ৪৫ কিলোমিটাৰ দূৰৈত অৱস্থিত এখন নগৰ। এই স্থান বৌদ্ধ স্থাপত্যৰ বাবে বিখ্যাত। খ্ৰীষ্টপূৰ্ব দ্বিতীয় আৰু প্ৰথম শতাব্দীত এইসমূহ নিৰ্মাণ কৰা হৈছিল। কোনো কোনোৰ মতে খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীত সম্ৰাট অশোকৰ ৰাজত্বকালত এই স্মাৰকসমৃহ গঢ় লৈ উঠিছিল।
-
ইণ্ডিয়া গেট
ইণ্ডিয়া গেট (India Gate; পূৰ্বতে সৰ্বভাৰতীয় যুদ্ধ স্মাৰক নামেৰে জনাজাত) নতুন দিল্লীৰ "আনুষ্ঠানিক অক্ষ"ৰ পূব প্ৰান্তত ৰাজপথ (অফিচিয়েলভাৱে কাৰ্তব্য পথ বুলি কোৱা হয়)ৰ ওচৰত অৱস্থিত এখন যুদ্ধ স্মৃতিসৌধ।
-
চাৰি ধাম
চাৰি ধাম (चारधाम; চাৰ ধাম), বা চতুৰ্ধাম (चतुर्धाम), ভাৰতৰ চাৰিটা হিন্দু তীৰ্থস্থানৰ সমষ্টি, গঠিত বদ্ৰীনাথ, দ্বাৰকা, পুৰী আৰু ৰামেশ্বৰমৰ। বদ্ৰীনাথ, দ্বাৰকা, পুৰী বিষ্ণুৰ থান, আনহাতে ৰামেশ্বৰম শিৱৰ থান।
-
ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ
ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ (Chhatrapati Shivaji Maharaj Terminus বা Victoria Terminus) মুম্বাইৰ এটি ঐতিহাসিক ৰেল ষ্টেশ্যন। প্ৰধান কাৰ্যালয়। ভাৰতৰ ব্যস্ততম ষ্টেশ্যনসমূহৰ অন্যতম এই টাৰ্মিনাছ মধ্য ৰেল আৰু মুম্বাই আন্তঃনগৰীয় ৰেলৰ এটি প্ৰান্তিক ষ্টেশ্যন।
-
আগ্ৰা ফ'ৰ্ট
আগ্ৰা ফ'ৰ্ট (आगरा का किला, Agra Fort) বা আগ্ৰাৰ লালকিল্লা মোগল স্থাপত্যৰ এক অনবদ্য নিদৰ্শন। এই কিল্লা ১৯৮৩ চনত সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাবে (iii) নং বিভাগত ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থানৰ অন্তৰ্ভুক্ত হয়। দুৰ্গটো ভাৰতৰ ৰাজ্য উত্তৰ প্ৰদেশৰ আগ্ৰাৰ যমুনা নদীৰ তীৰত অৱস্থিত।
-
কুতুব মিনাৰ
কুতুব মিনাৰ (Qutb Minar) হৈছে টোমাৰা ৰাজপুতসকলে প্ৰতিষ্ঠা কৰা দিল্লীৰ আটাইতকৈ পুৰণি দুৰ্গম চহৰ লাল কোটৰ ঠাইত অৱস্থিত কুতুব কমপ্লেক্সক সামৰি লোৱা এটা মিনাৰ আৰু বিজয় টাৱাৰ। ভাৰতৰ দক্ষিণ দিল্লীৰ মেহৰৌলি অঞ্চলত ই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ।
-
ছেলা পাছ
ছে লা(লা মানে পাছ) অৰ্থাৎ ছেলা পাছ (Sela Pass) হৈছে ভাৰতৰ অৰুণাচল প্ৰদেশৰ টাৱাং আৰু পশ্চিম কামেং জিলাৰ সীমাত অৱস্থিত এক উচ্চতম পাহাৰীয়া পথ। ইয়াৰ উচ্চতা ৪১৭০ মিটাৰ (১৩,৭০০ ফুট) আৰু ই ভাৰতীয় বৌদ্ধ চহৰ টাৱাঙক দিৰাং আৰু গুৱাহাটীৰ সৈতে সংযোগ কৰে।
-
ভাৰতৰ পাৰ্বত্য ৰেলপথ
দাৰ্জিলিং হিমালয়ান ৰেল, নীলগিৰি পাৰ্বত্য ৰেল আৰু কালকা-ছিমলা ৰেল একত্ৰিতভাৱে ভাৰতৰ পাৰ্বত্য ৰেলপথ (Mountain Railways of India ) নামেৰে ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান তালিকাত অন্তৰ্ভুক্ত। ঊনবিংশ শতাব্দী আৰু বিংশ শতাব্দীৰ প্ৰথমাৰ্ধত ব্ৰিটিছ শাসনকালত ভাৰতত পাঁচটি পাৰ্বত্য ৰেলপথ আৰম্ভ হৈছিল।
