আমিনগাঁও (IPA: ˈɑ:mɪnˌgɑ̃ʊ) উত্তৰ গুৱাহাটী, অসমৰ এটা অঞ্চল।
ভূগোল
আমিনগাঁও -ত অৱস্থিত, যাৰ গড় উচ্চতা সমুদ্ৰ পৃষ্ঠৰপৰা 31 মিটাৰ।১
ইয়াৰ উত্তৰ আৰু পশ্চিমত আছে আগায়াঠুৰী পাহাৰ, দক্ষিণত ব্ৰহ্মপুত্ৰ নদ আৰু পূবফালে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী। নদীৰ কাষত এক্সপ’ৰ্ট প্ৰ’ম’চন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক (EPIP) অৱস্থিত।
অৱস্থান
আমিনগাঁৱৰ মাজেৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। ইয়াৰ নিকটতম বিমানবন্দৰ হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। ইয়াত আগায়াঠুৰী ৰেলৱে ষ্টেচন আৰু ঐতিহাসিক আমিনগাঁও ৰেলৱে ষ্টেচনো অৱস্থিত। আমিনগাঁও গুৱাহাটীৰ সৈতে শৰাইঘাট দলঙৰ জৰিয়তে সংযুক্ত।
ক্ৰিকেট ষ্টেডিয়াম
আমিনগাঁৱত "আমিনগাঁও ক্ৰিকেট খেলপথাৰ" অৱস্থিত, য'ত বিচিচিআই পৰিচালিত কেইবাখনো ক্ৰিকেট মেচ অনুষ্ঠিত হৈছে।২৩
তথ্যসূত্ৰ
- ↑ আমিনগাঁৱৰ মানচিত্ৰ আৰু বতাহ. Falling Rain
- ↑ Acharya, Shayan. (2023-01-09). Amingaon Cricket Ground: A quaint, picturesque venue overlooking the mountains. Sportstar
- ↑ Amingaon Cricket Ground - Cricket Ground in Guwahati, India. ESPNcricinfo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমিনগাঁও” প্ৰবন্ধৰ সংশোধন ৫৩৭২৩৩ (৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।