অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ডিব্ৰু নদী

ডিব্ৰু নদী (Dibru River) হৈছে ব্ৰহ্মপুত্ৰৰ উপনদী। অসমৰ বুঢ়ী দিহিং সংৰক্ষিত বনাঞ্চলৰ মাজৰ খেৰেম নামৰ ঠাইত ডিব্ৰু নদীৰ উৎপত্তি হৈছে। এই নদীখন ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰৰ লগ লাগিছে।

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৫ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ডিব্ৰু নদী (Dibru River) হৈছে ব্ৰহ্মপুত্ৰ নদৰ উপনদী। অসমৰ বুঢ়ী দিহিং সংৰক্ষিত বনাঞ্চলৰ মাজৰ খেৰেম নামৰ ঠাইত ডিব্ৰু নদীৰ উৎপত্তি হৈছে। এই নদীখন ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰ নদৰ লগ লাগিছে।

গতিপথ

ডিব্ৰু নদীখন তিনিচুকীয়া জিলাৰ পূব সীমাৰ বুঢ়ী দিহিং সংৰক্ষিত বনাঞ্চলৰ মাজৰ খেৰেম নামৰ ঠাইৰ পৰা ডিব্ৰুজান নামেৰে ওলাই তাৰ পৰা ডুমডুমা, বালিজান, চাবুৱা হৈ ডিব্ৰুগড় নগৰ পৰা ১৮ কি:মি: পূবত ব্ৰহ্মপুত্ৰত পৰিছে।

ডিব্ৰুৰ উপনৈ

ডুমডুমা নৈ

তিনিচুকীয়া জিলাৰ দুৱাৰমৰা সংৰক্ষিত বনৰ ভিতৰত ন দিহিং নৈৰ এটা সুতি ওলায় বৰদুমচা, ডুমডুমা হৈ বৰডুবি চাহবাগিছা পায়। তাৰ পাচত ডুমডুমা নৈ লগ লাগি বিছাকুপি চাহবাগিছাৰ দক্ষিণেদি ৪ কি:মি: আহি ডুমডুমা চহৰত ডিব্ৰু নৈত পৰিছে।

ডাঙৰি নৈ

ডুমডুমাৰ টঙনা গাঁও চাহবাগিছাৰ পশ্চিমৰ লিটংবিলৰ পৰা ওলাই উত্তৰ পশ্চিমমুৱা হৈ ১২ কি:মি: আহি কাকপথাৰ হৈ ডাঙৰি গাঁৱৰ পৰা সদাশিৱ চাহবাগিছাৰ কাষেৰে ঢলা নৈৰ লগ হৈ ফুল বাৰী নামলৈ টৰং চাহবাগিছাৰ উত্তৰেদি ১০ কি:মি: ভটিয়াই ৰাইডাং বিলত সোমাই ডিব্ৰু নৈত পৰিছে।

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ নদীব্ৰহ্মপুত্ৰ নদীৰ উপনৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিব্ৰু নদী” প্ৰবন্ধৰ সংশোধন ৫৬৫৬৯৯ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।