ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
টেনজিং নৰ্গে
টেনজিং নৰ্গে (Tenzing Norgay), এজন নেপালী ভাৰতীয় পৰ্বতাৰোহী, আৰু ১৯৫৩ চনত তেওঁ এডমণ্ড হিলাৰীৰ লগ হৈ পোন প্ৰথম বাৰৰ বাবে এভাৰেষ্ট শৃংগ জয় কৰে। টাইম আলোচনীয়ে তেখেত ২০ শতিকাৰ ১০০ জন সকলোতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিছিল।
-
দ-পৰ্বতীয়া
তেজপুৰ চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমৰ দ-পৰ্বতীয়া নামৰ গাঁৱত থকা এখন প্ৰাচীন শিলৰ তোৰণ বা শৈল দ্বাৰ দ-পৰ্বতীয়া শিলৰ তোৰণ নামে প্ৰখ্যাত। পৰ্যটকৰ বাবে এই তোৰণ বিশেষভাৱে আকৰ্ষণীয়। দ-পৰ্বতীয়াৰ ওচৰৰ ‘শিলিখা দলনি’ বোলা এক বিস্তীৰ্ণ পথাৰতে হৰি-হৰ যুদ্ধ হৈছিল বুলিও ঠাৱৰ কৰা হয়।
-
ধনশিৰি নদী
ধনশিৰি নদী (Dhansiri River) হৈছে অসমৰ গোলাঘাট জিলা আৰু নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ মুখ্য নদী। এই নদীখন নাগালেণ্ডৰ লাইছাং শৃংগ (Laisang peak)ৰ পৰা উৎপত্তি হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ৩৫২ কিঃমিঃ। ই দক্ষিণৰ পৰা উত্তৰলৈ বৈ গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ। এই নদীৰ অৱবাহিকাৰ মুঠ কালি হৈছে ১২২০ বৰ্গ কিঃমিঃ।
-
নামনি দিবাং উপত্যকা জিলা
নামনি দিবাং উপত্যকা জিলা (Lower Dibang Valley district, Pron:/dɪˈbæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ভাৰতৰ জিলাসমূহৰ ভিতৰত এই জিলাখন দশম সৰ্বনিম্ন জনবসতিপূৰ্ণ জিলা হিচাপে স্বীকৃত৷
-
নৰনাৰায়ণ সেতু
নৰনাৰায়ণ সেতু অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত অৱস্থিত এখন ৰে'লপথ সংযোগী দলং৷ ১৬শ শতিকাৰ কোচ ৰজা নৰনাৰায়ণৰ নামত এই সেতুখন নিৰ্মাণ কৰা হৈছে৷ যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰাৰ উদ্দেশ্যে ১৯৮৩ চনৰ ১১ নৱেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নৰনাৰায়ণ সেতুৰ আধাৰশিলা স্থাপন কৰিছিল৷ এই সেতুৰ…
-
প্ৰাগজ্যোতিষপুৰ ৰাজ্য
পৌৰাণিক যুগত অসমৰ নাম প্ৰাগজ্যোতিষপুৰ ৰাজ্য আছিল। তাৰ পাছত ই লাহে লাহে কামৰূপ নামেৰে জনাজাত হয়। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজত্ব কৰিবলৈ লোৱাৰে পৰা কামৰূপ ৰাজ্য সকলোৰে মাজত অসম নামেৰে পৰিচিত হ’বলৈ ধৰে।
-
বিষ্ণুপুৰ জিলা
বিষ্ণুপুৰ জিলা (Pron:/ˌbɪʃnʊˈpʊə/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা। এই জিলাখনৰ নাম লামাংডং (Lamangdong) নামৰ ঠাইত থকা বিষ্ণু মন্দিৰটোৰ বাবে বিষ্ণুপুৰ হয়।
-
বোকাজান
বোকাজান (Bokajan)(IPA: ˈbəʊkəˌdʒɑːn)অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন ঠাই৷
-
মিচিং স্বায়ত্বশাসিত পৰিষদ
মিচিং স্বায়ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। মিচিং জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ব শাসনৰ বাবে অসম চৰকাৰে ১৯৯৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৫ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে।
-
উত্তৰকাশী জিলা
