কিফিৰে (Pron:/ˈkɪfɑɪə/) নাগালেণ্ডৰ টুৱেনছাং জিলাৰ একাংশ সামৰি নতুনকৈ সৃষ্টি কৰা নাগালেণ্ডৰ নৱমখন জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি কিফিৰে, লংলেং জিলাৰ পিছতে নাগালেণ্ডৰ এঘাৰখন জিলাৰ ভিতৰত দ্বিতীয় জনবহুল জিলা৷১
ভৌগোলিক অৱস্থান
কিফিৰে জিলাৰ উত্তৰে টুৱেনছাং জিলা, পশ্চিমে ফেক জিলা আৰু পূবে ম্যানমাৰ অৱস্থিত৷ এই জিলাৰ মূলকেন্দ্ৰ কিফিৰে চহৰত, যি সাগৰ পৃষ্ঠৰ পৰা ৮৯৬ মিটাৰ উচ্চতাত অৱস্থিত৷ কিফিৰে জিলাৰ মূখ্য টাউনসমূহ হৈছে, চেয়’চুং (Seyochung), চিটিমি (Sitimi), পুংৰ’ (Pungro) আৰু কিফিৰে৷ সাগৰ পৃষ্ঠৰ পৰা ৩৮৪১ মিটাৰ উচ্চতাৰে নাগালেণ্ডৰ সৰ্বোচ্ছ শিখৰ ’মাউন্ট চাৰামাটি’ (Saramati), এইখন জিলাতে অৱস্থিত৷
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি কিফিৰে জিলাৰ মুঠ জনসংখ্যা ৭৪,০৩৩ জন৷১ ২ গতিকে ভাৰতৰ জিলাসমূহৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা এই জিলাৰ স্থান ৬২৫তম (মুঠ ৬৪০ খনৰ ভিতৰত)৷১ কিফিৰেৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬১ গৰাকী৷১ এই জিলাৰ সাক্ষৰতাৰ হাৰ ৭১.১% ১
জিলাখনৰ মূল জনজাতিসমূহ হৈছে চাংটাম (Sangtam), ইমচুংগাৰ (Yimchunger) আৰু ছেমা (Sema)৷
তথ্যসূত্ৰ
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ US Directorate of Intelligence. Country Comparison:Population
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিফিৰে জিলা” প্ৰবন্ধৰ সংশোধন ৩৮০৪৬১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।