ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কেন্দ্ৰীয় শাসিত অঞ্চল
কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে ভাৰত চৰকাৰে শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'।
-
পশ্চিমঘাট পৰ্বতমালা
পশ্চিমঘাট পৰ্বতমালা বা সহ্যাদ্ৰী (Western Ghats) এক পৰ্বতশ্ৰেণী যাৰ পৰিসৰ ১,৬০,০০০ বৰ্গ কিলোমিটাৰ আৰু পৰিধি ১,৬০০ কিলোমিটাৰ। ই ভাৰতবৰ্ষৰ পশ্চিমসীমাৰ উপকূলীয় অঞ্চলৰ সমান্তৰালকৈ গুজৰাট ৰাজ্যৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ সহ্যাদ্ৰী পৰ্বতমালা, গোৱা, কৰ্ণাটকৰ মালাবাৰ উপকূল, কেৰালা আৰু তামিলনাডু…
-
বৃন্দাবন
বৃন্দাবন (वृन्दावन) হৈছে উত্তৰ প্ৰদেশ, ভাৰতৰ মথুৰা জিলাৰ এখন নগৰ। মহাভাৰতৰ মতে, এই অঞ্চলতে ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ বাল্যকাল অতিবাহিত কৰিছিল। এই নগৰখন শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ পৰা প্ৰায় ১০ কিমি আঁতৰত অৱস্থিত। নগৰখনত ৰাধা আৰু কৃষ্ণৰ পূজাৰ বাবে উৎসৰ্গিত শতাধিক মন্দিৰ আছে।
-
শান্তিনিকেতন
শান্তিনিকেতন (Santiniketan, শান্তিনিকেতন) পশ্চিমবংগ ৰাজ্যৰ অন্তৰ্গত বীৰভূম জিলাৰ বোলপুৰ চহৰত অৱস্থিত আশ্ৰম আৰু শিক্ষাকেন্দ্ৰ। ১৮৬৩ চনত ৰবীন্দ্ৰনাথৰ পিতা দেবেন্দ্ৰনাথ ঠাকুৰে ঈশ্বৰচিন্তা আৰু ধৰ্ম আলোচনা কৰাৰ উদ্দেশ্যত বোলপুৰ চহৰৰ উত্তৰ অংশত এই আশ্ৰমখনৰ প্ৰতিষ্ঠা কৰিছিল।
-
নদী
নদী হৈছে স্থলপথেৰে বা গুহাৰ ভিতৰত নিম্ন উচ্চতাত থকা আন এটা পানীৰ ফালে বৈ যোৱা মিঠা পানীৰ প্ৰাকৃতিক ধাৰা, যেনে সাগৰ, হ্ৰদ, বা আন নদী। নদী এখনৰ পানী শেষ হ’লে নিজৰ গতিপথৰ শেষত উপনীত হোৱাৰ আগতে শুকাই যাব পাৰে, বা কেৱল কিছুমান বিশেষ ঋতুতহে বৈ যাব পাৰে।
-
চুদান
চুদান (আৰবী: السودان, Sūdān), আনুষ্ঠানিকভাৱে চুদান গণৰাজ্য, উত্তৰ-পূৱ আফ্ৰিকাৰ এখন দেশ। ইয়াৰ উত্তৰত মিচৰ, পশ্চিমত চাদ, উত্তৰ-পশ্চিমত লিবিয়া, পূৱত লোহিত সাগৰ, দক্ষিণ-পূৱত ইৰিত্ৰিয়া আৰু ইথিঅ'পিয়া, আৰু দক্ষিণত দক্ষিণ চুদান অৱস্থিত।
-
ৰাঁচী
