অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ধিং

ধিং ভাৰতৰ অসম ৰাজ্যৰ নগাঁও জিলাৰ এখন গাঁও। ই ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিন পাৰৰ ঠাই।

হালনাগাদ: ১৬ ছেপ্তেম্বৰ ২০২৩ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ধিং ভাৰতৰ অসম ৰাজ্যৰ নগাঁও জিলাৰ এখন গাঁও। ই ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিন পাৰৰ ঠাই।

ভূগোল

ধিং অসমৰ নগাঁও জিলাৰ উত্তৰ পশ্চিমে থকা এখন সৰু চহৰ। ধিং নগাঁও চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত অৱস্থিত। নগাঁও চহৰৰ পৰা মুখ্য বাটেৰে ধিং সংযোগ কৰা হৈছে। ধিং চহৰক গুৱাহাটীৰ পৰা ৰেল লাইনেৰে সংযোগ কৰা হৈছে। গুৱাহাটীৰ পৰা মৰিগাওঁ হৈ অহা বাট সবাতোকৈ সৰু বাট,এই বাটে দি অতি কম সময়ৰ ভিতৰত গুৱাহাটীৰ পৰা ধিং পোৱা যায়। ঐতিহাঁহিক মহত্ত্বপূৰ্ণ ঠাই বৰদোৱা (বটদ্ৰবা) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও চহৰৰ পৰা ধিং যোৱাৰ বাটত পৰে। ধিংৰ বেছিভাগ মানুহৰ জীৱিকা হ'ল কৃষি। এই ঠাইত ধান,মৰাপাট,ঘেহু, মটৰমাহ আৰু বিভিন্ন ধৰণৰ শাক পাছলিৰ খেতি কৰা হয়।

জনসংখ্যাৰ হাৰ

২০০১চনৰ লোকপিয়ল মতে ধিংৰ জনসংখ্যা আছিল ১৭,৮৪১জন। পুৰুষ ৫১% আৰু মহিলা ৪৯%।

ৰাজনীতি

ধিং বিধানসভা সমষ্টি কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।

ধিং বিধানসভা সমষ্টিৰ বৰ্তমান বিধায়ক হ'ল আমিনুল ইছলাম।

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰনগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধিং” প্ৰবন্ধৰ সংশোধন ৩৭৮২৭৬ (১৬ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।