সাঁচী (Sanchi হ'ল মধ্য প্ৰদেশ ৰাজ্যৰ ৰাজধানী ভূপালপৰা ৪৫ কিলোমিটাৰ দূৰৈত অৱস্থিত এখন নগৰ। এই স্থান বৌদ্ধ স্থাপত্যৰ বাবে বিখ্যাত। খ্ৰীষ্টপূৰ্ব দ্বিতীয় আৰু প্ৰথম শতাব্দীত এইসমূহ নিৰ্মাণ কৰা হৈছিল। কোনো কোনোৰ মতে খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীত সম্ৰাট সম্ৰাট অশোকৰ ৰাজত্বকালত এই স্মাৰকসমৃহ গঢ় লৈ উঠিছিল। এই স্মাৰকস্থলৰ প্ৰধান দ্ৰষ্টব্য স্তুপ ১ গঢ় লৈ উঠিছিল খ্ৰীষ্টপূৰ্ব দ্বিতীয় আৰু প্ৰথম শতাব্দীৰ মধ্যৱৰ্তী সময়ত। খ্ৰীষ্টীয় দ্বাদশ শতাব্দী পৰ্যন্ত এইসমূহ আছিল সক্ৰিয় বৌদ্ধ মঠ। এই মঠপ্ৰাঙ্গনত অনেক মনোলিথিক স্তম্ভ, প্ৰসাদ, মন্দিৰ আৰু বিভিন্ন ধৰণৰ মঠ দেখা যায়। ১৯৮৯ চনৰ ২৪ জানুৱাৰীত ই ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যদা লাভ কৰে। ১৮১৮ চনত পৰিত্যক্ত অৱস্থাত এই স্মাৰকসমূহ আৱিষ্কৃত হয়। তাৰ পাছৰেপৰা পুৰাতাত্বিক খননকাৰ্যত বৰ্তমানে ৫০টি অনন্য স্থাপনাৰ সন্ধান পোৱা গৈছে।১২৩
বাহ্যিক সংযোগ
- "Sanchi (Madhya Pradesh)", Jacques-Edouard Berger Foundation, World Art Treasures
- Monuments at Sanchi (UNESCO World Heritage)
- Photos of Sanchi
তথ্যসূত্ৰ
- ↑ Buddist Monuments at Sanchi. UNESCO
- ↑ List of World heritage in danger. UNESCO
- ↑ Nomination to the World Heritage List. Unesco
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাঁচী” প্ৰবন্ধৰ সংশোধন ৪২৬৮৪৩ (২৬ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।