অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ

ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। ৰাভা জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ব শাসনৰ বাবে অসম চৰকাৰে ১৯৯৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৫ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। ৰাভা জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ব শাসনৰ বাবে অসম চৰকাৰে ১৯৯৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৫ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে। ৰাভা জনজাতিৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু নৃগোষ্ঠীয় উন্নয়নৰ বাবে এই পৰিষদে কাম কৰে।

ইয়াৰ মুখ্য কাৰ্যালয় গোৱালপাৰা জিলাৰ দুধনৈত অৱস্থিত।১

কামৰূপ জিলাৰ ৰাণীৰ পৰা প্ৰায় গোটেই গোৱালপাৰা জিলালৈ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদৰ অধীনত। এই অঞ্চলত বাস কৰা ৰাভা জনগোষ্ঠীৰ লোকৰ দীৰ্ঘদিনীয়া অভাৱ অভিযোগৰ অন্তত এই পৰিষদ গঠন কৰা হৈছিল।

এই পৰিষদৰ প্ৰথম পৰিষদীয় সাধাৰণ নিৰ্বাচন ২০১৩ চনত হৈছিল।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Rabha Council Act challenged in SC, The Assam Tribune
  2. ↑ Assam tribal council polls today amid bandh call, Indian Express

সম্পৰ্কিত শ্ৰেণী

অসমৰ প্ৰশাসনঅসমৰ স্বায়ত্বশাসিত পৰিষদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ” প্ৰবন্ধৰ সংশোধন ৩৮৩৫০০ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।