অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বিশ্বনাথ ঘাট

বিশ্বনাথত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ যজ্ঞ:-"ৰুদ্ৰসিংহ বিশ্বনাথত যজ্ঞ কৰিবলৈ আহিছিল। আখনত গুৱাহাটাত মুৰকৈ নৰা কোঁঞৰ ফুকনক থলে। পাণীফুকন, বৰগোহাঞি, ফুকন আলো ৰাজখোৱাবোৰ আছিল। পাচে তিনি ৰজা আহি চকীয়াল বৰুৱাৰ হাতত দিলে। মাঘৰ ১৩ দিন আছিতে বিজয়ৰাম সহিতে আমাৰ কটকী আহি জাগীত দহ দিন থাকি গুৱাহাটা পালেহি।

হালনাগাদ: ২৩ ডিচেম্বৰ ২০২৪ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বুৰঞ্জীত বিশ্বনাথ:কিছু উল্লেখ:

বিশ্বনাথত স্বৰ্গদেউ চুখ্ৰংফাৰ যজ্ঞ:-"ৰুদ্ৰসিংহ বিশ্বনাথত যজ্ঞ কৰিবলৈ আহিছিল। আখনত গুৱাহাটাত মুৰকৈ নৰা কোঁঞৰ ফুকনক থলে। পাণীফুকন, বৰগোহাঞি, ফুকন আলো ৰাজখোৱাবোৰ আছিল। পাচে তিনি ৰজা আহি চকীয়াল বৰুৱাৰ হাতত দিলে। মাঘৰ ১৩ দিন আছিতে বিজয়ৰাম সহিতে আমাৰ কটকী আহি জাগীত দহ দিন থাকি গুৱাহাটা পালেহি। মাধৱ কন্দলিয়ে ঘৰ চাওঁ বুলি বিজয়ৰামত জনাই ৬৬ লৈ জনাবলৈ গ'ল। পাচে ৬৬ ও যজ্ঞ সমাপ্ত কৰি গড়গাৱলৈ গল।" ১

বিশ্বনাথ অঞ্চলত শংকৰদেৱৰ প্ৰবাস:- "বড়ো-কছাৰী সকলৰ লগত বাৰভুঞাৰ সংঘৰ্ষ হোৱাত শংকৰদেৱে শ্ৰী শ্ৰী বটদ্ৰৱা থান অঞ্চল এৰি বিশ্বনাথ অঞ্চলত কিছুদিন থাকি তাৰপৰা উজাই কেইবা ঠাইতো ৰৈ শেষত মাজুলীৰ পশ্চিম অঞ্চলত ধুঁৱাহাট বা বেলগুৰিত বাৰ-চৈধ্য বছৰ সত্ৰ পাতি থাকে।" ২

মণিৰাম দেৱানৰ লগত বিশ্বনাথৰ সৰ্ম্পক:- মণিৰাম দেৱানৰ আঠ ঠাইত আঠখন স্থায়ী ঘৰ-বাৰী আছিল। তাৰে এখন আছিল বিশ্বনাথত। মণিৰাম দেৱানৰ সৰু মাজু গৰাকী নগাঁৱৰ কঢ়ালৰ বৰুৱাৰ ঘৰৰ; লক্ষ্মীৰাম বৰুৱাৰ কন্যা চানা বা চম্পাৱতীৰ সৈতে পতা বিয়াখন বিশ্বনাথৰ পৰা পতা হৈছিল।" ৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ জয়ন্তীয়া বুৰঞ্জী
  2. ↑ ড৹ মহেশ্বৰ নেওগ. পবিত্ৰ অসম
  3. ↑ বেনুধৰ শৰ্মা।. মণিৰাম দেৱান

সম্পৰ্কিত শ্ৰেণী

শোণিতপুৰ জিলাৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্বনাথ ঘাট” প্ৰবন্ধৰ সংশোধন ৪৫৬৯৯৯ (২৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।