ৰাঁচী (ᱨᱟᱺᱪᱤ) হৈছে ভাৰতৰ ৰাজ্য ঝাৰখণ্ডৰ ৰাজধানী। ৰাঁচী ঝাৰখণ্ড আন্দোলনৰ কেন্দ্ৰ আছিল, যি আন্দোলনে দক্ষিণ বিহাৰ, উত্তৰ উৰিষ্যা, পশ্চিম পশ্চিমবঙ্গ আৰু বৰ্তমান ছত্তীছগঢ়ৰ পূৱ অঞ্চল একত্ৰিত কৰি এক পৃথক ৰাজ্যৰ দাবি কৰিছিল। ২০০০ চনৰ ১৫ নৱেম্বৰত বিহাৰৰ কিছু অংশৰ পৰা ঝাৰখণ্ড ৰাজ্য গঠন কৰা হৈছিল।
-
কৰিমগঞ্জ
কৰিমগঞ্জ অসমৰ কৰিমগঞ্জ জিলাৰ এখন নগৰ আৰু জিলা সদৰ। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।
-
মৰক্কো
মৰক্কো (; المغرب; বা মৰক্কো ৰাজ্য; المملكة المغربية; Royaume du Maroc) হৈছে উত্তৰ আফ্ৰিকাৰ মাগ্ৰেব অঞ্চলৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত এখন দেশ। ইয়াৰ উত্তৰে ভূমধ্য সাগৰ আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰ, পূবে আলজেৰিয়াৰ সৈতে স্থল সীমা আৰু দক্ষিণে পশ্চিম চাহাৰাৰ বিতৰ্কিত অঞ্চল আছে।
-
আইজল
আইজল (Aizawl;; মিজো: ) হৈছে মিজোৰামৰ ৰাজধানী চহৰ। ১৮৯০ চনত ২৫ ফেব্ৰুৱাৰীত আইজল চহৰে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে। মুঠ ২,৯৩,৪১৬ জনসংখ্যাৰে ই ৰাজ্যখনৰ বৃহত্তম চহৰ। ৰাজ্যৰ প্ৰশাসনীয় কাম-কাজসমূহ ইয়াৰপৰাই পৰিচালিত হয়। জনগাঁঠনিৰ সিংহভাগ মিজোসকলৰ বিভিন্ন জনগোষ্ঠীৰে গঠিত।
-
বাহৰেইন
বাহৰেইন (; البحرين ), চৰকাৰী ভাৱে কিংডম অৱ বাহৰেইন (مملكة البحرين ), পাৰ্ছিয়ান গল্ফৰ পশ্চিম উপকূলৰ কাষত অৱস্থিত এখন সৰু দ্বীপ-ৰাষ্ট্ৰ। ২০১০ চনত ৬,৬৬,১৭২ জন অ-দেশীয় লোকৰ সৈতে বাহৰেইন মুঠ জনসংখ্যা আছিল ১২,৩৪,৫৭১ জন।
-
মৰিগাঁও
মৰিগাঁও নগৰ মৰিগাঁও জিলাৰ সদৰ ঠাই। মৰিগাঁও নগৰ 26.379 উত্তৰ অক্ষাংশ আৰু 92.341 পুৱ দ্ৰাঘিমাংশত অৱস্থিত। মৰিগাঁও নগৰখনত বৰ্তমান ১০ ওৱাৰ্ড আছে।
-
মস্কো
মস্কো (Москва) হৈছে ৰাছিয়াৰ ৰাজধানী আৰু আটাইতকৈ জনবহুল চহৰ, যি কেন্দ্ৰীয় ৰাছিয়াৰ মস্কভা নদীৰ পাৰত অৱস্থিত। চহৰখনৰ সীমাৰ ভিতৰত জনসংখ্যা প্ৰায় ১.৩ কোটি, মস্কো ইউৰোপৰ আটাইতকৈ জনবহুল চহৰ আৰু ইউৰোপৰ ভিতৰত বৃহত্তম নগৰ আৰু মহানগৰ অঞ্চল। চহৰখনৰ ইতিহাস ১১৪৭ চনত প্ৰথম উল্লেখ পোৱা যায়।
-
বৰপেটা লোকসভা সমষ্টি
বৰপেটা লোকসভা সমষ্টি (Barpeta Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
-
বতাহ
