দক্ষিণ মহাসাগৰ বা এণ্টাৰ্কটিক মহাসাগৰ (Southern Ocean) হৈছে পৃথিৱীৰ দক্ষিণ প্ৰান্তত অৱস্থিত মহাসাগৰ। ইণ্টাৰনেশ্যনেল হাইড্ৰ'গ্ৰাফিক অৰ্গেনাইজেশ্যনে এণ্টাৰ্কটিকা মহাদেশক আবৰি ৰখা বিশাল জলৰাশিকে দক্ষিণ মহাসাগৰ ৰূপে চিহ্নিত কৰিছে। সেই অনুসৰি এই মহাসাগৰখন ৬০° দক্ষিণ অক্ষাংশৰ পৰা এণ্টাৰ্কটিকা মহাদেশক আবৰি অৱস্থান কৰি আছে।
দক্ষিণ মহাসাগৰৰ মুঠ ক্ষেত্ৰফল ২,০৩,২৭,০০০ বৰ্গ কিলোমিটাৰ, আৰু উপকূলৰ দৈৰ্ঘ্য ১৭,৯৬৮ কিলোমিটাৰ। আকাৰৰ তুলনাত পাঁচখন মহাসাগৰৰ ভিতৰত ইয়াৰ স্থান চতুৰ্থ।
বহিঃসংযোগ
- Oceanography Image of the Day, from the Woods Hole Oceanographic Institution
- The CIA World Factbook's entry on the Southern Ocean
- The Fifth Ocean from Geography.About.com
- NOAA In-situ Ocean Data Viewer Plot and download ocean observations
- NOAA FAQ about the number of oceans
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ মহাসাগৰ” প্ৰবন্ধৰ সংশোধন ৫৮২৬৮৩ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।