প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
জলফাই
জলফাই (বৈজ্ঞানিক নাম: Elaeocarpus serratus) হৈছে এলিঅ’কাৰপেচী (Elaeocarpaceae) পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদৰ ফুলৰ বৰণ বগা। উদ্ভিদৰ আকাৰ মধ্যমীয়াৰ পৰা ডাঙৰ।
-
ডফলা
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত বিভিন্ন জাতি-জনজাতিৰ লোকে একেলগে বসবাস কৰা পৰিলক্ষিত হয়।তাৰ ভিতৰত অৰুণাচল প্ৰদেশত বসবাস কৰা নিচি বা ডফলাসকল অন্যতম। আগতে ভৈয়ামৰ লোকসকলে তেওঁলোকক ডফলা বুলিছিল যদিও বৰ্তমান তেওঁলোকে নিচি বুলিহে নিজৰ পৰিচয় দিয়ে। তেওঁলোকে বসবাস কৰা ঠাইসমূহ নদী আৰু পাহাৰেৰে ভৰা।
-
ঢেঁকীয়া
ঢেঁকীয়া বা ঢেঁকীয়া শাক (বৈজ্ঞানিক নাম: Diplazium esculentum) খাদ্য হিচাপে ব্যৱহৃত এবিধ উদ্ভিদ। এচিয়া আৰু ওচেনিয়াত এই উদ্ভিদ পোৱা যায়। সম্ভৱতঃ ই সৰ্বাধিক গ্ৰহণীয় ঢেকীয়াজাতীয় উদ্ভিদ। ই Athyriaceae পৰিয়ালৰ অন্তৰ্গত Diplazium বৰ্গৰ এবিধ উদ্ভিদ। শ্ৰেণীৰ হিচাপত ই Polypodiopsida-ৰ অন্তৰ্গত।
-
দলমৰা
দলমৰা, ইংৰাজী নাম: Pheasant-Tailed Jacana, বৈজ্ঞানিক নাম: Hydrophasianus chirurgus, অত্যন্ত দীঘল নখ আৰু ভৰিৰে মধ্যমীয়া আকৃতিৰ জলচৰ চৰাই৷
-
দহিকতৰা
দহিকতৰা চৰাইৰ ইংৰাজী নাম Magpie Robin আৰু বৈজ্ঞানিক নাম: Copsychus saularis। এই চৰাইবিধ সাধাৰণতে নাতিশীতোষ্ণ দক্ষিণ এছিয়াৰ বাংলাদেশ, ভাৰত, পাকিস্তান, শ্ৰীলংকা, ইন্দোনেছিয়া, মালয়েছিয়া, চীনৰ দক্ষিণাঞ্চল আৰু ফিলিপাইনত দেখিবলৈ পোৱা যায়।
-
নামবৰ অভয়াৰণ্য
নামবৰ অভয়াৰণ্য (Nambor Wildlife Sanctuary) অসমৰ গোলাঘাটআৰু কাৰ্বি আংলং জিলাত অৱস্থিত এটা সংৰক্ষিত অঞ্চল। ৩৭ বৰ্গ কিঃমিঃ জুৰি থকা এই অঞ্চলটো ২০০০ চনৰ ২৭ জুলাইত অভয়াৰণ্য ঘোষণা কৰা হয়। ইয়াৰ পৰা গোলাঘাট নগৰৰ দূৰত্ব ২৫ কিঃমিঃ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দূৰত্ব ৬৫ কিঃমিঃ।
-
নাৰ্জী
নাৰ্জী গৃহসজ্জাত ব্যৱহাৰ হোৱা এটি সুগন্ধী ফুল। এই ফুলৰ কৃষি প্ৰণালী একেবাৰেই সহজ। ভাৰত উপমহাদেশত অতীতৰে পৰা এই ফুলৰ খেতি আৰু বিভিন্ন কাৰ্য্যত ব্যৱহৃত হৈ আহিছে। নাৰ্জী Compositae গোত্ৰত অন্তৰ্ভুক্ত, বৈজ্ঞানিক নাম Tagetes erecta। । নাৰ্জী ফুল বিভিন্ন জাত আৰু ৰঙৰ হোৱা দেখা যায়।
-
ন্যূনতম উদ্বেগজনক প্ৰজাতি
