বৎচোৱানা (Botswana) আফ্ৰিকা মহাদেশৰ দক্ষিণাংশত অৱস্থিত এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ১৯৬৬ চনত ই ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।
হীৰা আৰু অন্যান্য খনিজাত সম্পদে বৎচোৱানাক আফ্ৰিকাৰ অন্যতম ধনী দেশলৈ পৰিণত কৰেছে। দেশখনৰ অধিকাংশ এলাকা শুষ্ক আৰু কৃষিৰ অনুপযোগী। বৎচোৱানাৰ মধ্য আৰু দক্ষিণ-পশ্চিমভাগৰ অধিকাংশ অঞ্চল জুৰি কালাহাৰি মৰুভূমি অৱস্থিত। দেশখনত প্ৰাণীবিলাকৰ বাবে বহুতো অভয়াৰণ্য আছে।
স্বাধীনতাৰ পিছৰে পৰা বৎচোৱানাত স্থিতিশীল গণতন্ত্ৰ বিৰাজমান। এজন নিৰ্বাচিত ৰাষ্ট্ৰপতিয়ে দেশখন শাসন কৰে। গাবোৰোন হ'ল দেশখনৰ বৃহত্তম চহৰ আৰু ৰাজধানী। ইংৰেজী দেশখনৰ চৰকাৰী ভাষা হ'লেও বেছিভাগ মানুহেই বাণ্টু ভাষাত কথা পাতে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৎচোৱানা” প্ৰবন্ধৰ সংশোধন ৫৮৩১৭৫ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।