গুৱাহাটী ৰেল ষ্টেচন (ষ্টেচন কোড: GHY) গুৱাহাটী চহৰৰ পল্টন বজাৰত অৱস্থিত। ই অসমৰ বৃহত্তম ৰেলৱে ষ্টেচন, আৰু ভাৰতৰ প্ৰথম সম্পূৰ্ণ-ভাবে সৌৰ-শক্তি দি চলুৱা ৰেল ষ্টেচন।১২ ইয়াৰ কাষতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান অৱস্থিত। গুৱাহাটী ৰেল ষ্টেচনৰ ট্ৰেফিক হ্ৰাস কৰিবৰ বাবে মালিগাঁৱত গুৱাহাটীৰ দ্বিতীয়টো ৰেল জংচন কামাখ্যা ৰেল জংচন উপস্থিত। নতুনকৈ ঘোষিত প্ৰায় সকলোবোৰ ট্ৰেইন কামাখ্যা জংচনৰ পৰাই ৰাওনা হয়।৩
সা-সুবিধা
গুৱাহাটী ৰেল ষ্টেচনত তিনিটা ২খন বিছনাযুক্ত শীত-তাপ নিয়ন্ত্ৰিত ডিলাক্স আৰু দুটা ২খন বিছনাযুক্ত সাধাৰণ শীত-তাপ নিয়ন্ত্ৰিত ৰিটায়াৰিং কোঠা আছে। ইয়াৰোপৰি দুটা ৫খন বিছনাযুক্ত, দুটা ২খন বিছনাযুক্ত আৰু এটা ১২খন বিছনাযুক্ত ডৰমিটৰী আছে।
ট্ৰেইন সেৱা সমূহ
গুৱাহাটী ৰেল ষ্টেচনৰ পৰা অহা যোৱা কৰা কিছুমান উল্লেখযোগ্য ট্ৰেইনৰ নং, নাম, আদিস্থান, গন্তব্য স্থান আৰু দিনৰ সূচী তলত দিয়া হৈছে:৪
| ট্ৰেইন নং. | ট্ৰেইনৰ নাম | আদিস্থান | গন্তব্য স্থান | দিন |
|---|---|---|---|---|
| ৫৫৮০১/০২ | মানস ৰাইনো যাত্ৰীবাহী | নিউ বঙাইগাঁও (ৰঙিয়া হৈ) | গুৱাহাটী | দৈনিক |
| ৫৫৬০৭/০৮ | শিলঘাট যাত্ৰীবাহী | শিলঘাট টাউন | গুৱাহাটী | দৈনিক |
| ৫৫৬০৩/০৪ | কলংপাৰ যাত্ৰীবাহী | মৈৰাবাৰী | গুৱাহাটী | দৈনিক |
| ৫৫৬১৫/১৬ | গুৱাহাটী-শিলচৰ দ্ৰূত যাত্ৰীবাহী | গুৱাহাটী | শিলচৰ | দৈনিক |
| ৫৫৮১৫/১৬ | কপিলী দ্ৰূত যাত্ৰীবাহী | হয়বৰগাঁও | গুৱাহাটী | দৈনিক |
| ৫৫৮০৯/১০ | বহাগী যাত্ৰীবাহী | নিউ বঙাইগাঁও (ৰঙিয়া হৈ) | গুৱাহাটী | দৈনিক |
| ৫৫৮০৫/০৬ | চিলাৰায় যাত্ৰীবাহী | নিউ বঙাইগাঁও (গোৱালপাৰা হৈ) | গুৱাহাটী | দৈনিক |
| ১২০৬৭/৬৮ | গুৱাহাটী - যোৰহাট টাউনজন শতাব্দী এক্সপ্ৰেছ | গুৱাহাটী | যোৰহাট টাউন | দেওবাৰৰ বাহিৰে সদায় |
| ১২৩৪৫/৪৬ | শৰাইঘাট এক্সপ্ৰেছ | হাওৰা | গুৱাহাটী | দৈনিক |
| ১২২৩৫/৩৬ | ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ | ডিব্ৰুগড় | নতুন দিল্লী | সাপ্তাহিক |
| ১২৪২৩/২৪ | ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ | ডিব্ৰুগড় টাউন | নতুন দিল্লী | দৈনিক |
| ১২৫০১/০২ | পূ্ৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ | গুৱাহাটী | নতুন দিল্লী | ত্ৰি সাপ্তাহিক |
| ১২৫০৫/০৬ | নৰ্থ-ইষ্ট এক্সপ্ৰেছ | গুৱাহাটী | আনন্দ বিহাৰ টাৰ্মিনেল | দৈনিক |
| ১২৫০৭/০৮ | গুৱাহাটী - ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ | গুৱাহাটী | ত্ৰিবান্দ্ৰম | সাপ্তাহিক |
| ১২৫০৯/১০ | গুৱাহাটী - বাংগালোৰ এক্সপ্ৰেছ | গুৱাহাটী | বাংগালোৰ চিটি জংচন | ত্ৰি সাপ্তাহিক |
| ১২৫১৩/১৪ | গুৱাহাটী - ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছ | ছেকেন্দ্ৰাবাদ | গুৱাহাটী | সাপ্তাহিক |
| ১২৫১৫/১৬ | গুৱাহাটী - ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ | ত্ৰিবান্দ্ৰম ছেণ্ট্ৰেল | গুৱাহাটী | সাপ্তাহিক |
