নামনি দিবাং উপত্যকা জিলা (Lower Dibang Valley district, Pron:/dɪˈbæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ভাৰতৰ জিলাসমূহৰ ভিতৰত এই জিলাখন দশম সৰ্বনিম্ন জনবসতিপূৰ্ণ জিলা হিচাপে স্বীকৃত৷১
ইতিহাস
নামনি দিবাং উপত্যকা জিলাৰ বৰ্তমানৰ ভূখণ্ড বাৰশৰ পৰা ষোল্লশ শতিকা চুতীয়া ৰাজত্বৰ অন্তৰ্ভুক্ত আছিল৷ জিলাখনৰ ৰ'ইঙত অৱস্থিত ভীষ্মকনগৰৰ সৈতে চুতীয়া ৰাজ্যৰ ঐতিহ্য বিজড়িত হৈ আছে। ১৯৮০ চনৰ জুন মাহত লোহিত জিলাৰ একাংশ লৈ দিবাং উপত্যকা জিলা গঠন কৰা হয়৷২ ২০০১ চনৰ ১৬ ডিচেম্বৰৰ দিনা দিবাং উপত্যকা জিলাক বিভক্ত কৰি উজনি আৰু নামনি দিবাং উপত্যকা জিলা দুখন সৃষ্টি কৰা হয়৷২
ভৌগোলিক অৱস্থান
নামনি দিবাং উপত্যকা জিলাৰ সদৰঠাই ৰয়িং (Roing)।৩
প্ৰশাসন
এই জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ দুটা সমষ্টি আছে- দাম্বুক (Dambuk) আৰু ৰয়িং৷ দুয়োটা অঞ্চল পূব অৰুণাচল প্ৰদেশ লোকসভাৰ সমষ্টিৰ অন্তৰ্ভুক্ত৷৪
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি নামনি দিবাং উপত্যকা জিলাৰ জনসংখ্যা ৫৪,০৮০ জন৷৫ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬৩০৷৫ জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ১৪ জন৷৫ ২০০১-২০১১ দশকত জিলাখনত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৭.০১%৷৫ নামনি দিবাং উপত্যকা জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১৯ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৬৯.১%।৫
ভাষা
এই জিলাৰ ব্যৱহৃত মূল ভাষা সমূহ হৈছে আদি আৰু ইডু মিছমি (Idu Mishmi)৷
জৈৱবৈচিত্ৰ্য
১৯৮০ চনত নামনি দিবাং উপত্যকা জিলাৰ ২৮২ বৰ্গ কিলোমিটাৰ সামৰি মেহাও বন্যপ্ৰাণী অভয়াৰণ্য (Mehao Wildlife Sanctuary) গঠন কৰা হয়৷৬
তথ্যসূত্ৰ
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ Law, Gwillim. (25 September 2001). Districts of India. Statoids
- ↑ Official Website of the Lower Dibang Valley District
- ↑ Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies. Chief Electoral Officer, Arunachal Pradesh website
- ↑ District at Glance. roing.nic.in
- ↑ Indian Ministry of Forests and Environment. Protected areas: Arunachal Pradesh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নামনি দিবাং উপত্যকা জিলা” প্ৰবন্ধৰ সংশোধন ৩১০৯৮২ (১৪ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।