অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ৱখা জিলা

ৱখা জিলা ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৱখা জিলা ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা।

ভৌগোলিক অৱস্থান

ৱখা জিলাৰ মুঠ মাটিকালি ১৬২৮ বৰ্গ কিমি। এই জিলাৰ সদৰ ঠাই ৱখা।

ইতিহাস

ব্ৰিটিছৰ শাসনৰ সময়ত ৱখা জিলা ১৮৭৮ লৈকে নাগা হিলছ জিলা (Naga Hills District)-ৰ সদৰ ঠাই আছিল। পৰৱৰ্ত্তী কালত এই সদৰ ঠাই কহিমালৈ স্থানান্তৰ কৰা হয় আৰু ৱখাক পৃথক মহকুমা হিচাপে স্বীকৃতি দিয়া হয়। ১৮৮৯ চনত এই মহকুমা মোককচাং মহকুমাৰ সৈতে যোগ দিয়া হয়। ১৯৫৭ চনত ৱখা মোককচাং জিলাৰ এটা মহকুমা হয়। বৰ্তমানৰ ৱখা জিলাৰ গঠন হয় ১৯৭৩ চনত।১

অৰ্থনীতি

Backward Regions Grant Fund|Backward Regions Grant Fund Programme (BRGF) আঁচনিৰ অধীনত পুঁজি পাই থকা নাগালেণ্ডৰ তিনিখন জিলাৰ এখন হৈছে ৱখা।২

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি ৱখা জিলাৰ মুঠ জনসংখ্যা ১৬৬,২৩৯ জন।৩ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৯৫।৩ এই জিলাৰ প্ৰতি ১০০০ পুৰুষৰ ভিতৰত মহিলাৰ সংখ্যা ৯৬৮ গৰাকী। ৱখা জিলাৰ সাক্ষৰতাৰ হাৰ ৮৭.৭%।৪

তথ্যসূত্ৰ

  1. ↑ (2012). District industrial profile report of Wokha district. gov.in. Development Commissioner Ministry of Micro, Small & Medium Enterprises
  2. ↑ Ministry of Panchayati Raj. (8 September 2009). A Note on the Backward Regions Grant Fund Programme. National Institute of Rural Development
  3. ↑ (2011). District Census 2011. Census2011.co.in
  4. ↑ Wokha District Population Census 2011, Nagaland literacy sex ratio and density. www.census2011.co.in

সম্পৰ্কিত শ্ৰেণী

নাগালেণ্ডৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱখা জিলা” প্ৰবন্ধৰ সংশোধন ৩৮৩৬১০ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।