ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰৌটা
ৰৌতা অসমৰ ওদালগুৰি জিলাত অৱস্থিত এখন সৰু চহৰ, ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল ৰাজ্য, দক্ষিণ-পূব এছিয়াৰ অন্যতম ৰাজ্য ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযুক্ত। বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন নিয়ন্ত্ৰণ কৰা বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ অধীনত উদালগুৰি জিলাত অৱস্থিত ৰ’টা। ধনশিৰি নদীৰ পাৰত অৱস্থিত ৰৌতা।
-
ৱাইমাৰ গণৰাজ্য
ৱাইমাৰ গণৰাজ্য (Weimarer Republik, ) আছিল ৯ নৱেম্বৰ ১৯১৮ চনৰ পৰা ২৩ মাৰ্চ ১৯৩৩ চনলৈকে জাৰ্মান ৰাষ্ট্ৰৰ এক ঐতিহাসিক সময়ছোৱা, যাৰ সময়ত ইতিহাসত প্ৰথমবাৰৰ বাবে ই এখন সাংবিধানিক গণৰাজ্য আছিল।
-
ৱায়ানাদ জীৰাকশালা চাউল
ৱায়ানাদ জীৰাকশালা চাউল: Wayanad Jeerakasala rice,হৈছে সোণালী হালধীয়া ৰঙৰ পৰম্পৰাগত, অবাছমতী, মধ্যমীয়া দানাযুক্ত সুগন্ধি চাউল, প্ৰধানকৈ ভাৰতৰ কেৰেলা ৰাজ্যত উৎপাদিত। ৱায়ানাড জিলাত ই এক সাধাৰণ আৰু বহুলভাৱে খেতি কৰা শস্য।
-
ৱুডাং পৰ্বতমালা
ৱুডাং পৰ্বতমালা ( Wudang Mountains) চীনৰ হুবেই প্ৰদেশৰ উত্তৰ-পশ্চিম অংশত অৱস্থিত। উত্তৰৰ দেৱতা জুয়ান্টিয়ান শ্বাংডিৰ সৈতে জড়িত তাওবাদী মন্দিৰ আৰু মঠৰ এটা বিখ্যাত কমপ্লেক্সৰ বাসস্থান।
-
মহাৰাষ্ট্ৰ
মহাৰাষ্ট্ৰ (महाराष्ट्र) ভাৰতৰ পশ্চিম ফালৰ এখন ৰাজ্য। ৰাজ্যৰ ৰাজধানীৰ নাম মুম্বাই। এই ৰাজ্যৰ অন্যান্য জনবহুল চহৰ নাগপুৰ আৰু পুনে। এই ৰাজ্যৰ জনসংখ্যা ১১ কোটিৰো অধিক আৰু সাক্ষৰতাৰ হাৰ ৮২.৯ শতাংশ। চৰকাৰী ভাষা মাৰাঠী।
-
এছিয়া
এছিয়া পৃথিৱীৰ বৃহত্তম তথা সৱাতোকৈ জনবহুল মহাদেশ। ই পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। ই পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৮.৭% ঠাই আৱৰি আছে। ইয়াতে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০% লোকে বসবাস কৰে।
-
ৰাছিয়া
ৰাছিয়া, হৈছে উত্তৰ ইউৰেছিয়াৰ এখন ৰাষ্ট্ৰ। ই এখন ফেডাৰেল অৰ্ধ-ৰাষ্ট্ৰপতিয় প্ৰজাতন্ত্ৰ। 17075400 বৰ্গ কি.মি. মাটি-কালিৰ সৈতে ই, পৃথিৱীৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰ। পৃথিৱীৰ বসবাসযোগ্য অঞ্চলৰ প্ৰায় এক অষ্টমাংশ অঞ্চল ৰাছিয়াই অধিকাৰ কৰি আছে।
-
জাৰ্মানী
