চুড়াচান্দপুৰ জিলা (Churachandpur, Pron:/'tʃʊraːˌtʃaːnɗpʊr/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ মাটিকালি ৪৭৫০ বৰ্গ কিলোমিটাৰ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ জনসংখ্যা ২,৭১,২৭৪ জন৷ ভাৰতৰ আটাইতকৈ অনগ্ৰসৰ জিলাসমূহৰ ভিতৰত চুড়াচান্দপুৰ অন্যতম৷
অৰ্থনীতি
২০০৬ চনত ভাৰতৰ পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে ভাৰতত আটাইতকৈ অনগ্ৰসৰ জিলাসমূহৰ ভিতৰত চুড়াচান্দপুৰক স্থান দিয়ে৷১ ভাৰত চৰকাৰৰ Backward Regions Grant Fund (BRGF)-ৰ পৰা পুঁজি লাভ কৰা মণিপুৰৰ তিনিখন জিলাৰ ভিতৰত এই জিলা অন্যতম৷১
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি চুড়াচান্দপুৰৰ জনসংখ্যা ২,৭১,২৭৪ জন৷ ইয়াৰে সৰহ সংখ্যক কুকী-চীন-মিজো (Kuki-Chin-Mizo) লোক৷ ২ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৭৫৷২ জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৫৯ জন৷২ ২০০১-২০১১ দশকত এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৯.০৩%৷২ চুড়াচান্দপুৰৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬৯ গৰাকী৷২ জিলাখনৰ সাক্ষৰতাৰ হাৰ ৮৪.২৯%২
এই জিলাৰ ৩০০০ ৰ কম সংখ্যক লোকে চীন-তীব্বেতীয় (Sino-Tibetan Aimol) ভাষা ব্যৱহাৰ কৰে৷৩
তথ্যসূত্ৰ
- ↑ Ministry of Panchayati Raj. (8 September 2009). A Note on the Backward Regions Grant Fund Programme. National Institute of Plural Development
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ M. Paul Lewis. (2009). Aimol: A language of India. Ethnologue: Languages of the World. SIL International
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুড়াচান্দপুৰ জিলা” প্ৰবন্ধৰ সংশোধন ২৬৬৬৭৯ (৭ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।