অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

লংলেং জিলা

লংলেং জিলা নাগালেণ্ডৰ এঘাৰখন জিলাৰ ভিতৰত অন্যতম জিলা৷ এই জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক সকল হৈছে ফ’ম জনজাতিৰ (Phom tribe)৷ পূৰ্বতে লংলেং জিলা নাগালেণ্ডৰ টুৱেনছাং জিলা প্ৰশাসনৰ অধীনত আছিল যদিও ২০০৪ জনৰ জানুৱাৰী মাহত এই জিলাক পৃথক জিলাৰ মৰ্যদা প্ৰদান কৰা হয়৷

হালনাগাদ: ২৩ মাৰ্চ ২০২১ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৪৯
সংশোধনৰ পৰামৰ্শ

লংলেং জিলা নাগালেণ্ডৰ এঘাৰখন জিলাৰ ভিতৰত অন্যতম জিলা৷ এই জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক সকল হৈছে ফ’ম জনজাতিৰ (Phom tribe)৷ পূৰ্বতে লংলেং জিলা নাগালেণ্ডৰ টুৱেনছাং জিলা প্ৰশাসনৰ অধীনত আছিল যদিও ২০০৪ জনৰ জানুৱাৰী মাহত এই জিলাক পৃথক জিলাৰ মৰ্যদা প্ৰদান কৰা হয়৷১

ভৌগোলিক অৱস্থান

লংলেং নাগালেণ্ডৰ দশম জিলা৷ এই জিলাৰ উত্তৰে মন জিলা, দক্ষিণে টুৱেনছাং জিলা আৰু পশ্চিমে মককচুং জিলা অৱস্থিত৷ এই জিলাৰ সদৰঠাই লংলেং যি সাগৰ পৃষ্ঠৰ পৰা ১০৬৬ মিটাৰ উচ্চতাত অৱস্থিত৷ এই জিলাৰ প্ৰধান টাউনসমূহ হৈছে তামলু (Tamlu) আৰু লংলেং আৰু মূল নদী দিখো (Dikhu)।

জনসংখ্যা

২০১১ জনৰ জনসংখ্যা অনুসৰি লংলেং জিলাৰ মুঠ জনসংখ্যা ৫০,৫৯৩ জন৷১ গতিকে ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা এই জিলাৰ স্থান ৬৩২৷ ১ লংলেঙৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯০৩ গৰাকী৷১ এই জিলাৰ সাক্ষৰতাৰ হাৰ ৭৩.১%।১

লংলেং জিলাৰ সংখ্যাগৰিষ্ঠ লোকে ব্যৱহাৰ কৰা ভাষাটো হ’ল ফ’ম (Phom)৷

তথ্যসূত্ৰ

  1. ↑ (2011). District Census 2011. Census2011.co.in

সম্পৰ্কিত শ্ৰেণী

নাগালেণ্ডৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লংলেং জিলা” প্ৰবন্ধৰ সংশোধন ২৬৮৬৭০ (২৩ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।