উত্তৰকাশী জিলা উত্তৰ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ গড়ৱল সংমণ্ডলৰ অন্তৰ্গত এখন জিলা। উত্তৰকাশী নগৰ এই জিলাৰ সদৰ ঠাই। বাৰকোট, ডুণ্ডা, ভাটৱাড়ী, চিন্যালী চৌৰ, পাৰোলা আৰু মোৰী এই জিলাৰ তহচিল।
উত্তৰকাশী জিলা হিমালয় পৰ্বতমালাত অৱস্থিত। এই জিলাৰ অন্তৰ্গত গংগোত্ৰীৰ পৰা গংগা নদী আৰু যমুনোত্ৰীৰ পৰা যমুনা নদীৰ উৎপত্তি ঘটে। এই জিলাত কেইবাটাও মঠ-মন্দিৰ আছে যিয়ে হাজাৰ হাজাৰ তীৰ্থযাত্ৰীক আকৰ্ষিত কৰে। এই জিলাৰ উত্তৰে হিমাচল প্ৰদেশ, উত্তৰ-পূবত তিব্বত, পূবে চামোলী জিলা, দক্ষিণ-পূবত ৰুদ্ৰপ্ৰয়াগ জিলা, দক্ষিণে তেহৰী গড়ৱাল জিলা আৰু পশ্চিমে দেৰাডুন জিলা অৱস্থিত।
বিধানসভা সমষ্টিসমূহ
- পৰোলা (SC)
- যমুনোত্ৰী
- গংগোত্ৰী
জনগাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰকাশী জিলাৰ জনসংখ্যা ৩৩,০০৮৬জন।১ জনঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত ৪১জন (১১০ প্ৰতি বৰ্গ মাইল)।২ লিংগ অনুপাত হৈছে প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৯৫৯ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ হৈছে ৭৫.৯৮%।৩
ভাষা
উত্তৰকাশী জিলাৰ অধিকাংশ লোকেই গড়ৱলী ভাষা কয় যদিও ইয়াত হিন্দী ভাষাৰ বৰকৈ প্ৰচলন আছে।৪ তদুপৰি ইয়াত বঙালী, ভোজপুৰী, মাৰাঠী, পাহাৰী, নেপালী, পঞ্জাবী, উৰ্দু আদি ভাষাৰো প্ৰচলন আছে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ C-16 Population By Mother Tongue – Uttarakhand. Office of the Registrar General & Census Commissioner, India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰকাশী জিলা” প্ৰবন্ধৰ সংশোধন ৩১২৯৫২ (৬ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।