ৰামেশ্বৰম ভাৰতৰ তামিলনাডুৰ ৰামনাথপুৰম জিলাৰ এখন পৌৰসভা। ই পাম্বান প্ৰণালীৰ দ্বাৰা ভাৰতৰ মূল ভূখণ্ডৰ পৰা পৃথক হোৱা পাম্বান দ্বীপত অৱস্থিত আৰু শ্ৰীলংকাৰ মান্নাৰ দ্বীপৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৪০ কিলোমিটাৰ। ই ভাৰতীয় উপদ্বীপৰ প্ৰান্তত মান্নাৰ উপসাগৰত অৱস্থিত।১ পাম্বান দ্বীপক ৰামেশ্বৰম দ্বীপ বুলিও জনা যায় আৰু ই পাম্বান সেতুৰ দ্বাৰা ভাৰতৰ মূল ভূখণ্ডৰ সৈতে সংযুক্ত। ৰামেশ্বৰম হৈছে চেন্নাই আৰু মাদুৰাইৰ পৰা ৰেলপথৰ টাৰ্মিনাছ। এই ঠাইক বাৰাণসীৰ সৈতে একেলগে হিন্দুসকলৰ বাবে ভাৰতৰ আটাইতকৈ পৱিত্ৰ স্থান তথা চাৰ ধাম তীৰ্থযাত্ৰাৰ এক অংশ হিচাপে গণ্য কৰা হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামেশ্বৰম” প্ৰবন্ধৰ সংশোধন ৩০৪৫৫৫ (২৩ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।