ন্যূনতম উদ্বেগজনক প্ৰজাতি (ইংৰাজী: least-concern species) বা কম উদ্বেগজনক প্ৰজাতি বন্যপ্ৰাণীৰ এনে কিছুমান প্ৰজাতিৰ গোট যিবোৰক আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাই (IUCN) বন্যপ্ৰাণী সংৰক্ষণৰ কেন্দ্ৰবিন্দু নহয় বুলি মূল্যায়ন কৰিছে কাৰণ এই নিৰ্দিষ্ট বিভাগটোৰ অন্তৰ্গত প্ৰজাতিবোৰ এতিয়াও বন্য…
-
পালেং শাক
পালেং শাক (Spinacia oleracea) এমাৰান্থেচি পৰিয়ালভুক্ত এক প্ৰকাৰৰ সপুষ্পক উদ্ভিদ আৰু জনপ্ৰিয় শাক। ইয়াৰ আদিবাস মধ্য আৰু দক্ষিণ-পশ্চিম এছিয়া। পালেং এবিধ একবৰ্ষজীৱী উদ্ভিদ। পালেং গছ ৩০ চেঃমিঃ পৰ্যন্ত ওখ হয়। অসমত শীতকালত ইয়াৰ খেতি কৰা হয়। ইয়াৰ পাত একান্তৰ, সৰল, ডিম্বাকাৰ বা ত্ৰিভূজাকাৰ।
-
প্ৰাকৃতিক দুৰ্যোগ
প্ৰাকৃতিক দুৰ্যোগ (Natural Disaster) হৈছে পৃথিৱীৰ বায়ুমণ্ডল, জলমণ্ডল, জীৱমণ্ডল বা ভূমণ্ডলৰ ভয়াৱহ বতৰ বা প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত হোৱা এক বিপৰ্যয়জনক পৰিঘটনা।
-
ফুটুকী হৰিণ
ফুটুকী হৰিণ বা চিতল হৰিণ (Axis axis) ভাৰতীয় উপমহাদেশৰ এক থলুৱা হৰিণৰ এক প্ৰজাতি। ১৭৭৭ চনত Johann Christian Polycarp Erxlebenয়ে পোনপ্ৰথমবাৰৰ বাবে ইয়াৰ বৰ্ণনা কৰিছিল। এই মধ্যমীয়া আকৃতিৰ হৰিণবিধৰ মতা প্ৰাণীৰ কান্ধৰ উচ্চতা প্ৰায় ৯০ চেণ্টিমিটাৰ আৰু মাইকী প্ৰাণীৰ ৭০ চেণ্টিমিটাৰ হয়।
-
বকুল
বকুল (বৈজ্ঞানিক নাম:Mimusops elengi) হৈছে মিনাছপ্স্ (Minasops) প্ৰজাতিৰ ই ফুল। এছিয়া আৰু প্ৰশান্ত মহাসাগৰ তীৰবৰ্তী এলেকাৰ ভাৰত, বাংলাদেশ, শ্ৰীলঙ্কা, বাৰ্মা, ইন্দো-চীন, থাইলেণ্ড, আন্দামান দ্বীপপুঞ্জ এলেকা জুৰি এই গছ দেখা পোৱা যায়।
-
বৃশ্চিক
বৃশ্চিক (Scorpion) হৈছে আৰ্থ্ৰোপ’ডা পৰিয়ালৰ অন্তৰ্গত একপ্ৰকাৰ সৰু আকৃতিৰ বিষাক্ত প্ৰাণী। এই প্ৰাণীবোৰ পৃথিৱীৰ প্ৰায় সকলো উষ্ণ আৰু শুষ্ক অঞ্চলত পোৱা যায়। সাধাৰণতে মৰুভূমি, জংঘল, পাহাৰীয়া অঞ্চল আৰু কেতিয়াবা মানুহৰ বসতিতো বৃশ্চিক দেখা যায়।
-
ব্ৰাহ্মী শাক
ব্ৰাহ্মী হৈছে পূৱ ভাৰত, অষ্ট্ৰেলিয়া, ইউৰোপ, আফ্ৰিকা, এছিয়া, আৰু উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ সেমেকা অঞ্চলত পোৱা এবিধ অধিবৰ্ষজীৱি, লতাজাতীয় শাক। ইয়াৰ সাধাৰণ নামসমূহ হৈছে ৱাটাৰ হাইছপ (water hyssop), ৱাটাৰহাইছপ (waterhyssop), থেমি−লিফ্ড গ্ৰেচলা (thyme-leafed gratiola), হাৰ্ব অৱ গ্ৰীছ (herb of grace),
