অশোক বন বা অশোক বাটিকা (Ashok Vatika) লংকাৰ ৰাক্ষস ৰজা ৰাৱণৰ ৰাজ্যত অৱস্থিত এখন বাগিচা আছিল৷ যি হিন্দু মহাকাব্য বিষ্ণু পুৰাণ আৰু বাল্মীকিৰ ৰামায়ণত উল্লেখ কৰা আছে আৰু পৰৱৰ্তী সকলো সংস্কৰণ যেনে- তুলসীদাসৰ দ্বাৰা ৰচিত ৰামচৰিতমানসৰ সুন্দৰ কাণ্ডত উল্লেখ পোৱা যায়।১ অশোক বাটিকাৰ চাৰিওফালে থকা ঘৰবোৰ বিশ্বকৰ্মাই নিজে নিৰ্মাণ কৰিছে।২
এই ঠাইতে ৰামৰ পত্নী সীতাক ৰাৱণে অপহৰণ কৰি বন্দী কৰি ৰাখিছিল৷ ৰাৱণৰ পত্নী মন্দোদৰীয়ে সীতাক লগ কৰিবলৈ ইয়ালৈ আহিছিল৷ ইয়াতে হনুমানে প্ৰথমবাৰৰ বাবে সীতাক লগ পাইছিল আৰু ৰামৰ আঙুলিৰ আঙুঠিৰে নিজকে পৰিচয় দিছিল।
(Saraca asoca), ৰামায়ণৰ সৈতে সম্পৰ্কিত বাবে প্ৰায়ে সীতা-অশোক নামেৰে জনা যায়৷]]
সীতাই অশোক বাটিকাত ৰাম আৰু ৰাৱণৰ যুদ্ধৰ শেষলৈকে আছিল৷ লংকাত সীতাক বিচাৰি আহোঁতে হনুমানে অশোক বাটিকাৰ বেছিভাগ অংশ ধ্বংস কৰিছিল। লগতে অশোক বাটিকাৰ কেন্দ্ৰত থকা প্ৰমদা বাণো ধ্বংস হৈছিল৷২
বৰ্তমানৰ অৱস্থান
নুৱাৰা এলিয়া চহৰৰ ওচৰত থকা শেথা এলিয়া অঞ্চলৰ হাকজলা বোটানিকেল গাৰ্ডেনে ইয়াৰ বৰ্তমানৰ অৱস্থান বুলি বিশ্বাস কৰা হয়৷ বাগিচাখন হাকগালা শিলৰ ৰূপৰ আধাৰত অৱস্থিত৷ তাত সীতা পোকুনা আছে, যি হাকগালা শিলৰ জংঘলৰ ওপৰৰ এক অনুৰ্বৰ এলেকা, য'ত সীতাক বন্দী কৰি ৰখা হৈছিল বুলি ধাৰণা কৰা হয়৷ সীতা আম্মান মন্দিৰ ইয়াত অৱস্থিত। আন এটা সংযোজিত স্থান হৈছে সীতা এলিয়াৰ, য’ত সীতাই গা ধুইছিল, যাক সীতা ঝৰ্ণা বুলি কোৱা হয়।৩ হিন্দু ধৰ্মতত্ত্বৰ সৈতে সম্পৰ্ক থকাৰ বাবে ঠাইখনে শেহতীয়া বছৰবোৰত সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে৷৪৫
তথ্যসূত্ৰ
- ↑ Sundar Kand - Arrival of Ravana at Ashoka Vatika (English translation)
- ↑ Historic Rama of Valmiki: Shastragrahi Rama, by Visvanath Limaye. Published by Gyan Ganga Prakashan, 1985. Page 142, 189
- ↑ Ramayana sites in Sri Lanka tourslanka.com
- ↑ Tracing evidence of Lord Ram and his times Zee News
- ↑ "Sita's Ashok Van awaits restoration in Lanka". Sify.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশোক বন” প্ৰবন্ধৰ সংশোধন ৫৬৬৭৮৯ (৩১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।