অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চাদ

চাদ (Tchad; আৰবী ভাষ: تشاد), চৰকাৰী নাম চাদ প্ৰজাতন্ত্ৰ, মধ্য আফ্ৰিকাৰ এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে লিবিয়া, পূবে চুদান, দক্ষিণে মধ্য আফ্ৰিকান প্ৰজাতন্ত্ৰ, দক্ষিণ-পশ্চিমে কেমেৰুন আৰু নাইজেৰিয়া, আৰু পশ্চিমে নাইজাৰ।

হালনাগাদ: ২৮ এপ্ৰিল ২০২২ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

চাদ (Tchad; আৰবী ভাষ: تشاد), চৰকাৰী নাম চাদ প্ৰজাতন্ত্ৰ, মধ্য আফ্ৰিকাৰ এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে লিবিয়া, পূবে চুদান, দক্ষিণে মধ্য আফ্ৰিকান প্ৰজাতন্ত্ৰ, দক্ষিণ-পশ্চিমে কেমেৰুন আৰু নাইজেৰিয়া, আৰু পশ্চিমে নাইজাৰ। সমূদ্ৰৰ পৰা দূৰত অৱস্থিত আৰু মৰু জলবায়ুৰ কাৰণে চাদক "আফ্ৰিকাৰ মৃত হৃদয়" বোলা হয়।

চাদক তিনটা ভৌগোলিক অঞ্চলত ভাগ কৰা যায়: উত্তৰৰ চাহাৰা মৰুভূমি মৰুভূমি অঞ্চল, মধ্যভাগৰ ঊষৰ চাহেলীয় বেষ্টনী, আৰু দক্ষিণৰ অপেক্ষাকৃত উৰ্বৰ চুদানীয় চাভানা তৃণভূমি অঞ্চল। চাদ হ্ৰদ দেশখনৰ বৃহত্তম আৰু আফ্ৰিকাৰ দ্বিতীয় বৃহত্তম জলাশয়। এই হ্ৰদেৰ নামেৰে দেশখনৰ চাদ নামকৰণ কৰা হৈছে। চাহাৰা অঞ্চলত অৱস্থিত তিবেস্তি পৰ্বতমালাৰ এমি কৌচি চাদৰ সৰ্বোচ্চ পৰ্বতশৃংগ। ৰাজধানী এনজামেনা দেশখনৰ বৃহত্তম চহৰ। চাদত ২০০ কৈ বেছি ধৰণৰ জাতিগত আৰু ভাষাভিত্তিক গোষ্ঠীয়ে বাস কৰে। ফৰাচী আৰু আৰবী ইয়াৰ চৰকাৰী ভাষা। ইছলাম ধৰ্ম সবাতোকৈ বেছি প্ৰচলিত ধৰ্ম।

সম্পৰ্কিত শ্ৰেণী

আফ্ৰিকাৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাদ” প্ৰবন্ধৰ সংশোধন ৩১৯৬৩৫ (২৮ এপ্ৰিল ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।