-
বৰ-মানিমুনি
বৰ−মানিমুনি ) হৈছে এপিয়াচিয়া (apiaceae) পৰিয়ালৰ অন্তৰ্গত এবিধ বহুবৰ্ষজীৱি সপুষ্পক ওষধি উদ্ভিদ। ইয়াৰ সাধাৰণ নামসমূহ হৈছে ইণ্ডিয়ান পেনীৱৰ্ট (Indian pennywort), এছিয়েটিক পেনীৱৰ্ট (Asiatic pennywort) বা গটুকলা (gotukola) বা ঠানকুনি (Thankuni) ইত্যাদি। ই এছিয়াৰ সেমেকা অঞ্চলসমূহৰ থলুৱা উদ্ভিদ।
-
বৰনদী অভয়াৰণ্য
বৰনদী অভয়াৰণ্য (Bornadi Wildlife Sanctuary) হিমালয়ৰ পাদদেশত আৰু ভূটানৰ সীমান্তত ওদালগুৰি জিলা আৰু বাক্সা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ পশ্চিম সীমান্তইদি বৈ যোৱা বৰনদী নৈৰ নামেৰে এই অভয়াৰণ্যৰ নামকৰণ কৰা হৈছে।
-
বৰমূগী হাঁহ
বৰমূগী হাঁহ বা খদাহাঁহ(Indian Spot-billed Duck, বৈজ্ঞানিক নাম-Anas poecilorhyncha) বিষূৱীয় অঞ্চল সমূহত প্ৰজনন কৰা এবিধ হাঁহৰ প্ৰজাতি৷ ইয়াক প্ৰধানত: এছিয়া মহাদেশত দেখা পোৱা যায়৷
-
ভাৰতীয় ফেঁটী সাপ
ভাৰতীয় ফেঁটী সাপ (Indian cobra, বৈজ্ঞানিক নাম-Naja naja) ভাৰত উপমহাদেশত দেখা পোৱা এবিধ বিষাধৰ সাপৰ প্ৰজাতি। ভাৰতত হোৱা সাপে খোঁটাৰ ঘটনাৰ সৰহসংখ্যকেই এই সাপবিধৰ দ্বাৰা সংঘটিত হয়। ভাৰতীয় সংস্কৃতিতো এই সাপবিধৰ এক বিশেষ স্থান আছে।
-
ভাৰতীয় শংখচূড় সাপ
ভাৰতীয় শংখচূড় সাপ (বৈজ্ঞানিক নাম: Bungarus caeruleus) ভাৰতীয় উপমহাদেশত স্থানীয়ভাবে পোৱা ইলাপিডি (Elapidae) পৰিয়ালৰ অন্তৰ্গত এবিধ বিষধৰ সাপৰ প্ৰজাতি। ইয়াক কমন ক্ৰেইট (Common krait) আৰু বেংগল ক্ৰেইট (Bengal krait) বুলিও কোৱা হয়।
-
ভীমকল
ভীমকল এবিধ সুস্বাদু কল আৰু এটি অতি বহুলভাৱে ব্যৱহৃত বনৌষধি। অন্যান্য কলৰ প্ৰজাতিৰ পৰা পৃথক হোৱাৰ মুখ্য কাৰণ হৈছে ইয়াৰ মৌলিক আৰু আকাৰত ডাঙৰ বীজ বা গুটি। কিছুমানে ভীমকলক আঠীয়া কল বুলিও কয়। ইয়াক অকল খাদ্য হিচাপেই নহয় আন আন বহু কাৰণটো ইয়াক ব্যৱহাৰ কৰা হয়।
-
মাখিয়তী
মাখিয়তী এবিধ জোপোহা বা গুল্মজাতীয় উদ্ভিদ। ই চিৰা বা ছেই ফলধাৰী গোত্ৰৰ অন্তৰ্গত।
-
মাছৰ পৰিভ্ৰমণ
নিৰ্দিষ্ট কালত কিছুমান মাছ প্ৰজননৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ পৰিভ্ৰমণ কৰি আকৌ উক্ত ঠাইলৈ উভতি অহাকে মাছৰ পৰিভ্ৰমণ বা মাছৰ প্ৰব্ৰজন (Fish migration) বোলা হয়। কিছুমান পৰিভ্ৰমী মাছৰ উদাহৰণ হ'ল: ঈল (Anguilla Anguilla, A.
