পল্টন বজাৰ (Paltan Bazaar)১২ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত এক বসতিস্থল। ইয়াৰ চৌপাশে পাণ বজাৰ, উলুবাৰী, ৰিহাবাৰী, ফাঁচী বজাৰ অৱস্থিত। পল্টন বজাৰ গুৱাহাটীৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান। যাতায়াত-যোগাযোগ, ব্যৱসায়-বাণিজ্য, হোটেল আদিকে ধৰি আন বহুতো সেৱাৰেই পল্টন বজাৰ হৈছে কেন্দ্ৰস্থল। গুৱাহাটী ৰেল ষ্টেচন, অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বহুতো ব্যক্তিগত বাছ-বাহনসেৱাৰ মূল কেন্দ্ৰস্থল হৈছে পল্টন বজাৰ।৩ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰম্পৰাগত সাজসজ্জা পল্টন বজাৰত উপলব্ধ।
তথ্যসূত্ৰ
- ↑ Saikh Md Sabah Al-Ahmed. (11 July 2009). Whats in a name. The Assam Tribune
- ↑ (11 December 2011). Floral tributes being paid to the martyrs of the Assam agitation on the occasion of Martyrs’ Day, organised at Swahid Park, Paltan Bazar in Guwahati on. The Assam Tribune
- ↑ Paltan Bazar of 'Guwahati'. India Food Guide
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পল্টন বজাৰ” প্ৰবন্ধৰ সংশোধন ৩৮১৬৮৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।