জাৰ্মানী পশ্চিম ইউৰোপৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। প্ৰায় ৫০০ বছৰ ধৰি সাংস্কৃতিক, ৰাজনৈতিক, সামৰিক আৰু ৰাজনৈতিক দিশৰপৰা জাৰ্মানী পৃথিৱীৰ এখন গুৰুত্বপূৰ্ণ দেশ বুলি পৰিগণিত হৈ আহিছে। ১৭ আৰু ১৮ শতিকাত জাৰ্মানীৰ সীমা উত্তৰ আৰু দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ বিভিন্ন ঠাইলৈ বিস্তৃত হৈ পৰিছিল।
-
নিউয়ৰ্ক মহানগৰ
নিউয়ৰ্ক মহানগৰ (New York City; সংক্ষেপে NYC বা এন ৱাই চি) হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত বিশ্বৰ এক গুৰুত্বপূৰ্ণ চহৰ। ২০১৮ চনৰ অনুমাণিক ৮২,৯৮,৭৪৮ জনসংখ্যাৰে আৰু ৭৮৪ বৰ্গ কিলোমিটাৰ (৩০২.৬ বৰ্গ মাইল) মাটি-কালিৰে নিউয়ৰ্ক মহানগৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বাধিক জনবসতীপূৰ্ণ আৰু সৰ্বাধিক জনঘনত্বৰ চহৰ।
-
ভাৰতীয় উপমহাদেশ
ভাৰতীয় উপমহাদেশ (Indian subcontinent) হৈছে এছিয়া মহাদেশৰ দক্ষিণৰ এক উপদ্বীপ অঞ্চল। এই অঞ্চলটোৰ অধিকাংশই ভাৰতীয় ভূত্বকীয় ফলকত অৱস্থিত আৰু এয়া উত্তৰে হিমালয় পৰ্বতমালাৰ পৰা দক্ষিণে ভাৰত মহাসাগৰলৈ বিস্তৃত্ব।
-
ইউক্ৰেইন
ইউক্ৰেইন পূব ইউৰোপৰ এখন দেশ। ইয়াৰ পূব আৰু উত্তৰ-পূবত সীমান্তৱৰ্তী ৰাছিয়াৰ পিছতে ই ইউৰোপৰ দ্বিতীয় বৃহত্তম দেশ। ইয়াৰ উত্তৰে বেলাৰুছৰ সীমাও আছে; পশ্চিমে পোলেণ্ড আৰু শ্লোভাকিয়া; দক্ষিণ-পশ্চিমে হাংগেৰী, ৰোমানিয়া আৰু মলদোভা; দক্ষিণ আৰু দক্ষিণ-পূবে ক'লা সাগৰ আৰু আজভ সাগৰৰ কাষেৰে এটা উপকূলৰ সৈতে।
-
স্পেইন
স্পেইন (España বা স্পেইন ৰাজ্য (Reino de España) হৈছে ইউৰোপ মহাদেশৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত এখন ৰাষ্ট্ৰ। চৰকাৰৰ প্ৰকাৰ অনুসৰি, দেশখন এখন সংসদীয় গণতান্ত্ৰিক ৰাজতন্ত্ৰ। ই আইবেৰিয়ান উপদ্বীপৰ প্ৰায় ৮৫% অঞ্চল সামৰি লয়।
-
পোলেণ্ড
পোলেণ্ড মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশৰ ৰাজধানী ৱাৰ্ছ'। পোলেণ্ডৰ পশ্চিমে জাৰ্মানী, দক্ষিণে চেক গণৰাজ্য আৰু শ্ল'ভাকিয়া, পূবে ইউক্ৰেন আৰু বেলাৰুছ, আনহাতে উত্তৰে বাল্টিক সাগৰ, লিথুৱানিয়া আৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ পোলেণ্ডৰ সৈতে ডেনমাৰ্কৰ জলসীমান্তত অৱস্থিত।
-
মেক্সিকো
মেক্সিকো (México), আনুষ্ঠানিকভাবে সম্পূৰ্ণ নাম মেক্সিকো যুক্তৰাজ্য (Estados Unidos Mexicanos), হৈছে উত্তৰ আমেৰিকাৰ দক্ষিণাঞ্চলৰ এখন দেশ। দেশখনৰ উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ, দক্ষিণ-পূব দিশত গুৱাটামালা, বেলিজ আৰু কেৰিবিয়ান সাগৰ, আৰু পূবে মেক্সিকো উপসাগৰ অৱস্থিত।
-
ইৰাক
