ধনশিৰি নদী (Dhansiri River) হৈছে অসমৰ গোলাঘাট জিলা আৰু নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ মুখ্য নদী। এই নদীখন নাগালেণ্ডৰ লাইছাং শৃংগ (Laisang peak)ৰ পৰা উৎপত্তি হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ৩৫২ কিঃমিঃ। ই দক্ষিণৰ পৰা উত্তৰলৈ বৈ গৈ ব্ৰহ্মপুত্ৰ নদত পৰিছেগৈ। এই নদীৰ অৱবাহিকাৰ মুঠ কালি হৈছে ১২২০ বৰ্গ কিঃমিঃ।১
জীৱ জগত
ধনশিৰি নদীখন কাৰ্বি আংলং জিলা আৰু নাগালেণ্ড সীমান্তয়েদি বৈ আহোঁতে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত বিভিন্ন জীৱ-জন্তু পোৱা যায়। ইয়াৰ একাষে ধনশিৰি সংৰক্ষিত বনাঞ্চল আৰু আনটো কাষত ইণ্টাঙ্কি ৰাষ্ট্ৰীয় উদ্যান (Intanki National Park).২ ৰাষ্ট্ৰীয় উদ্যান আৰু ধনশিৰি নদীৰ পাৰত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ পোৱা যায়।৩
লগতে চাওক
বাহ্যিক সংযোগ
- Source Geography of India( Majid Hussain, TMH)
- Wetlands along the Dhansiri River channel, Assam - A paper by MK Dutta and P Kotoky
- BBC Report:Marching on to Laffan's Plain - Chapter 12 by Alan Shaw
- Xobdo.Org Encyclopaedia entry on Dhansiri
- Nagaland Pollution Control Board's NWMP entry on water quality levels of the Dhansiri River
তথ্যসূত্ৰ
- ↑ Geography of Golaghat. Government of Assam
- ↑ Choudhury, A.U. (2009). A Naturalist in Karbi Anglong. Revised 2nd edn. (1st pub. 1993), Gibbon Books, Guwahati, India. 152pp
- ↑ Brief documentation of Dhansiripar Block. Government of Nagaland
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধনশিৰি নদী” প্ৰবন্ধৰ সংশোধন ৫৬৫৭০৪ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।