দিচাং নদী হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনদী। এই নদীৰ দৈৰ্ঘ্য ২৩০ কিঃমিঃ আৰু অৱবাহিকাৰ কালি ৩৯৫০ বৰ্গ কিঃমিঃ।
উৎপত্তি
দিচাং নদীখন অৰুণাচলৰ টিৰাপ জিলাৰ দক্ষিণ অংশৰ পাটকাই পৰ্বতৰ ২৬০০ মিটাৰ ওখ বুম শৃংগৰ পৰা ওলাইছে।
গতিপথ
তাৰ পাচত অৰুণাচল আৰু অসমৰ সীমাৰ কাষেৰে বৈ আহি দিল্লি নদী নাম লৈ নামৰূপৰ দিল্লিঘাট হৈ নামৰূপ ষ্টেচনৰ পৰা ১ কিঃমিঃ দক্ষিণে বৈ গৈ সাপেখাতী সংৰক্ষিত বনাঞ্চল সীমাইদি বৈ লংপতিয়া হৈ টিমক নদীৰ লগ হয়। ইয়াৰ পৰা ৩০ কিঃমিঃ পশ্চিম-দক্ষিণ দিশত বৈ গৈ টাওকাক নদীৰ লগ হয়। তাৰ পাচত ১২ কিঃমিঃ আহি চফ্ৰাই নদীৰ সৈতে লগ লাগি ৫ কিঃমিঃ ভটিয়াই নঙলামৰা হৈ ৰজাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত) পাৰ হৈ ৫ কিঃমিঃ আহি আখৈফুটীয়াৰ বিপৰীত পাৰে বৰ পালেঙী জানৰ লগ হয়। তাৰ পাচত ডিমৌ নদী লগ হৈ ৫ কিঃমিঃ ভটিয়াই আহি দিচাংমুখত ব্ৰহ্মপুত্ৰ নদত পৰিছে।
উপনদী
- টিমন নদী
- টাওকাক নদী
- চফ্ৰাই নদী
- দিৰৈ নদী
- ডিমৌ নদী
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিচাং নদী” প্ৰবন্ধৰ সংশোধন ৫৬৫৭০১ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।