ইৰাক চৰকাৰীভাৱে ইৰাক প্ৰজাতন্ত্ৰ (Arabic: Jumhūrīyat al-‘Irāq দ্ঝুম্হুৰীয়েত এল ইৰাআক়), এখন পশ্চিম এছিয়াৰ ৰাষ্ট্ৰ। ইয়াৰ চাৰিসীমা হৈছে, উত্তৰে তুৰষ্ক, পূৱে ইৰাণ, দক্ষিণপূৱত কুৱেট, দক্ষিণে চৌদি আৰৱ, দক্ষিণপশ্চিমত জৰ্দান আৰু পশ্চিমে ছিৰিয়া। ইয়াৰ দক্ষিণাঞ্চল আংশিক ভাবে আৰব উপদ্বীপৰ ভিতৰত পৰে।
-
চৌদি আৰৱ
চৌদি আৰৱ (العربية السعودية, আল-আআৰাবিইয়া আচ-চাউউদিইয়াহ, চৰকাৰীভাৱে চৌদি আৰৱ সাম্ৰাজ্য নামে পৰিচিত) মধ্যপ্ৰাচ্যৰ এখন ৰাজতন্ত্ৰিক দেশ। ভৌগোলিক ভাৱে ই পশ্চিম এচিয়াৰ বৃহত্তম সাৰ্বভৌম দেশ, আৰৱ বিশ্বৰ ই দ্বিতীয় বৃহত্তম,এছিয়া মহাদেশৰ পঞ্চম বৃহত্তম,আৰু গোটেই বিশ্বৰ ই ১২তম বৃহত্তম সাৰ্বভৌম দেশ।
-
ধুবুৰী
ধুবুৰী (ইং: Dhubri, Pron: ˈdʊbri) হ'ল ধুবুৰী জিলাৰ সদৰ ঠাই। ই ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ পাৰত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ নগৰ। ১৮৮৩ চনত নগৰ খনক পৌৰসভাৰ অন্তৰ্ভুক্ত কৰা হয়। ৰাজ্যৰ ৰাজধানী দিশপুৰৰ পৰা নগৰখনলৈ দুৰত্ব ২৮০ কি.মি.(১৭৪ মাইল)।
-
আহমেদাবাদ
আহমেদাবাদ ভাৰতৰ গুজৰাট ৰাজ্যৰ বৃহত্তম তথা পূৰ্বৰ ৰাজধানী চহৰ। ই আহমেদাবাদ জিলাৰ সদৰ আৰু গুজৰাট উচ্চ ন্যায়ালয় ইয়াতেই অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৫,৬৩৩,৯২৭জন। এই হিচাপে ই ভাৰতৰ পঞ্চম বৃহত্তম চহৰ আৰু আনুমানিক ৬,৩৫৭,৬৯৩জন লোকৰ সৈতে ই ভাৰতৰ সপ্তম বৃহত্তৰ মেট্ৰ'প'লিটান এলেকা।
-
তিনিচুকীয়া
তিনিচুকীয়া (Tinisukia) অসমৰ এখন মুখ্য নগৰ আৰু পৌৰসভা অঞ্চল। ই অসমৰ এক মুখ্য উদ্যোগিক নগৰ। তিনিচুকীয়া জিলাৰ সদৰ। চহৰখনৰ পুৰণি নাম বেংমৰা যি মটক ৰাজ্যৰ ৰাজধানী আছিল। তিনিচুকীয়া নামৰ উৎপত্তি চহৰখনৰ পশ্চিমত থকা তিনিকোণীয়া নামৰ তিনিটা চুক থকা পুখুৰী এটাৰ পৰা হৈছে।
-
কাছাৰ জিলা
কাছাৰ জিলা অসমৰ বৰাক উপত্যকাৰ এখন জিলা। শিলচৰ এই জিলাৰ সদৰ। কাছাৰ জিলাখন এসময়ত বৃহত্তৰ কছাৰী সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।
-
ছুইডেন
ছুইডেন হ'ল ইউৰোপ মহাদেশৰ অন্তৰ্গত এখন দেশ। ইয়াৰ চুবুৰীয়া দেশ হ’ল ফিনলেণ্ড আৰু নৰৱে। ছুইডেনৰ জনসংখ্যা প্ৰায় এক কোটি। ৰাজধানী চহৰখন হৈছে ষ্টকহ’ম, যিখন প্ৰায় ১০ লাখ লোকৰ সৈতে ছুইডেনৰ সৰ্ববৃহৎ চহৰ। ছুইডেনৰ আন দুখন বৃহৎ চহৰ হ'ল গোটেনবাৰ্গ আৰু মালমো।
-
অষ্ট্ৰিয়া
অষ্ট্ৰিয়া, আনুষ্ঠানিকভাৱে অষ্ট্ৰিয়া গণৰাজ্য মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশত প্ৰায় ৮.৫ মিলিয়ন লোকে বাস কৰে। স্থলবেষ্টিত এই দেশৰ উত্তৰে জাৰ্মানী আৰু চেক প্ৰজাতন্ত্ৰ, পূবে স্লোভাকিয়া আৰু হাঙ্গেৰি, দক্ষিণে স্লোভেনিয়া আৰু ইটালী, আৰু পশ্চিমে ছুইজাৰলেণ্ড আৰু লিছটেন্ষ্টাইন আছে।