বতাহ হৈছে এক বৃহৎ পৰিসৰত হোলা গেছৰ চলাচল বা বায়ুৰ চলাচলকেই বতাহ বোলে। পৃথিৱীত বতাহত কেৱল বায়ুৰ প্ৰৱাহ হয়। বাহ্যিক মহাকাশত সৌৰ বতাহ হৈছে মহাকাশৰ মাজেৰে সূৰ্যৰ পৰা বায়ু আৰু আহিত কণাৰ প্ৰৱাহ, আনহাতে গ্ৰহীয় বতাহ গ্ৰহসমূহৰ পৰা পাতল ৰাসায়নিক অনু মহাকাশলৈ নিৰ্গমন হোৱা কাৰ্য।
-
নগাঁও (লোকসভা সমষ্টি)
নগাঁও লোকসভা সমষ্টি (Nowgong Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
-
পশ্চিম কাৰ্বি আংলং জিলা
পশ্চিম কাৰ্বি আংলং জিলা অসমৰ ৩৩ খন জিলাৰ ভিতৰত নতুনকৈ গঠন হোৱা জিলা। কাৰ্বি আংলং জিলাৰ পশ্চিম অংশৰে ২০১৬ চনত এই জিলা আনুষ্ঠানিক ভাবে উদ্ধোধন কৰা হয়। জিলাখন কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এটা অংশ। ইয়াৰ প্ৰশাসনিক কাম-কাজ সংবিধানৰ ষষ্ঠ অনুসুচী মতে চলোৱা হয়।
-
ইউৰেছিয়া
ইউৰেছিয়া হৈছে এখন মহাদেশ বা অতিমহাদেশ, যি পৰম্পৰাগত মহাদেশ ইউৰোপ আৰু এছিয়াৰ সমষ্টি। ইউৰেছিয়া শব্দতো ইউৰোপ আৰু এছিয়া শব্দ দুটাৰ সন্ধিত সৃষ্টি হোৱা শব্দ। ভৌতিক ভূগোলৰ অনুসৰি ই হৈছে এখনেই মহাদেশ, ইউৰোপ আৰু এছিয়া বেলেগ বেলেগ মহাদেশৰ ধাৰণাতো পুৰণি যুগৰে পৰা প্ৰচলিত।
-
কলং নদী
কলং নদী নাইবা কৈলাং (Kolong) হৈছে ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনদী। এই নদীখন নগাঁও জিলাৰ জখলাবন্ধাৰ হাতীমূৰা অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা আঁতৰি গৈছে আৰু গুৱাহাটীৰ কাষৰ কলংপাৰত সমাপ্ত হৈছে। উপনদীখন প্ৰায় ২৫০ কিলোমিটাৰ (১৬০ মিঃ) দীঘল আৰু নদীখন নগাঁও, মৰিগাঁও আৰু কামৰূপ জিলাসমূহৰ মাজেৰে প্ৰবাহিত হৈছে।
-
চেক গণৰাজ্য
চেক গণৰাজ্য মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশৰ ৰাজধানী प्राग'। চেক গণৰাজ্য পশ্চিমে জাৰ্মানী, দক্ষিণে চেক গণৰাজ্য আৰু শ্ল'ভাকিয়া, পূবে ইউক্ৰেন আৰু বেলাৰুছ, আনহাতে উত্তৰে বাল্টিক সাগৰ, লিথুৱানিয়া আৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ চেক গণৰাজ্য সৈতে ডেনমাৰ্কৰ জলসীমান্তত অৱস্থিত।
-
টাঞ্জানিয়া
