ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
জালুকবাৰী
জালুকবাৰী (Jalukbari) হৈছে গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ এলেকা। ই অসমৰ শিক্ষা জগতৰ অন্যতম কেন্দ্ৰস্থল য'ত অসম তথা উত্তৰ পূৰ্ব্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু আয়ুৰ্বেদ মহাবিদ্যালয় অৱস্থিত।
-
টীয়ক
টীয়ক অসমৰ যোৰহাট জিলাত অৱস্থিত এখন ঠাই। ই যোৰহাট নগৰৰ পৰা প্ৰায় ২৫ কি:মি: দূৰত অৱস্থিত।
-
ভোগদৈ নদী
ভোগদৈ নদী (Bhogdoi River) ব্ৰহ্মপুত্ৰ নদৰ এখন দক্ষিণ বাহিনী উপনদী। নগা পাহাৰৰ পৰা উৎপত্তি হৈ ই যোৰহাট চহৰৰ মাজেদি প্ৰবাহিত হৈছে আৰু অন্য এখন নদীৰ সৈতে মিলিত হৈ নদীখনৰ নাম গেলাবিল হৈ যায় আৰু ব্ৰহ্মপুত্ৰত লগ লাগে। পূৰ্বতে ভোগদৈ নদী খনৰ নাম আছিল দিচৈ। ইয়াৰ পুৰণা সুঁতিটো বৰ্তমান মৰিদিচৈ নামেৰে জনাজাত।
-
ৰামেশ্বৰম
ৰামেশ্বৰম ভাৰতৰ তামিলনাডুৰ ৰামনাথপুৰম জিলাৰ এখন পৌৰসভা। ই পাম্বান প্ৰণালীৰ দ্বাৰা ভাৰতৰ মূল ভূখণ্ডৰ পৰা পৃথক হোৱা পাম্বান দ্বীপত অৱস্থিত আৰু শ্ৰীলংকাৰ মান্নাৰ দ্বীপৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৪০ কিলোমিটাৰ। ই ভাৰতীয় উপদ্বীপৰ প্ৰান্তত মান্নাৰ উপসাগৰত অৱস্থিত।
-
লামডিং
লামডিং (Pron:/lʌmˈdɪŋ/)(Lumding) অসমৰ নগাওঁ জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই। ই উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ৰে'লৱে জংচন ৰূপে প্ৰখ্যাত।
-
গুৱাহাটী ৰেল ষ্টেচন
গুৱাহাটী ৰেল ষ্টেচন (ষ্টেচন কোড: GHY) গুৱাহাটী চহৰৰ পল্টন বজাৰত অৱস্থিত। ই অসমৰ বৃহত্তম ৰেলৱে ষ্টেচন, আৰু ভাৰতৰ প্ৰথম সম্পূৰ্ণ-ভাবে সৌৰ-শক্তি দি চলুৱা ৰেল ষ্টেচন। ইয়াৰ কাষতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান অৱস্থিত।
-
চন্দ্ৰকান্ত সন্দিকৈ ভৱন
চন্দ্ৰকান্ত সন্দিকৈ ভৱন (Chandrakanta Handique Bhavan) হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। এই ভৱনটো যোৰহাট জিলাত অৱস্থিত। অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষাসমূহৰ উন্নতিৰ কাম-কাজৰ লগত এই ভৱনটো জড়িত হৈ আছে।
-
ঠেঙাল ভৱন
ঠেঙাল ভৱন (Thengal Bhawan) হৈছে অসমৰ যোৰহাট জিলাত অৱস্থিত এটা পুৰণি ভৱন। ইয়াৰ পৰাই ১৯৩৫ চনৰ ১২ আগষ্টত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ পাইছিল। তেতিয়া কাকতখনৰ সম্পাদক আছিল নীলমণি ফুকন। 'বৰ্তমান এই ভৱনটো অতিথিশালালৈ পৰিৱৰ্তন কৰা হৈছে।
-
পলাশবাৰী
পলাশবাৰী (Pron:ˌpəlæsˈbɑːrɪ) (Palasbari) অসমৰ কামৰূপ জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই৷
-
কাইৰো
কাইৰো হৈছে মিছৰৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই আফ্ৰিকা আৰু আৰব বিশ্বৰ অন্যতম বৃহৎ মহানগৰ হিচাপে পৰিগণিত হৈছে।
-
চাদ
চাদ (Tchad; আৰবী ভাষ: تشاد), চৰকাৰী নাম চাদ প্ৰজাতন্ত্ৰ, মধ্য আফ্ৰিকাৰ এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে লিবিয়া, পূবে চুদান, দক্ষিণে মধ্য আফ্ৰিকান প্ৰজাতন্ত্ৰ, দক্ষিণ-পশ্চিমে কেমেৰুন আৰু নাইজেৰিয়া, আৰু পশ্চিমে নাইজাৰ।