-
ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ
ভাৰতত ২৮ খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী দিল্লী। প্ৰতিখন ৰাজ্যৰে নিজা প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰ লগতে প্ৰয়োজনীয় বিৱৰণসমূহ উল্লেখ কৰা হৈছে।
-
দক্ষিণ আমেৰিকা
দক্ষিণ আমেৰিকা বা লেটিন আমেৰিকা পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। ই হৈছে চতুৰ্থ বৃহৎ মহাদেশ। মহাদেশখনৰ মাটিকালি ১,৭৮,৪০,০০০ বৰ্গকিলোমিটাৰ, যি পৃথিৱীত মুঠ স্থলভাগৰ ১২%। মাটিকালিৰ ফালৰ পৰা এছিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাৰ পাছতেই ইয়াৰ স্থান।
-
মদিনা
মদিনা (المدينة, চৰকাৰী ভাবে: আল-মদিনা আল-মুনাওয়াৰাহ) অথবা মদিনাহ হিচাপেও ইয়াক অনুবাদ কৰা হয়, হৈছে পশ্চিমী চৌদি আৰৱৰ হেজাজ অঞ্চলৰ এখন চহৰ আৰু আল মদিনাহ প্ৰদেশৰ ৰাজধানী। ই ইছলামৰ দ্বিতীয় পৱিত্ৰ চহৰ য'ত মুছলিম সকলৰ শেষ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ কবৰ আছে।
-
কামৰূপ মহানগৰ জিলা
কামৰূপ মহানগৰ জিলা অসমৰ ৩৩খন জিলাৰ ভিতৰত এখন।
-
এণ্টাৰ্কটিকা
এণ্টাৰ্কটিকা পৃথিৱী এখন মহাদেশ। কুমেৰু অৰ্থাৎ দক্ষিণ মেৰুত এই মহাদেশৰ অৱস্থিত, আৰু এই মহাদেশক পৰিবেষ্টন কৰি আছে দক্ষিণ মহাসাগৰ। এণ্টাৰ্কটিকা পৃথিৱীৰ দক্ষিণতম মহাদেশ হোৱাৰ লগতেই আটাইতকৈ শীতলতম আৰু শুষ্কতম মহাদেশ। ইয়াৰ গড় উচ্চতা আৰু বায়ুপ্ৰবাহবেগও মহাদেশবোৰৰ ভিতৰত সৰ্বাধিক।
-
আটলাণ্টিক মহাসাগৰ
আটলাণ্টিক মহাসাগৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ। ইয়াৰ ক্ষেত্ৰফল ১০,৬৪,০০,০০০ বৰ্গকিলোমিটাৰ (৪,১১,০০,০০০ বৰ্গমাইল); যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ২০% আৰু মুঠ জলভাগৰ ২৬%।
-
চিলি
চিলি (Chile) হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰ যি দক্ষিণ আমেৰিকাৰ দক্ষিণ-পশ্চিম অঞ্চল আৱৰি আছে। দেশখন প্ৰশান্ত মহাসাগৰৰ উপকূলৰ কাষৰ এক দীঘল ফিতাৰ দৰে প্ৰসাৰিত এক ভূখণ্ড। উত্তৰ-দক্ষিণে চিলিৰ দৈৰ্ঘ্য প্ৰায় ৪,২৭০ কিলোমিটাৰ, কিন্তু ইয়াৰ গড় প্ৰস্থ ১৮০ কিলোমিটাৰতকৈও কম।
-
ফিনলেণ্ড
ফিনলেণ্ড উত্তৰ-পশ্চিম ইউৰোপ বাল্টিক সাগৰৰ উপকূলত অৱস্থিত এখন ৰাষ্ট্ৰ। ফিনলেণ্ড ইউৰোপৰ সকলোতকৈ উত্তৰত অৱস্থিত দেশসমূহৰ এখন। ইয়াৰ এক-তৃতীয়াংশ অঞ্চল সুমেৰু বৃত্তৰ উত্তৰত অৱস্থিত। হেলচিংকী ফিনলেণ্ডৰ ৰাজধানী আৰু দেশখনৰ বৃহত্তম চহৰ।