অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

গণেশগুৰি

গণেশগুৰি (Ganeshguri) গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এক প্ৰধান ব্যৱসায়িক অঞ্চল। ই অসমৰ গুৱাহাটী চহৰত অৱস্থিত। ইয়াৰ দক্ষিণাংশত অৱস্থিত গণেশ মন্দিৰটোৰ বাবেই এই ঠাইখন গণেশগুৰি নামে পৰিচিত হৈ পৰিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

গণেশগুৰি (Ganeshguri) গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এক প্ৰধান ব্যৱসায়িক অঞ্চল। ই অসমৰ গুৱাহাটী চহৰত অৱস্থিত। ১ ইয়াৰ দক্ষিণাংশত অৱস্থিত গণেশ মন্দিৰটোৰ বাবেই এই ঠাইখন গণেশগুৰি নামে পৰিচিত হৈ পৰিল। গণেশগুৰিৰ মূল চাৰিআলিতেই বিষ্ণু প্ৰসাদ ৰাভা উৰণীয়া সেতু আছে ৷ এই উৰণীয়া সেতুখনৰ তলতেই ২০০৮ চনৰ ৩০ অক্টোবৰত এক ভয়াবহ বোমা বিষ্ফোৰণ সংঘটিত হৈছিল, য’ত প্ৰায় ৩০ জনৰ অধিক নিহত আৰু ততোধিক লোক আহত হৈছিল। নিহতসকলৰ স্মৃতিচাৰণৰ উপলক্ষে এক ভাস্কৰ্য নিৰ্মাণ কৰা হৈছে সেতুখনৰ মাজভাগৰ তলত ৷ বাকী ঠাইসমূহ পাৰ্কিং আস্থান ৷

গণেশগুৰিৰ বিষ্ণু প্ৰসাদ ৰাভা উৰণীয়া সেতুৰ দৃশ্য
গণেশগুৰিৰ বিষ্ণু প্ৰসাদ ৰাভা উৰণীয়া সেতুৰ দৃশ্যছবি: GUWAHATI.jpg: suman bora derivative work: Bhaskarbhagawati · Public domain

উল্লেখযোগ্য স্থান

ইয়াত গণেশ মন্দিৰ, বিশাল মেগা মাৰ্ট, দিশপুৰ হস্পিতাল, দিশপুৰ পলিক্লিনিক, দিশপুৰ মহাবিদ্যালয়, গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাৰোৱাড়ী মন্দিৰ, গণেশগুৰি পাচলি বজাৰ আদি অৱস্থিত ৷

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

গুৱাহাটীৰ উল্লেখযোগ্য ঠাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গণেশগুৰি” প্ৰবন্ধৰ সংশোধন ৩৮৪৯৬৫ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।