অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মিচিং স্বায়ত্বশাসিত পৰিষদ

মিচিং স্বায়ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। মিচিং জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ব শাসনৰ বাবে অসম চৰকাৰে ১৯৯৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৫ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৬ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

মিচিং স্বায়ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। মিচিং জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ব শাসনৰ বাবে অসম চৰকাৰে ১৯৯৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৫ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে। মিচিং জনজাতিৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু নৃগোষ্ঠীয় উন্নয়নৰ বাবে এই পৰিষদে কাম কৰে।

ইয়াৰ বৰ্তমান মুখ্য কাৰ্যবাহী বিষয়া পৰমানন্দ চায়েঙীয়া১ আৰু পৰিষদৰ মুখ্য কাৰ্যালয় ধেমাজি জিলাৰ গোগামুখত অৱস্থিত।২

ব্ৰহ্মপুত্ৰ নদ আৰু সোৱণশিৰি নদীৰ মাজৰ ধেমাজি জিলা, শিৱসাগৰ জিলা, লখিমপুৰ জিলা, শোণিতপুৰ জিলা, তিনিচুকীয়া জিলা, শিৱসাগৰ জিলা, যোৰহাট জিলা, গোলাঘাট জিলা আৰু মাজুলী জিলাৰ অংশৰে মিচিং স্বায়ত্বশাসিত পৰিষদ গঠিত। এই অঞ্চলত বাস কৰা মিচিং জনগোষ্ঠীৰ লোকৰ দীৰ্ঘদিনীয়া অভাৱ অভিযোগৰ অন্তত এই পৰিষদ গঠন কৰা হৈছিল।

এই পৰিষদৰ প্ৰথম পৰিষদীয় সাধাৰণ নিৰ্বাচন ২০১৩ চনত হৈছিল।৩৪ ইয়াৰ দ্বিতীয় সাধাৰণ নিৰ্বাচন হৈছিল ২০১৯ চনত।৫

অন্তৰ্গত জিলাসমূহ

মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমষ্টিসমূহ

+ মিচিং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত জিলা আৰু সমষ্টি
ক্ৰমিক নংজিলাৰ নামসমষ্টি নং আৰু নাম
১ধেমাজি০১. জোনাই ০২. মুর্কং চেলেক ০৩. গালি বিজয়পুৰ ০৪. দে:বিং দে:তাক ০৫. অৱাং জোনাই ০৬. লালি তেলেম তাক' ০৭. চিমেন চমক' ০৮. চিলাচুটি ০৯. মুক্তিয়াৰ ১০. অকাজান ১১. গি:দাং কুলাজান ১২. চিচি টঙানি ১৩. চিচি কলঘৰ ১৪. দি:তে কেৰেং ১৫. গোগামুখ ১৬. জীয়াধল ১৭. মিংমা
২লখিমপুৰ জিলা১৮. বগীনদী ১৯. পূব তেলেহি ২০. অবনৰি ২১. বৰনৈ ২২. কেৰকটা দাংধৰা
৩মাজুলী২৩. লোহিত
৪লখিমপুৰ জিলা২৪. ৰঙানদী ২৫. দিক্ৰং
৫শোণিতপুৰ জিলা২৬. বুৰুলি
৬শিৱ২৭. লোহিতমুখ
৭গোলাঘাট২৮. দনচিৰি ২৯. দিচৈ
৮মাজুলী৩০. চাংগা মাজুলী ৩১. ফুলনী জঁকাইবোৱা ৩২. ৰিককং মাজুলী
৯যোৰহাট৩৩. যোৰহাট
১০শিৱসাগৰ৩৪. দিচাং দিখৌ
১১ডিব্ৰুগড়৩৫. দিহিং চেঁচা
১২তিনিচুকীয়া৩৬. শদিয়া
১৩শিৱ৩৭. বুৰৈ
১৪যোৰহাট৩৮. জাঁজী
১৫লখিমপুৰ জিলা৩৯. ঘূণাসুঁতি
১৬গোলাঘাট৪০. বৰনৈ বিলাম

৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ List of the Executive Members along with their Designation and Port-folios.. macgov.in. Mising Autonomous Council
  2. ↑ Rabha Council Act challenged in SC, The Assam Tribuneআহৰণ কৰা হৈছে। আহৰণৰ তাৰিখ ২৭/০৯/২০২৬
  3. ↑ (21 November 2014). First anniversary of Mising Autonomous Council. Assam Tribune
  4. ↑ Assam tribal council polls today amid bandh call, Indian Express
  5. ↑ www.guwahatiplus.com/guwahati/bjp-sweeps-tribal-
  6. ↑ ermssec.assam.gov.in/mac/download-pdf-electoral-
  7. ↑ ermssec.assam.gov.in/mac/download-pdf-electoral- আহৰণ কৰা হৈছে। আহৰণৰ তাৰিখ ২৭/০৯/২০২৬

সম্পৰ্কিত শ্ৰেণী

অসমৰ প্ৰশাসনঅসমৰ স্বায়ত্বশাসিত পৰিষদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিচিং স্বায়ত্বশাসিত পৰিষদ” প্ৰবন্ধৰ সংশোধন ৬৩৯২২৭ (২৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।