-
ভীমবেটকা প্ৰস্তৰক্ষেত্ৰ
ভীমবেটকা প্ৰস্তৰক্ষেত্ৰ (Bhimbetka rock shelters) ভাৰতৰ মধ্যপ্ৰদেশৰ ৰাইছেন জিলাত অৱস্থিত। মধ্যপ্ৰদেশৰ ভীমবেটকাত (ভীমবৈঠক) প্ৰস্তৰ যুগৰ গুহাচিত্ৰ আৱিষ্কাৰ হৈছে। এই ভাৰতৰ সবাতোকৈ পুৰণা সভ্যতাৰ নিদৰ্শন।
-
চেলুলাৰ জে'ল
চেলুলাৰ জে'ল (Cellular Jail) ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী পৰ্ট ব্লেয়াৰত অৱস্থিত এখন প্ৰসিদ্ধ জে'ল। ইয়াৰ নিৰ্মাণ আৰম্ভ হয় ১৮৯৬ চনত৷ ৷ প্ৰায় ৬০০ বন্দীক ছেলুলাৰ জে'ল নিৰ্মাণৰ কামত লগোৱা হৈছিল আৰু ১৯০৬ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল৷ এই কাৰাগাৰ নিৰ্মাণত খৰচ পৰিছিল ৫,১৭,৩৫২ টকা৷…
-
বোধি বৃক্ষ
বোধি বৃক্ষ ভাৰতৰ বিহাৰ ৰাজ্যৰ বুদ্ধগয়াত অৱস্থিত মহাবোধি মন্দিৰ প্ৰাংগণৰ এজোপা প্ৰাচীন বিশাল আকাৰৰ আঁহত গছ। ইয়াতেই সিদ্ধাৰ্থ গৌতমে বুদ্ধত্ব লাভ কৰিছিল। খ্ৰীষ্টপূৰ্ব ৫৩১ত ৩৫ বছৰ বয়সত সিদ্ধাৰ্থ গৌতমে এই গছজোপাৰ তলত ধ্যান কৰি বোধি বা বুদ্ধত্ব লাভ কৰিছিল। তাৰপাছত তেখেতে বৌদ্ধ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল।
-
মহাবোধি মন্দিৰ
মহাবোধি মন্দিৰ (সংস্কৃত: महाबोधि मंदिर) বুদ্ধগয়াত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। ইয়াতেই সিদ্ধাৰ্থ গৌতমে বুদ্ধত্ব লাভ কৰিছিল। বোধগয়া ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী পাটনাৰ পৰা 96 কি.মি. দূৰত অৱস্থিত। মন্দিৰৰ পশ্চিম দিশে পবিত্ৰ বোধিবৃক্ষজোপা আছে। পালিশাস্ত্ৰত এই গছডালৰ নাম বোধিমণ্ড হিচাপে উল্লেখ আছে।
-
যন্তৰ মন্তৰ (জয়পুৰ)
যন্তৰ মন্তৰ ৰাজস্থানৰ জয়পুৰৰ প্ৰতিষ্ঠাপক ৰাজপুত ৰজা ছাৱাই জয় সিংহই নিৰ্মাণ কৰিছিল। ইয়াত ১৯টা জ্যোতিৰ্বিজ্ঞানৰ যন্ত্ৰ একেলগ কৰা আছে। ১৭৩৪ চনত এই কীৰ্তিচিহ্ন নিৰ্মাণ সম্পূৰ্ণ হয়। ইয়াত বিশ্বৰ আটাইতকৈ ডাঙৰ শিলৰ সূৰ্য্যঘড়ী আছে আৰু ই ইউনেস্কোৰ দ্বাৰা স্বীকৃত বিশ্ব ঐতিহ্য ক্ষেত্ৰ।
-
এলিফেণ্টা গুহাসমূহ
এলিফেণ্টা গুহাসমূহ (Elephanta Caves)মাৰাঠী - ঘাৰাপূৰী - গুহা নগৰী। মুম্বাইৰ এলিফেণ্ট দ্বীপ বা গুহা দ্বীপ এটি গুহাভাস্কৰ্যৰ সমষ্টি। ই মুম্বাইৰপৰা ১০ কি.মি. পূৱে অৱস্থিত। আৰব সাগৰৰ এটি বাহুৰ ওপৰত অৱস্থিত এই দ্বীপটিত গুহাসমূহ দুটি শ্ৰেণীত বিভক্ত।
-
জং জলপ্ৰপাত
জং জলপ্ৰপাত (Jung falls (Nuranang falls)) হৈছে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত থকা নুৰানাং জলপ্ৰপাতৰ জনপ্ৰিয় নাম। ইয়াক বং বং জলপ্ৰপাত বুলিও কোৱা হয়। ইয়াৰ উচ্চতা ১০০ মিটাৰ। ই দেশৰ এই অংশৰ আটাইতকৈ সৌন্দৰ্যশালী জলপ্ৰপাতবোৰৰ ভিতৰত এটা যদিও বহুতো ভ্ৰমণকাৰীৰে এই জলপ্ৰপাতটোৰ বিষয়ে নাজানে।