চেপ্পা (Seppa) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ পূব কামেং জিলাৰ সদৰ ঠাই৷ পূৰ্বতে এই ঠাইক Sapla নামেৰে জনা গৈছিল যি শব্দৰ স্থানীয় ভাষাত অৰ্থ হ’ল জলাশয় ('marshy' land)৷ এই ঠাইখন জীয়া ভৰলীৰ পাৰত অৱস্থিত৷১ চেপ্পাৰ ইটানগৰৰ পৰা দুৰত্ব ১৬০ কিলোমিটাৰ আৰু তেজপুৰৰ পৰা দুৰত্ব হৈছে ২১৩ কিলোমিটাৰ৷ দুয়োখন ঠাইলৈকে চেপ্পা ঘাইপথেৰে সংযুক্ত৷২ চেপ্পাত অৰুণাচল প্ৰদেশ বিধান সভাৰ দুটা সমষ্টি আছে- পুব চেপ্পা আৰু পশ্চিম চেপ্পা৷
জনসংখ্যা
২০০১ চনৰ লোকপিয়ল অনুসৰি চেপ্পাৰ জনসংখ্যা ১৮,৩৫০ জন৷৩ ইয়াৰে ৫০.৪৭% পুৰুষ আৰু ৪৯.৪৮% মহিলা৷ মুঠ জনসংখ্যাৰ ১৮.৪৬% ছবছৰৰ অনুৰ্দ্ধৰ৷ চেপ্পাৰ সাক্ষৰতাৰ হাৰ ৬২.৮৬%৷ পুৰুষৰ সাক্ষৰতাৰ হাৰ ৭০% হোৱাৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ কেৱল ৫৫.৪%৷
প্ৰচাৰ মাধ্যম
চেপ্পাত আকাশবাণী চেপ্পা নামেৰে অল ইণ্ডিয়া ৰেডিঅ’ৰ এটা শাখা আছে৷ এই শাখাটোৱে এফ এম ফ্ৰিকুৱেন্সিত প্ৰচাৰ কৰে৷
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ District Administration, Seppa, East Kameng at a Glance, Retrieved 10 May 2007 Seppa Helipad
- ↑ Nandy S.N. (1998) ENVIS Bulletin - Himalayan Ecology & Development, vol. 6 No. 1, .District Profile: East Kameng
- ↑ Census of India 2011. Census Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেপ্পা” প্ৰবন্ধৰ সংশোধন ১৮৬৮০৫ (২৫ ডিচেম্বৰ ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।