অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

লামডিং

লামডিং (Pron:/lʌmˈdɪŋ/)(Lumding) অসমৰ নগাওঁ জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই। ই উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ৰে'লৱে জংচন ৰূপে প্ৰখ্যাত।

হালনাগাদ: ১৪ অক্টোবৰ ২০২৩ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

লামডিং (Pron:/lʌmˈdɪŋ/)(Lumding) অসমৰ নগাঁও জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই। ই উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ৰে'লৱে জংচন ৰূপে প্ৰখ্যাত।

ইতিহাস

লামডিং নামটোৰ উৎস ডিমাছা ভাষাৰ ' লামা' আৰু 'ডিং' শব্দ দুটা যাৰ অৰ্থ ক্ৰমান্বয়ে 'বাট' আৰু 'পোন'। গতিকে লামডিঙৰ সম্পূৰ্ণ অৰ্থ পোন আলিবাট। 'লামা' শব্দৰ পৰা অন্য এটা কাষৰীয়া ৰে'লৱে ষ্টেচনৰ 'লামাছাখং' ( Lamasakhong) ৰখা হৈছে, যাৰ অৰ্থ 'সৰু আলিবাটেৰে পূৰ্ণ উপত্যকা (valley of small paths)।

আন্তঃগাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি, মুঠ জনসংখ্যা ৩১,৩৪৭ জন। ১

যাতায়ত ব্যৱস্থা

লামডিং উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য বিভাগ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে বৃহৎ ৰে'লৱে জংচন। এই জংচনটোৱে অসমক ত্ৰিপুৰাৰ সৈতে সংযোজিত কৰিছে। ইয়াটো লামডিং-বদৰপুৰ-শিলচৰ-আগৰতলা হৈ গৈছে।

শিক্ষা

লামডিঙত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-

  • বিদ্যালয়:
    • ৰে'লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়
    • ডনবস্কো হাইস্কুল
    • কেন্দ্ৰীয় বিদ্যালয়
    • দক্ষিণ লামডিং বিদ্যা নিকেতন
    • প্ৰণবানন্দ বিদ্যা মন্দিৰ
    • দক্ষিণ লামডিং উচ্চ মাধ্যমিক বিদ্যালয়
    • বীৰ কনকলতা প্ৰাথমিক বিদ্যালয়

মহাবিদ্যালয়:

    • লামডিং মহাবিদ্যালয়

ৰাজনীতি

লামডিং নগাঁও (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।২

তথ্যসূত্ৰ

  1. ↑ Population Finder. Censusindia.gov.in
  2. ↑ List of Parliamentary & Assembly Constituencies. অসম. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লামডিং” প্ৰবন্ধৰ সংশোধন ৩৮৭৫০১ (১৪ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।