-
লোহিত নদী
লোহিত নদী বা জায়ো নদী হৈছে ভাৰত আৰু চীনৰ এখন নদী। কাংগ্ৰি গাৰ্পো ৰেঞ্জৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ পৰা উৎপত্তি হৈছে, তাত ইয়াক জায়ো নদী (察隅河) বোলে। তাৰ পৰা ই লোহিত নাম লৈ অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলৰ মাজেৰে প্ৰায় ২০০ কিলোমিটাৰ (১২০ মাইল) অতিক্ৰম কৰি আহি অসমত চিয়াং (ব্ৰহ্মপুত্ৰ নদ)ত মিলিত…
-
অশোক বন
অশোক বন বা অশোক বাটিকা (Ashok Vatika) লংকাৰ ৰাক্ষস ৰজা ৰাৱণৰ ৰাজ্যত অৱস্থিত এখন বাগিচা আছিল৷ যি হিন্দু মহাকাব্য বিষ্ণু পুৰাণ আৰু বাল্মীকিৰ ৰামায়ণত উল্লেখ কৰা আছে আৰু পৰৱৰ্তী সকলো সংস্কৰণ যেনে- তুলসীদাসৰ দ্বাৰা ৰচিত ৰামচৰিতমানসৰ সুন্দৰ কাণ্ডত উল্লেখ পোৱা যায়।
-
অসমৰ বিলসমূহৰ তালিকা
বিল হৈছে চাৰিওফালে স্থলভাগে ঘেৰি থকা দ আৰু বহল স্বাভাৱিক জলভাগ। সাধাৰণতে গংগা-ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ পূব ভাৰতীয় ৰাজ্য অসম আৰু পশ্চিম বংগৰ লগতে বাংলাদেশৰ হ্ৰদৰ দৰে বৃহৎ স্থিতিশীল পানীৰে পূৰ্ণ আদ্ৰভূমিক বুজাবলৈ বিল শব্দটো ব্যৱহাৰ কৰা হয়।
-
কলীয়াভোমোৰা সেতু
কলীয়াভোমোৰা সেতু অসমৰ শোণিতপুৰ আৰু নগাঁও জিলাৰ মাজৰ অৱস্থিত৷ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত এই দলংখনৰ আধাৰশিলা তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায় ১৯৭৮ চনত স্থাপন কৰে৷ ১৯৮৭ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কলীয়াভোমোৰা সেতু উদ্বোধন কৰে৷ ৩.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মূল দলংখনত প্ৰায় ৪৪ কোটি…
-
দিচাং নদী
দিচাং নদী হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনদী। এই নদীৰ দৈৰ্ঘ্য ২৩০ কিঃমিঃ আৰু অৱবাহিকাৰ কালি ৩৯৫০ বৰ্গ কিঃমিঃ।
-
বিশ্বনাথ ঘাট
বিশ্বনাথত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ যজ্ঞ:-"ৰুদ্ৰসিংহ বিশ্বনাথত যজ্ঞ কৰিবলৈ আহিছিল। আখনত গুৱাহাটাত মুৰকৈ নৰা কোঁঞৰ ফুকনক থলে। পাণীফুকন, বৰগোহাঞি, ফুকন আলো ৰাজখোৱাবোৰ আছিল। পাচে তিনি ৰজা আহি চকীয়াল বৰুৱাৰ হাতত দিলে। মাঘৰ ১৩ দিন আছিতে বিজয়ৰাম সহিতে আমাৰ কটকী আহি জাগীত দহ দিন থাকি গুৱাহাটা পালেহি।
-
বৰনদী
বৰনদী অসমৰ পশ্চিম-উত্তৰ দিশত অৱস্থিত। ব্ৰিটিছসকলৰ শাসন কালত অসমৰ এই নদীখনে কামৰূপ জিলা আৰু দৰং জিলাক পৃথক কৰিছিল। ইয়াৰ নামটো বাৰা/বড়ো/বদা নদীৰপৰা উৎপত্তি হৈছে।
-
মাদ্ৰিদ
মাদ্ৰিদ হৈছে স্পেইনৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই স্পেইনৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে।
-
মুৰ্শিদাবাদ
মুৰ্শিদাবাদ (মুৰ্ছিদাবাদ) বংগ, বিহাৰ, উৰিষ্যাৰ পূৰ্বৰ ৰাজধানী। ইয়াৰ প্ৰতিষ্ঠাপক মুৰ্শিদকুলি খাঁ। আৰু ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ মুৰ্শিদাবাদ জিলাৰ এখন চহৰ আৰু পৌৰসভা অঞ্চল। অষ্টাদশ শতিকাৰ সময়ছোৱাত মুৰ্শিদাবাদ এখন সমৃদ্ধিশালী চহৰ আছিল।
-
মৰাণ (নগৰ)