| ১২৫১৭/১৮ | কলকাতা - গুৱাহাটী গৰীব ৰথ এক্সপ্ৰেছ | কলকাতা | গুৱাহাটী | দ্বি সাপ্তাহিক |
| ১২৫২৫/২৬ | ডিব্ৰুগড় - কলকাতা এক্সপ্ৰেছ | কলকাতা | ডিব্ৰুগড় | সাপ্তাহিক |
| ১৪০৫৫/৫৬ | ব্ৰহ্মপুত্ৰ মেইল | ডিব্ৰুগড় | দিল্লী | দৈনিক |
| ১৫৬০৩/০৪ | কামাখ্যা - লীডু ইণ্টাৰচিটি এক্সপ্ৰেছ | কামাখ্যা জংচন | লীডু | দৈনিক |
| ১৫৬০৫/০৬ | কামাখ্যা - মৰিয়নি ইণ্টাৰচিটি এক্সপ্ৰেছ | কামাখ্যা জংচন | মৰিয়নি | দৈনিক |
| ১৫৬০৯/১০ | অৱধ অসম এক্সপ্ৰেছ | নিউ তিনিচুকীয়া | লালগড় | দৈনিক |
| ১৫৬২৯/৩০ | চেন্নাই এগমোৰ এক্সপ্ৰেছ | চেন্নাই এগমোৰ | গুৱাহাটী | সাপ্তাহিক |
| ১৫৬৩১/৩২ | বাৰমেৰ - গুৱাহাটী এক্সপ্ৰেছ | বাৰমেৰ | গুৱাহাটী | দ্বি সাপ্তাহিক |
| ১৫৬৩৫/৩৬ | দ্বাৰকা এক্সপ্ৰেছ | ওখা | গুৱাহাটী | সাপ্তাহিক |
| ১৫৬৩৯/৪০ | পুৰী - গুৱাহাটী এক্সপ্ৰেছ | পুৰী | গুৱাহাটী | সাপ্তাহিক |
| ১৫৬৪৫/৪৬ | মুম্বাই লোকমান্য তিলক - গুৱাহাটী এক্সপ্ৰেছ | মুম্বাই লোকমান্য তিলক | গুৱাহাটী | দ্বি সাপ্তাহিক |
| ১৫৬৪৭/৪৮ | মুম্বাই লোকমান্য তিলক গুৱাহাটী এক্সপ্ৰেছ | মুম্বাই | গুৱাহাটী | সাপ্তাহিক |
| ১৫৬৫১/৫২ | লোহিত এক্সপ্ৰেছ | গুৱাহাটী | জম্মু তাৱী | সাপ্তাহিক |
| ১৫৬৫৩/৫৪ | অমৰনাথ এক্সপ্ৰেছ | গুৱাহাটী | জম্মু তাৱী | সাপ্তাহিক |
| ১৫৬৫৭/৫৮ | কাঞ্চনজংঘা এক্সপ্ৰেছ | শিয়ালদহ | গুৱাহাটী | দৈনিক |
| ১৫৬৬৫/৬৬ | বি.জি. এক্সপ্ৰেছ | কামাখ্যা | ডিমাপুৰ | দৈনিক |
| ১৫৯০১/০২ | ডিব্ৰুগড়-বাংগালোৰ এক্সপ্ৰেছ | বাংগালোৰ | ডিব্ৰুগড় | সাপ্তাহিক |
| ১৫৯০৩/০৪ | ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ | ডিব্ৰুগড় | চণ্ডীগড় | সাপ্তাহিক |
| ১৫৯০৫/০৬ | ডিব্ৰুগড়-কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ | ডিব্ৰুগড় | কন্যাকুমাৰী | সাপ্তাহিক |
| ১৫৯২৯/৩০ | ডিব্ৰুগড় - চেন্নাই এগমোৰ এক্সপ্ৰেছ | চেন্নাই এগমোৰ | ডিব্ৰুগড় | সাপ্তাহিক |
| ১৫৯৩৩/৩৪ | অমৃতসৰ-ডিব্ৰুগড় এক্সপ্ৰেছ | ডিব্ৰুগড় | অমৃতসৰ | সাপ্তাহিক |
| ১৫৯৪১/৪২ | ঝাঝা ডিব্ৰুগড় এক্সপ্ৰেছ | ঝাঝা | ডিব্ৰুগড় | সাপ্তাহিক |
| ১৫৯৫৯/৬০ | কামৰূপ এক্সপ্ৰেছ | হাওৰা | ডিব্ৰুগড় | দৈনিক |
| ২৫৬১০ | জীৱাছ লিংক এক্সপ্ৰেছ | দাৰভাংগা | গুৱাহাটী | দৈনিক |
| ২৫৬৩১ | বিকানেৰ গুৱাহাটী এক্সপ্ৰেছ | বিকানেৰ | গুৱাহাটী | দ্বি সাপ্তাহিক |
তথ্যসূত্ৰ
- ↑ (November 19, 2019). Guwahati Railway Station Ranked 21 Among A1 Category Stations in India. Gplus
- ↑ (May 15, 2018). Guwahati Railway Station to completely run on Solar Power
- ↑ Guwahati Railway station on searchmytrain.com. searchmytrain.com
- ↑ Guwahati Railway station on indiarailinfo.com. indiarailinfo.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱাহাটী ৰেল ষ্টেচন” প্ৰবন্ধৰ সংশোধন ৪৬৯০৯৬ (৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।