অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বিষ্ণুপুৰ জিলা

বিষ্ণুপুৰ জিলা (Pron:/ˌbɪʃnʊˈpʊə/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা। এই জিলাখনৰ নাম লামাংডং (Lamangdong) নামৰ ঠাইত থকা বিষ্ণু মন্দিৰটোৰ বাবে বিষ্ণুপুৰ হয়।

হালনাগাদ: ১০ ছেপ্তেম্বৰ ২০২২ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

বিষ্ণুপুৰ জিলা (Pron:/ˌbɪʃnʊˈpʊə/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা। এই জিলাখনৰ নাম লামাংডং (Lamangdong) নামৰ ঠাইত থকা বিষ্ণু মন্দিৰটোৰ বাবে বিষ্ণুপুৰ হয়।

ভৌগোলিক অৱস্থান

বিষ্ণুপুৰ টাউন জিলাখনৰ মূল সদৰ ঠাই। এই জিলাৰ উল্লেখযোগ্য নগৰবোৰ হৈছে Nambol, Moirang, Ningthoukhong আৰু Kumbi আৰু গাওঁসমূহ হৈছে Nachou, Ngaikhong Khullen, Toubul, আৰু Khoijuman Khullen।

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি বিষ্ণুপুৰৰ মুঠ জনসংখ্যা হৈছে ২৪০,৩৬৩ জন।১ ভাৰতত মুঠ ৬৪০জন জিলাৰ ভিতৰত জনসংখ্যাৰ দিশৰ পৰা এই জিলাৰ স্থান ৫৮৩।১ জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ৪৮৩ জন।১ ২০০১-২০১১ দশকত ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছইল ১৫.৩৬% ১ বিষ্ণুপুৰৰ সাক্ষৰতাৰ হাৰ ৭৬.৩৫%।১

ভাষা

বিষ্ণুপুৰৰ মূল ভাষা মেইটেইল’ন (Meiteilon)। অন্যান্য প্ৰচলিত ভাষাসমূহ হৈছে বিষ্ণুপুৰীয়া মণিপুৰী আৰু চাইন’-তীব্বেতীয় মূলৰ আইম’ল (Aimol)২। চাইন’-তীব্বেতীয় মূলৰ অন্যান্য প্ৰচলিত ভাষাসমূহ হৈছে:

  • উত্তৰৰ কুকী-চীন ভাষা (Kuki-Chin languages)
    • কম (Kom language)
    • চিৰু (Chiru language)
    • আইম’ল (Aimol language)
    • চ’থ (Chothe language)
  • জেমি (Zeme languages)
    • জেমি ভাষা

জৈৱবৈচিত্ৰ্য

১৯৭৭ চনত বিষ্ণুপুৰৰ 40 বৰ্গ কি.মি. জোৰা অঞ্চলটোক কেইবুল লাঞ্জাও ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি দিয়া হয়।৩

মহকুমা

জিলাখন তিনিটা মহকুমাৰে গঠিত:

  • বিষ্ণুপুৰ (Bishnupur)
  • নামব’ল (Nambol)
  • মইৰাং (Moirang)

তথ্যসূত্ৰ

  1. ↑ (2011). District Census 2011. Census2011.co.in
  2. ↑ M. Paul Lewis. (2009). Aimol: A language of India. Ethnologue: Languages of the World. SIL International
  3. ↑ Indian Ministry of Forests and Environment. Protected areas: Manipur

সম্পৰ্কিত শ্ৰেণী

মণিপুৰৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিষ্ণুপুৰ জিলা” প্ৰবন্ধৰ সংশোধন ৩৩২৮৭৯ (১০ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।