অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

জখলাবন্ধা

জখলাবন্ধা হৈছে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত এখন গুৰুত্বপূৰ্ণ ঠাই। নগাঁও জিলাৰ পূৱ প্ৰান্তত এই ঠাইখন অৱস্থিত।

হালনাগাদ: ৪ ডিচেম্বৰ ২০১৪ ৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

জখলাবন্ধা হৈছে কলিয়াবৰ মহকুমা মহকুমাৰ অন্তৰ্গত এখন গুৰুত্বপূৰ্ণ ঠাই। নগাঁও জিলাৰ পূৱ প্ৰান্তত এই ঠাইখন অৱস্থিত।

নামৰ উৎপত্তি

১৪৮০ শক ইং ১৫৬৫ চনত স্বৰ্গদেউ চুখাম্‌ফা বা খোৰা ৰজাৰ ৰাজত্ব কালত বৰ্তমান জখলাবন্ধা সত্ৰ নামে যিখনি সত্ৰ স্থাপন কৰা হৈছিল সেই সত্ৰৰে অধিকাৰ শ্ৰীশ্ৰীকৃষ্ণানন্দ গোস্বামীৰ এটি ১৫/১৬ বছৰীয়া আলধৰা ল'ৰাই কলঙৰ পৰা পানী আনিবলৈ গৈ মৃত্যুমুখত পৰে। এই কথা ৰজাৰ কাণত পৰাত ৰজাই কলঙৰ গড়াত যাতায়তৰ সুবিধা হোৱাকৈ শিলেৰে খটখটি বা জখলা নিৰ্মাণ কৰোৱাইছিল। এই জখলাৰ পৰাই ঠাইডোখৰৰ নাম হয়গৈ জখলাবন্ধা আৰু সত্ৰখনি জখলাবন্ধা সত্ৰ ৰূপে পৰিচিত হয়।১

তথ্যসূত্ৰ

  1. ↑ সোণালী সৌৰভ (স্মৃতিগ্ৰন্থ - সোণালী জয়ন্তী বৰ্ষ, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়) ২০১৪, পৃষ্ঠা নং ১, লেখক- মাণিক চন্দ্ৰ খাউণ্ড

সম্পৰ্কিত শ্ৰেণী

নগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জখলাবন্ধা” প্ৰবন্ধৰ সংশোধন ১৪২৯৯৯ (৪ ডিচেম্বৰ ২০১৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।