উত্তৰকাশী জিলা উত্তৰ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ গড়ৱল সংমণ্ডলৰ অন্তৰ্গত এখন জিলা। উত্তৰকাশী নগৰ এই জিলাৰ সদৰ ঠাই। বাৰকোট, ডুণ্ডা, ভাটৱাড়ী, চিন্যালী চৌৰ, পাৰোলা আৰু মোৰী এই জিলাৰ তহচিল। উত্তৰকাশী জিলা হিমালয় পৰ্বতমালাত অৱস্থিত।
-
কিফিৰে জিলা
কিফিৰে (Pron:/ˈkɪfɑɪə/) নাগালেণ্ডৰ টুৱেনছাং জিলাৰ একাংশ সামৰি নতুনকৈ সৃষ্টি কৰা নাগালেণ্ডৰ নৱমখন জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি কিফিৰে, লংলেং জিলাৰ পিছতে নাগালেণ্ডৰ এঘাৰখন জিলাৰ ভিতৰত দ্বিতীয় জনবহুল জিলা৷
-
চুড়াচান্দপুৰ জিলা
চুড়াচান্দপুৰ জিলা (Churachandpur, Pron:/'tʃʊraːˌtʃaːnɗpʊr/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ মাটিকালি ৪৭৫০ বৰ্গ কিলোমিটাৰ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ জনসংখ্যা ২,৭১,২৭৪ জন৷ ভাৰতৰ আটাইতকৈ অনগ্ৰসৰ জিলাসমূহৰ ভিতৰত চুড়াচান্দপুৰ অন্যতম৷
-
ডবকা
ডবকা (IPA: ˈdʌbəkə} (Dabaka) অসমৰ নগাঁও জিলাত অৱস্থিত এখন ঠাই।
-
ডিব্ৰু নদী
ডিব্ৰু নদী (Dibru River) হৈছে ব্ৰহ্মপুত্ৰৰ উপনদী। অসমৰ বুঢ়ী দিহিং সংৰক্ষিত বনাঞ্চলৰ মাজৰ খেৰেম নামৰ ঠাইত ডিব্ৰু নদীৰ উৎপত্তি হৈছে। এই নদীখন ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰৰ লগ লাগিছে।
-
দক্ষিণ মহাসাগৰ
দক্ষিণ মহাসাগৰ বা এণ্টাৰ্কটিক মহাসাগৰ (Southern Ocean) হৈছে পৃথিৱীৰ দক্ষিণ প্ৰান্তত অৱস্থিত মহাসাগৰ। ইণ্টাৰনেশ্যনেল হাইড্ৰ'গ্ৰাফিক অৰ্গেনাইজেশ্যনে এণ্টাৰ্কটিকা মহাদেশক আবৰি ৰখা বিশাল জলৰাশিকে দক্ষিণ মহাসাগৰ ৰূপে চিহ্নিত কৰিছে।
-
ধিং
ধিং ভাৰতৰ অসম ৰাজ্যৰ নগাঁও জিলাৰ এখন গাঁও। ই ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিন পাৰৰ ঠাই।
-
পল্টন বজাৰ
পল্টন বজাৰ (Paltan Bazaar) হৈছে অসমৰ গুৱাহাটীত অৱস্থিত এক বসতিস্থল। ইয়াৰ চৌপাশে পাণ বজাৰ, উলুবাৰী, ৰিহাবাৰী, ফাঁচী বজাৰ অৱস্থিত। পল্টন বজাৰ গুৱাহাটীৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান। যাতায়াত-যোগাযোগ, ব্যৱসায়-বাণিজ্য, হোটেল আদিকে ধৰি আন বহুতো সেৱাৰেই পল্টন বজাৰ হৈছে কেন্দ্ৰস্থল।
-
পূব জয়ন্তীয়া পাৰ্বত্য জিলা
পূব জয়ন্তীয়া পাৰ্বত্য (East Jaintia Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ খিলেৰিহাটত অৱস্থিত। পূব জয়ন্তীয়া পাৰ্বত্য জিলাখন ২০১২ চনৰ ৩১ জুলাইত জয়ন্তীয়া পাৰ্বত্য জিলাৰ পৰা গঠন কৰা হৈছে।
-
বেলুচিস্তান
বেলুচিস্তান (Balochistan) পাকিস্তানৰ এখন প্ৰদেশ। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বেলুচিস্তান ভূমিৰ ফালৰ পৰা পাকিস্তানৰ সৰ্ববৃহৎ প্ৰদেশ যদিও ইয়াৰ জনবসতি কম।
-
বৎচোৱানা
বৎচোৱানা (Botswana) আফ্ৰিকা মহাদেশৰ দক্ষিণাংশত অৱস্থিত এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ১৯৬৬ চনত ই ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে। হীৰা আৰু অন্যান্য খনিজাত সম্পদে বৎচোৱানাক আফ্ৰিকাৰ অন্যতম ধনী দেশলৈ পৰিণত কৰেছে। দেশখনৰ অধিকাংশ এলাকা শুষ্ক আৰু কৃষিৰ অনুপযোগী।