মৰাণ (Moran Town), ভাৰতৰ ৰাজ্যসমূহৰ অন্তৰ্গত অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন সৰু লোকপিয়ল নগৰ। নগৰখন ঔদ্যোগিক ভাৱে উন্নত। এইখন দেশৰ এখন অন্যতম চাহ আৰু খাৰুৱা তৈল উৎপাদন হোৱা অঞ্চল। অঞ্চলটোৰ এটা প্ৰধান আকৰ্ষণ হ'ল ৰাইদঙীয়া দৌল, যিটোৱে আহোম ৰাজত্বৰ ঐতিহ্য বহন কৰিছে।
-
ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ
ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। ৰাভা জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ব শাসনৰ বাবে অসম চৰকাৰে ১৯৯৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৫ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে।
-
অষ্ট্ৰেলিয়া (মহাদেশ)
অষ্ট্ৰেলিয়া পৃথিৱীৰ সাত মহাদেশৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ। অষ্ট্ৰেলিয়া, পাপুৱা নিউগিনি আৰু ইণ্ডোনেছিয়াৰ পাপুৱা আৰু পশ্চিম পাপুৱা প্ৰদেশক লৈ গঠিত এই মহাদেশখনৰ মাটিকালি ৮,৪৬৮,৩০০ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ৩১,২৬৯,০০০।
-
জলমণ্ডল
জলমণ্ডল (গ্ৰীক শব্দ: হাইড্ৰ’, “জল” আৰু স্পাইৰা, “মণ্ডল”) হৈছে ভূ-পৃষ্ঠত থকা সকলো সাগৰ-মহাসাগৰ, হ্ৰদ, নদ-নদী, ভূ-জল, অন্যান্য জলৰাশি, জলীয় বাষ্প আনকি গোটা অৱস্থাত থকা বৰফ, এই আটাইবোৰক একেলগে জলমণ্ডল বোলে। জলমণ্ডলে পৃথিৱীৰ পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ ঠাই আগুৰি আছে।
-
সাঁচী
সাঁচী (Sanchi হ'ল মধ্যপ্ৰদেশ ৰাজ্যৰ ৰাজধানী ভূপালপৰা ৪৫ কিলোমিটাৰ দূৰৈত অৱস্থিত এখন নগৰ। এই স্থান বৌদ্ধ স্থাপত্যৰ বাবে বিখ্যাত। খ্ৰীষ্টপূৰ্ব দ্বিতীয় আৰু প্ৰথম শতাব্দীত এইসমূহ নিৰ্মাণ কৰা হৈছিল। কোনো কোনোৰ মতে খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীত সম্ৰাট অশোকৰ ৰাজত্বকালত এই স্মাৰকসমৃহ গঢ় লৈ উঠিছিল।
-
আমিনগাঁও
আমিনগাঁও (IPA: ˈɑ:mɪnˌgɑ̃ʊ) উত্তৰ গুৱাহাটী, অসমৰ এটা অঞ্চল।
-
খেন্ বংশ
খেন্ বংশ মধ্যযুগত কমতা ৰাজ্য শাসন কৰা এটা ৰাজবংশ। কমতাপুৰত ১৫ শতিকাৰ শেষৰ ফালে অৰাজকতা সৃষ্টি হোৱাত নীলধ্বজ নামৰ এজনে ১৪৪০ চনত কমতাপুৰৰ সিংহাসন দখল কৰে। তেৱেঁই কামৰূপ-কমতাত খেন্ বা খান বা সেন বংশৰ পাতনি মেলে। নীলধ্বজৰ পাছত পুতেক চক্ৰধ্বজ আৰু তাৰ পাছত চক্ৰধ্বজৰ পুত্ৰ নীলাম্বৰ ৰজা হয়।
-
গণেশগুৰি
গণেশগুৰি (Ganeshguri) গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এক প্ৰধান ব্যৱসায়িক অঞ্চল। ই অসমৰ গুৱাহাটী চহৰত অৱস্থিত। ইয়াৰ দক্ষিণাংশত অৱস্থিত গণেশ মন্দিৰটোৰ বাবেই এই ঠাইখন গণেশগুৰি নামে পৰিচিত হৈ পৰিল।
-
ছিপাঝাৰ
দৰং জিলাৰ এখন অন্যতম চহৰ ছিপাঝাৰ। পুৰণি ছিফা নদীৰ পাৰৰ ঝাৰণি অঞ্চলেই বৰ্তমানৰ ছিপাঝাৰ বুলি পণ্ডিতসকলে কয়। মঙ্গলদৈ নগৰৰ পৰা ১৫ কিলোমিটাৰ পশ্চিমত অৱস্থিত এই অঞ্চলটো এসময়ত এৰী, মুগা আৰু পাটপলু প্ৰতিপালনৰ বাবে বিখ্যাত আছিল। ছিপাঝাৰৰ নতিদুৰতে আছে এটি সূতাকলৰ বৃহৎ উদ্যোগ।
-
টংলা
টংলা ( Tangla)(IPA: ˈtæŋglə or ˈtæŋlə) অসমৰ ওদালগুৰি জিলাত অৱস্থিত এখন ঠাই।