টাঞ্জানিয়া (Tanzania; চৰকাৰীভাৱে সংযুক্ত গণতান্ত্ৰিক টাঞ্জানিয়া) হৈছে পূৱ আফ্ৰিকাৰ এখন দেশ। ইয়াৰ উত্তৰে উগাণ্ডা; উত্তৰ-পূৱত কেনিয়া; পূবে ভাৰত মহাসাগৰ, দক্ষিণে মোজাম্বিক আৰু মালাৱি; দক্ষিণ-পশ্চিমে জাম্বিয়া; ৰুৱাণ্ডা, পশ্চিমে বুৰুণ্ডি আৰু কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ।
-
বিলাসীপাৰা
বিলাসীপাৰা (IPA: ˈbɪlɑːsɪˌpɑːrə) (Bilasipara) অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন চহৰ৷
-
বোকাখাত
বোকাখাত (Bokakhat)(IPA: ˌbəʊkəˈkɑːt) অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন নগৰ৷
-
মহাদেশ
মহাদেশ (Continent) শব্দটোৱে পৃথিৱীৰ সুবৃহৎ ভূখণ্ডসমূহৰ একো একোটা বৃহৎ অংশক বুজায়। পৃথিৱীৰ ভূখণ্ডক মহাদেশত ভাগ কৰাৰ কোনো এক নিৰ্দিষ্ট নিয়ম নাই। ইয়াৰ বাবে বিভিন্ন মডেল প্ৰচলিত।
-
বৰাক নদী
বৰাক নদী (Barak River, বব়াক নদী) হৈছে দক্ষিণ অসমৰ মুখ্য নদী। মণিপুৰ পাৰ্বত্য অঞ্চলৰ লোকসকল বিশেষকৈ এই নদীৰ ওপৰতে নিৰ্ভৰশীল। বৰাইল শ্ৰেণীৰ মুক্ৰু (Mukru) নামৰ ঠাইৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে। নদীখনৰ দৈৰ্ঘ্য হৈছে ৯০০ কিঃমিঃ (৫৬০ মাইল)।
-
আমেৰিকা (মহাদেশ)
আমেৰিকা মহাদেশ, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশক লৈ গঠিত এক সুবৃহৎ অঞ্চল। ইয়াৰ এফালে প্ৰশান্ত মহাসাগৰ আৰু অন্যফালে আটলাণ্টিক মহাসাগৰ অৱস্থিত। এই অঞ্চলৰ সময় অঞ্চল UTC-10 ৰ পৰা UTC লৈ।
-
বিজনী
বিজনী(Bijni) অসমৰ চিৰাং জিলা ত অৱস্থিত এখন চহৰ৷
-
পূব ছিয়াং জিলা
পূব ছিয়াং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা৷ এই জিলাৰ সদৰ ঠাই পাছিঘাট৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ৷
-
ওচেনিয়া
প্ৰশান্ত মহাসাগৰৰ মধ্যভাগ আৰু দক্ষিণাংশৰ দ্বীপসমূহক একেলগে ওচেনিয়া বুলা হয়। এই অঞ্চলক চাৰিটা ভাগত ভাগ কৰা হৈছে - মেলানেচিয়া (বৰ্তমানে অষ্ট্ৰেলেচিয়া), মাইক্ৰোনেচিয়া, পলিনেচিয়া আৰু মালয় আৰ্কিয়োপ্লাগো।
-
গোদাৱৰী নদী
গোদাৱৰী দক্ষিণ ভাৰতৰ এখন মুখ্য নদী। ইয়াৰ উৎপত্তি পশ্চিমঘাট পৰ্বত শ্ৰেণীৰ অন্তৰ্গত ত্ৰিম্বক পৰ্বতৰ পৰা হৈছে। ইয়াৰ দীঘ প্ৰায় ১৪৬৫ কিলোমিটাৰ। গোদাৱৰী নদীৰ মুখ্য উপনদীসমূহ হ'ল ক্ৰমে প্ৰাণহিতা, ইন্দ্ৰাৱতী, মঞ্জিৰা।