খেন্ বংশ মধ্যযুগত কমতা ৰাজ্য শাসন কৰা এটা ৰাজবংশ। কমতাপুৰত ১৫ শতিকাৰ শেষৰ ফালে অৰাজকতা সৃষ্টি হোৱাত নীলধ্বজ নামৰ এজনে ১৪৪০ চনত কমতাপুৰৰ সিংহাসন দখল কৰে। তেৱেঁই কামৰূপ-কমতাত খেন্ বা খান বা সেন বংশৰ পাতনি মেলে। নীলধ্বজৰ পাছত পুতেক চক্ৰধ্বজ আৰু তাৰ পাছত চক্ৰধ্বজৰ পুত্ৰ নীলাম্বৰ ৰজা হয়। গৃহ কন্দলৰ সুযোগত মুছলমানে আক্ৰমণ কৰাত এই ৰাজবংশই বেছিদিন শাসন কৰিব নোৱাৰিলে। ১৪৯৮ খ্ৰীষ্টাব্দত নীলাম্বৰৰ মৃত্যুত খেন্ বংশৰ অন্ত পৰে।১
তথ্যসূত্ৰ
- ↑ কৌশিক বৰুৱা, শান্তনু. (২০১৫). অসম ইয়েৰ বুক ২০১৬. জ্যোতি প্ৰকাশন. পৃ. ২৩২-৩৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খেন্ বংশ” প্ৰবন্ধৰ সংশোধন ৬০৫২৯৫ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।