দৰং জিলা জিলাৰ এখন অন্যতম চহৰ ছিপাঝাৰ। পুৰণি ছিফা নদীৰ পাৰৰ ঝাৰণি অঞ্চলেই বৰ্তমানৰ ছিপাঝাৰ বুলি পণ্ডিতসকলে কয়। মঙ্গলদৈ নগৰৰ পৰা ১৫ কিলোমিটাৰ পশ্চিমত অৱস্থিত এই অঞ্চলটো এসময়ত এৰী ৰেচম, মুগা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) আৰু পাটপলু প্ৰতিপালনৰ বাবে বিখ্যাত আছিল। ছিপাঝাৰৰ নতিদুৰতে আছে এটি সূতাকলৰ বৃহৎ উদ্যোগ। ছিপাঝাৰৰ অন্যতম শিক্ষানুস্থান সমূহৰ ভিতৰত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় ( স্থাপিত১৯৩০ চন ), ছিপাঝাৰ মহাবিদ্যালয় ( স্থাপিত১৯৭১ চন ), ছিপাঝাৰ বি.এড॰ কলেজ( স্থাপিত১৯৯৪ চন ) আৰু ছিপাঝাৰ বি.জে. ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিপাঝাৰ” প্ৰবন্ধৰ সংশোধন ২৩৪৮৯৬ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।