-
লক্ষ্মী ফেঁচা
লক্ষ্মী ফেঁচা (Barn Owl, বৈজ্ঞানিক নাম: Tyto alba) সমগ্ৰ চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰতে বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত এটা। ইয়াক দুই মেৰু আৰু মৰুভূমি অঞ্চল তথা প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে পোৱা যায়।
-
শামুকভঙা
শামুকভঙা (Asian Openbill/Asian Openbill Stork, বৈজ্ঞানিক নাম: Anastomus oscitans) এবিধ সাৰেং জাতীয় চৰাই।
-
শিঙি মাছ
শিঙি মাছ( Heteropneustes fossilis) এবিধ কলা-ছানেকীয়া, গোঁফ থকা বাকলিবিহীন মাছ। এই মাছ ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, শ্ৰীলংকা, থাইলেণ্ড আৰু ম্যানমাৰত পোৱা যায়। ভাৰতৰ কেৰালা ৰাজ্যত ইয়াক "কাদু" বা "কাৰী" নামে জনাজাত। বাংলাদেশত ইয়াক "শিং মাছ" বোলে। শ্ৰীলংকাত ইয়াক সিংহলী ভাষাত "হুঙা" বোলে।
-
সংৰক্ষণ স্থিতি
আই ইউ চি এন ৰঙা তালিকাত প্ৰজাতিসমূহক মুঠ জনসংখ্যা, জনসংখ্যা হ্ৰাসৰ হাৰ, ভৌগোলিক বিতৰণ, জনসংখ্যা আৰু বিতৰণৰ বিচ্ছিন্নতা আদিৰ ওপৰত ভিত্তি কৰি নটা বিভাগত শ্ৰেণীবদ্ধ কৰা হৈছে। * বিলুপ্ত (Extinct, EX): এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই।
-
হয়কলি
হয়কলি ( Swamp Partridge বা Swamp Francolin, বৈজ্ঞানিক নাম:Francolinus gularis) লাজকুৰীয়া আৰু স্থলচৰ (terrestrial) কুকুৰা (pheasant family, Phasiandae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাই। ইয়াক সাধাৰণতে ভাৰতৰ কিছু অংশত, নেপাল আৰু বাংলাদেশ ত পোৱা যায়।
-
হাংগৰ
হাংগৰ বা শ্বাৰ্ক (Shark) হৈছে মাছৰ এটা গোট। ইহঁতৰ এটা কাৰ্টিলেজৰ দ্বাৰা গঠিত কংকাল, মূৰৰ কাযত পাঁচৰ পৰা সাতটা পৰ্যন্ত ফুল প্ৰণালী থাকে, আৰু বিভক্তিত ফিছা থাকে।
-
হাগা গেন্দেৰা
হাগা গেন্দেৰা(Large Indian Civet, বৈজ্ঞানিক নামঃ Viverra zibetha) দক্ষিণ আৰু দক্ষিণ পূৱ এছিয়াত পোৱা এবিধ জন্তু। ইয়াক আই ইউ চি এনৰ ৰঙা তালিকাত কম উদ্বেগজনক হিচাপে তালিকাভুক্ত কৰা হৈছে। মাংসৰ চাহিদাৰ বাবে ইয়াক চিকাৰ কৰাৰ ফলত আৰু ফান্দত পেলোৱাৰ বাবে বিশ্বত ইয়াৰ সংখ্যা হ্ৰাস পাইছে বুলি ভবা হৈছে।
-
ৰঙালাউ
ৰঙালাউ (Pumpkin, বৈজ্ঞানিক নাম: Cucurbita maxima) হৈছে এটা ডাঙৰ আৰু ঘূৰণীয়া আকৃতিৰ ফল, যি কুকাৰবিটেচিয়া (Cucurbitaces) বৰ্গৰ অন্তৰ্ভুক্ত। এই বৰ্গৰ অন্তৰ্গত অন্যবোৰ উদ্ভিদ, যেনে- কোমোৰা, জাতিলাউ, জিকা, ধুন্দুলী, স্কোৱাছ, কেৰেলা, তৰমুজ আদিৰ লগত ইয়াৰ বিশেষ পাৰ্থক্য এয়ে যে ইয়াৰ সোৱাদ মিঠা।