টিংখং ডিব্ৰুগড় জিলাৰ এখন বিধান সভা সমষ্টি।১ টিংখং চাহ উৎপাদনকাৰী আৰু তৈলক্ষেত্ৰ অঞ্চল। টিংখং ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৮০ কিঃমিঃ দক্ষিণ পূবত আৰু তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ৭০ কিঃমিঃ দূৰত অৱস্থিত। ডিব্ৰুগড় বিমানবন্দৰ ইয়াৰ পৰা প্ৰায় ৭০ কিঃমিঃ নিলগত আৰু আটাইতকৈ ওচৰৰ ৰে'ল ষ্টেচন হল নাহৰকটীয়া ষ্টেচন।
টিংখংৰ স্থানাংক হল আৰু সাগৰ পৃষ্ঠৰ পৰা ১১৬ মিটাৰ ওপৰত অৱস্থিত।
যাতায়ত
নাহৰকটীয়া ৰে'ল ষ্টেচন টিংখংৰ পৰা প্ৰায় ২৬ কিঃমিঃ দূৰত অৱস্থিত। ডিব্ৰুগড়, নাহৰকটীয়া, মৰাণ, ৰাজগড়ৰ পৰা নিয়মীয়া বাছ চলাচল কৰে।
অৰ্থনীতি
টিংখংৰ বেছি ভাগ মানুহে ধান আৰু চাহৰ খেতি কৰে। অঞ্চল খনত বহুতো চাহ বাগিচা আছে। এই অঞ্চলত বাস কৰা প্ৰায় সকলো মানুহৰ ঘৰত ক্ষুদ্ৰ চাহ বাগিচা আছে।
বিধান সভাৰ সদস্য
| বৰ্ষ | নাম | দল | |
|---|---|---|---|
| ১৯৬৭ | বি. গগৈ | সংযুক্ত সমাজবাদী দল | |
| ১৯৭২ | ৰাজেন্দ্ৰ নাথ ফুকন | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭৮ | ভদ্ৰেশ্বৰ গগৈ | জনতা দল | |
| ১৯৮৫ | অতুল চন্দ্ৰ কোচ | নিৰ্দলীয় ৰাজনীতিবিদ | |
| ১৯৯১ | পৃথিৱী মাঝি | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | এটোৱা মুণ্ডা | ||
| ২০০১ | |||
| ২০০৬ | অনুপ ফুকন | অসম গণ পৰিষদ | |
| ২০১১ | এটোৱা মুণ্ডা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১৬ | বিমল বৰা২ | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২১ |
বাহ্যিক সংযোগসমূহ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিংখং” প্ৰবন্ধৰ সংশোধন ৫০২৮৭২ (৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।