-
লংলেং জিলা
লংলেং জিলা নাগালেণ্ডৰ এঘাৰখন জিলাৰ ভিতৰত অন্যতম জিলা৷ এই জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক সকল হৈছে ফ’ম জনজাতিৰ (Phom tribe)৷ পূৰ্বতে লংলেং জিলা নাগালেণ্ডৰ টুৱেনছাং জিলা প্ৰশাসনৰ অধীনত আছিল যদিও ২০০৪ জনৰ জানুৱাৰী মাহত এই জিলাক পৃথক জিলাৰ মৰ্যদা প্ৰদান কৰা হয়৷
-
হিমস্খলন
হিমস্খলন হৈছে কোনো হেলনীয়া পৃষ্ঠত হোৱা বৰফৰ এক বৃহৎ সোঁত। সাধাৰণতে কোনো উচ্চ উচ্চতাত থকা বৰফৰ স্তুপৰ অস্থিৰতাৰ ফলত এনে স্খলনৰ আৰম্ভ হয়। স্খলন আৰম্ভ হোৱাৰ পিছত বৰফৰ তৰপটোৰ বেগ ক্ৰমান্নয়ে বৃদ্ধি পাই আৰু সোঁতত অধিক বৰফ খহাই নিয়ে।
-
ৱখা জিলা
ৱখা জিলা ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা।
-
কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (Kempegowda International Airport; ಕೆಂಪೇಗೌಡ ಅಂತರರಾಷ್ಟ್ರೀಯ ವಿಮಾನ ನಿಲ್ದಾಣ; IATA: BLR – ICAO: VOBL) বেংগালুৰুত অৱস্থিত মুখ্য আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। বিমানবন্দৰটি দেৱেনাহাল্লী নামৰ অঞ্চলটোৰ ৪৭০০ একৰ মাটিকালিত বিস্তৃত হৈ আছে।
-
খাৰুপেটীয়া
খাৰুপেটীয়া (IPA: ˌkɑːrʊˈpiːtɪə)(Kharupetia) অসমৰ দৰং জিলাত অৱস্থিত এখন নগৰ। এই অঞ্চলটো মঙলদৈ আৰু গুৱাহাটীৰ পৰা ক্ৰমে ১৭ কিমি আৰু ৮৭ কিমি দুৰত্বত অৱস্থিত। এই অঞ্চলটোৰ মাজেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে।
-
চামগুৰি
চামগুৰি অসমৰ নগাঁও জিলাৰ বাজিয়াগাঁও তহচিলত অৱস্থিত এখন গাঁও। নগাঁও জিলা সদৰৰ পৰা প্ৰায় ১৯ কিলোমিটাৰ পূবে আৰু ৰাজ্যৰ ৰাজধানী দিছপুৰৰ পৰা ১৩৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত। কলং নদী আৰু দিজু নদী ইয়াৰ কাষেৰে বৈ গৈছে।
-
চেপ্পা
চেপ্পা (Seppa) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ পূব কামেং জিলাৰ সদৰ ঠাই৷ পূৰ্বতে এই ঠাইক Sapla নামেৰে জনা গৈছিল যি শব্দৰ স্থানীয় ভাষাত অৰ্থ হ’ল জলাশয় ('marshy' land)৷ এই ঠাইখন কামেং নদীৰ পাৰত অৱস্থিত৷ চেপ্পাৰ ইটানগৰৰ পৰা দুৰত্ব ১৬০ কিলোমিটাৰ আৰু তেজপুৰৰ পৰা দুৰত্ব হৈছে ২১৩ কিলোমিটাৰ৷ দুয়োখন…
-
চেলুলাৰ জে'ল
চেলুলাৰ জে'ল (Cellular Jail) ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী পৰ্ট ব্লেয়াৰত অৱস্থিত এখন প্ৰসিদ্ধ জে'ল। ইয়াৰ নিৰ্মাণ আৰম্ভ হয় ১৮৯৬ চনত৷ ৷ প্ৰায় ৬০০ বন্দীক ছেলুলাৰ জে'ল নিৰ্মাণৰ কামত লগোৱা হৈছিল আৰু ১৯০৬ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল৷ এই কাৰাগাৰ নিৰ্মাণত খৰচ পৰিছিল ৫,১৭,৩৫২ টকা৷…
-
জখলাবন্ধা
জখলাবন্ধা হৈছে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত এখন গুৰুত্বপূৰ্ণ ঠাই। নগাঁও জিলাৰ পূৱ প্ৰান্তত এই ঠাইখন অৱস্থিত।
-
টিংখং
টিংখং ডিব্ৰুগড় জিলাৰ এখন বিধান সভা সমষ্টি। টিংখং চাহ উৎপাদনকাৰী আৰু তৈলক্ষেত্ৰ অঞ্চল। টিংখং ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৮০ কিঃমিঃ দক্ষিণ পূবত আৰু তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ৭০ কিঃমিঃ দূৰত অৱস্থিত।