
কাদালুণ্ডি পক্ষী অভয়াৰণ্য ( Kadalundi Bird Sanctuary} ভাৰতৰ কেৰালা ৰাজ্যৰ কোঝিকোড জিলাৰ কাদালুণ্ডি গ্ৰাম পঞ্চায়ত আৰু মালাপ্পুৰম জিলাৰ ভাল্লিক্কুন্নু গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত। এই ঠাই কাদালুণ্ডি নদী আৰব সাগৰত মিলিত হোৱা ঠাইত অৱস্থিত আৰু কেইবাটাও দ্বীপপুঞ্জৰ সমষ্টি লগ হৈ বহুদূৰলৈকে বিস্তৃত। অভয়াৰণ্যখনৰ পাহাৰখন সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ২০০ মিটাৰ (৬৬০ ফুট) উচ্চতাত অৱস্থিত। আৰু ই কোঝিকোড চহৰৰ মাজমজিয়াৰ পৰা প্ৰায় ১৯ কিলোমিটাৰ (১২ মাইল) দূৰত অৱস্থিত।
প্ৰাণীকুল

কাদালুণ্ডি পক্ষী অভয়াৰণ্য খনত বৰ্ত্তমানলৈকে ১০০ৰো অধিক স্থানীয় পক্ষীৰ প্ৰজাতিৰ উপস্থিতি লিপিবদ্ধ কৰা হৈছে। ইয়াৰ উপৰি প্ৰতি ঋতুত প্ৰায় ৬০ বিধ মান পৰিভ্ৰমী পক্ষী ইয়ালৈ আহে। এই পৰিভ্ৰমী পক্ষীসমূহৰ ভিতৰত টাৰ্ন, গাল, হেৰন(বগলী), চেণ্ডপাইপাৰ আৰু কৰ্মোৰাণ্ট উল্লেখযোগ্য। ইয়াত বিশেষভাৱে হুইম্ব্ৰেল আৰু ব্ৰাহ্মিণী চিল দেখা যায়। এই অভয়াৰণ্যখন বিভিন্ন ধৰণৰ মাছ, শামুক আৰু কেঁকোৰাৰ বাবে সুপৰিচিত। ইয়াত কিছুমান প্ৰজাতিৰ সাপ, কব্ৰা, ভাইপাৰ আৰু ক্ৰেইট আদি সৰীসৃপেও বাস কৰে।১
লগতে চাওক
- বল্লিককুন্নু
- মালাপ্পুৰম জিলা
- এৰানাড
- পৰপ্পানাংগদী
- চলিয়াৰ নদী
- কদালুণ্ডী নদী
বাহ্যিক সংযোগসমূহ
উইকিমিডিয়া কমন্সত কাদালুণ্ডি পক্ষী অভয়াৰণ্যৰ সৈতে সম্পৰ্কিত মিডিয়া উপলব্ধ।
- কেৰেলা পৰ্যটন বিভাগৰ স্থানৰ পৰা
- কাদালুণ্ডি চৰাই অভয়াৰণ্য ২৮ ডিচেম্বৰ ২০১৩ তাৰিখে ৱেবেক মেচিনত সংৰক্ষিত
- কাদালুণ্ডি চৰাই অভয়াৰণ্য ২৯ জুলাই ২০১৫ তাৰিখে ৱেবেক মেচিনত সংৰক্ষিত
তথ্যসূত্ৰ
- ↑ Kadalundi Bird Sanctuary. India.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাদালুণ্ডি পক্ষী অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৬২০১২০ (২৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।