ন্যূনতম উদ্বেগজনক প্ৰজাতি (ইংৰাজী: least-concern species) বা কম উদ্বেগজনক প্ৰজাতি বন্যপ্ৰাণীৰ এনে কিছুমান প্ৰজাতিৰ গোট যিবোৰক আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাই (IUCN) বন্যপ্ৰাণী সংৰক্ষণৰ কেন্দ্ৰবিন্দু নহয় বুলি মূল্যায়ন কৰিছে কাৰণ এই নিৰ্দিষ্ট বিভাগটোৰ অন্তৰ্গত প্ৰজাতিবোৰ এতিয়াও বন্য অৱস্থাত প্ৰচুৰ পৰিমাণে আছে। এই বিভাগৰ অন্তৰ্গত প্ৰজাতিবোৰক সংকটজনক, সংকটাসন্ন বা (২০০১ চনৰ আগতে) সংৰক্ষণ নিৰ্ভৰ প্ৰজাতি হিচাপে গণ্য কৰা নহয়।
প্ৰজাতিসমূহক "ন্যূনতম উদ্বেগজনক" শ্ৰেণীত স্থান দিব নোৱাৰি যদিহে ইহঁতৰ জনসংখ্যাৰ অৱস্থাৰ মূল্যায়ন কৰা নহয়। অৰ্থাৎ ইয়াৰ বিতৰণ বা জনসংখ্যাৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি ইয়াৰ বিলুপ্তিৰ আশংকাৰ প্ৰত্যক্ষ বা পৰোক্ষ মূল্যায়ন কৰিবলৈ পৰ্যাপ্ত তথ্যৰ প্ৰয়োজন।
মূল্যায়ন
আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ ২০০১ চনৰ শ্ৰেণীবিভাজন আৰু মাপকাঠী (সংস্কৰণ ৩.১) মতে ২০০১ চনৰ পৰা এই শ্ৰেণীটোৰ বাবে সংক্ষিপ্ত ৰূপ "LC" ব্যৱহাৰ কৰা হৈছে।১ ২০০১ চনৰ আগতে "নূন্যতম উদ্বেগজনক" শ্ৰেণীটো "কম সংকটজনক" (Lower risk) শ্ৰেণীৰ এটা উপশ্ৰেণী আছিল আৰু ইয়াক "LR/lc" বা lc বুলি লিখা হৈছিল। আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ আধাৰ তথ্যত থকা প্ৰায় ২০% নূন্যতম উদ্বেগজনক টেক্সনৰ (১৫,৬৩৬ টাৰ ভিতৰত ৩২৬১) বাবে এতিয়াও "LR/lc" ক'ড ব্যৱহাৰ কৰা হয়, যিয়ে ইংগিত দিয়ে যে ২০০০ চনৰ পৰা ইহঁতৰ পুনৰ মূল্যায়ন কৰা হোৱা নাই।
প্ৰজাতিৰ সংখ্যা
"নূন্যতম উদ্বেগজনক প্ৰজাতি"সমূহক আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাই ৰঙা তালিকাৰ অন্তৰ্ভুক্ত শ্ৰেণী বুলি গণ্য নকৰে যদিও ২০০৬ চনৰ আই ইউ চি এন ৰঙা তালিকাত এতিয়াও এই শ্ৰেণীটোৰ প্ৰায় ১৫,৬৩৬টা টেক্সা অন্তৰ্ভুক্ত হৈ আছে। এই শ্ৰেণীত তালিকাভুক্ত প্ৰাণী প্ৰজাতিৰ সংখ্যা মুঠ ১৪,০৩৩টা। ইয়াত ফিলাওটাছ (Philautus) প্ৰজাতিৰ এটা বেং তথা অন্য বহুতো অবৰ্ণিত প্ৰজাতিও অন্তৰ্ভুক্ত হৈ আছে।২ ইয়াৰ উপৰিও এই তালিকাত ১০১ টা প্ৰাণীৰ উপপ্ৰজাতি আৰু ১৫০০ টা উদ্ভিদৰ টেক্সা (১৪১০ টা প্ৰজাতি, ৫৫ টা উপপ্ৰজাতি, আৰু ৩৫ টা জাত) তালিকাভুক্ত কৰা হৈছে। কোনো ভেঁকুৰ বা প্ৰ’টিষ্টা এই শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হোৱা নাই যদিও সেই ৰাজ্যসমূহৰ মাত্ৰ চাৰিটা প্ৰজাতিৰহে আই ইউ চি এন দ্বাৰা মূল্যায়ন কৰা হৈছে। ২০০৮ চনত মানুহকো নূন্যতম উদ্বেগজনক প্ৰজাতি হিচাপে আনুষ্ঠানিকভাৱে মূল্যায়ন কৰা হৈছিল।৩
লগতে চাওক
তথ্যসূত্ৰ
- ↑ 2001 Categories & Criteria (version 3.1). The IUCN Red List of Threatened Species
- ↑ Philautus sp. nov. 'Kalpatta'. The IUCN Red List of Threatened Species
- ↑ Global Mammal Assessment Team. (2008). 'Homo sapiens (human)''
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন্যূনতম উদ্বেগজনক প্ৰজাতি” প্ৰবন্ধৰ সংশোধন ৪২৫৮১৩ (১৪ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।